
শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক বিয়পি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বুলি সেই লিংকটো প্ৰেৰণ কৰা হৈছে।
লিংকটো খুলিলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক বিশেষ সুবিধাৰ তথ্য দিয়া ইণ্টাৰফেচ এটা খোলা যায়। সেই ইণ্টাৰফেচ মতে দাবী কৰা হৈছে যে ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ বিশেষ কিছুমান গ্ৰাহকৰ বাবে কেশ্ব প্ৰাইজ, কেশ্ববেক আৰু অন্য বিভিন্ন সুবিধা প্ৰদান কৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৬৯সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই সুবিধা প্ৰদান কৰা হৈছে বুলি তাত লিখা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই লিংকটো মোবাইল ফোনত খুলি চালোঁ। কাৰণ সেই লিংকটো কম্পিউটাৰত খোল খোৱা নাছিল। লিংকটো খোলাৰ পাছত আমি প্ৰথমে তাত থকা কমেণ্টখিনি চালোঁ। তাত থকা কমেণ্টবোৰত ক্লিক কৰাৰ পাছত আমি কোনোধৰণৰ প্ৰোফাইল বা একাউণ্টৰ সৈতে সংযুক্ত হ’বলৈ সক্ষম নহ’লোঁ। সেই কথাই আমাৰ সন্দেহ বৃদ্ধি কৰিলে।
ইয়াৰ পাছত আমি তাত দিয়া নিৰ্দেশানুসাৰে আগুৱাই গৈ তাত এটা মোবাইল নম্বৰ দিয়াৰ নিৰ্দেশ লাভ কৰিলোঁ। আমি তাত মনেসজা অবৈধ নম্বৰ এটা দি চালোঁ।
কিন্তু তাৰ পাছতো আমি পুৰস্কাৰ অথবা উপহাৰৰ বাবে যোগ্য হোৱা বুলি স্বয়ংক্ৰিয় ঘোষণা লাভ কৰিলোঁ।
মনেসজা অবৈধ মোবাইল নম্বৰ দিয়াৰ পাছতো পুৰস্কাৰ লাভ কৰা বুলি যেতিয়া ঘোষণা আহিল তেতিয়া আমাৰ সন্দেহ আৰু অধিক গাঢ় হ’ল। আমি ইয়াৰ পাছত পৰৱৰ্তী নিৰ্দেশ অনুসৰণ কৰিলোঁ। সেই মৰ্মে আমি ৪৯৯৯ টকা নগদ ধন লাভ কৰা বুলি ঘোষণা পালোঁ।
এইবাৰ সেই ধনৰাশি লাভ কৰাৰ বাবে লিংকটো হোৱাটছযোগে অইন ব্যৱহাৰকাৰী তথা গ্ৰুপলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ আহিল। আমি তাত থকা Continue বুটামটোত একাধিকবাৰ ক্লিক কৰি গৈ থাকিলোঁ যাতে প্ৰেৰণ ১০০ শতাংশ হোৱা বুলি দেখুৱায়।
কিন্তু আমি কোনো হোৱাটছএপ ব্যৱহাৰকাৰী অথবা কোনো গ্ৰুপলৈ সেই লিংকটো প্ৰেৰণ নকৰিলোঁ।
বহুবাৰ এইদৰে Continue বুটামটোত ক্লিক কৰি আকৌ মূল পৃষ্ঠালৈ উভটি আহি থাকোকে এটা সময়ত সেয়া ১০০ শতাংশ সম্পূৰ্ণ হ’ল।
এইদৰে শেষত আমি ১৯, ৪৫,৭২৫.৬২ টকা লাভ কৰা বুলি ঘোষণা আহিল। কিন্তু আমি আমাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ একাউণ্টত কোনো ধৰণৰ ধনৰাশি প্ৰবেশৰ কোনো আনুষ্ঠানিক বাৰ্তা বেংকৰ তৰফৰ পৰা নাহিল। তদুপৰি একাউণ্ট পৰীক্ষা কৰাৰ অন্ততো আমি তাত কোনোধৰণৰ অতিৰিক্ত ধন যোগ হোৱাৰ তথ্য লাভ নকৰিলোঁ।
যিহেতু তাত প্ৰদান কৰা নম্বৰটো কোনো বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থকা বৈধ নম্বৰ নাছিল, গতিকে এইধৰণে ধনৰাশি লাভ কৰাৰ সম্ভাৱনাও নাথাকে। এই কথাই লিংকটো ভুৱা বুলি প্ৰাথমিকভাৱে প্ৰমাণ কৰিছিল।
কিন্তু আমি আৰু অধিক নিশ্চিতিৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট, ফেচবুক পেজ, এক্স হেণ্ডেল, ইনষ্টাগ্ৰাম একাউণ্ট আদি পৰীক্ষা কৰি চালোঁ। কিন্তু ক’তোৱেই তেনেকুৱা কোনো ঘোষণা আমি লাভ নকৰিলোঁ।
শেষত আমি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দিশপুৰস্থিত অসমৰ মুখ্য কাৰ্যালয়ৰ বিষয়া কেশৱ নয়নৰ সৈতে কথা পাতিলোঁ। তেখেতে আমাক জানিবলৈ দিয়ে যে তেনেকুৱা কোনোধৰণৰ সেৱা বা সুবিধা ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰদান কৰা নাই। সেই লিংকটো এছবিআইৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক লিংক নহয়।
এইদৰেই আমি নিশ্চিত হৈছোঁ যে যিটো লিংক ষ্টেট বেংক অৱ ইণ্ডিয়াই বিশেষ গ্ৰাহকৰ বাবে ৬৯সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নগদ ধনৰ উপহাৰ তথা কেশ্ববেকৰ সুবিধা দিছে বুলি বহুলভাৱে প্ৰচাৰ কৰা হৈছে, সেইটো ভুৱা। তেনেকুৱা কোনো সুবিধা বেংকটোৱে প্ৰদান কৰা নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ষ্টেট বেংক অৱ ইণ্ডিয়াই বিশেষ গ্ৰাহকৰ বাবে ৬৯সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নগদ ধনৰ উপহাৰ তথা কেশ্ববেকৰ সুবিধা দিছে বুলি বহুলভাৱে প্ৰচাৰ কৰা লিংকটো ভুৱা। তেনেকুৱা কোনো সুবিধা বেংকটোৱে প্ৰদান কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰাহকলৈ কোনো ধৰণৰ নগদ ধনৰ উপহাৰ বা পুৰস্কাৰৰ সুবিধা প্ৰদান কৰা নাই।
Written By: Pranjal SharmaResult: False
