জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু ব্যক্তিগতভাৱেও ব্যৱহাৰকাৰীলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেই দৃশ্য মুম্বাইৰ বুলি দাবী কৰা হৈছে। দেখা গৈছে যে এটা ব্যস্ত ঘাইপথত এখন জ্বলন্ত গাড়ী স্বয়ংচালিতভাৱে আগুৱাই গৈ আছে। ভিডিঅ’টোৰ ওপৰত সেয়া মুম্বাইৰ মালাডৰ বুলি লিখা থকা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdeJfBTf0DOdWdGv5FQmwby10A463CVQNZtG1BUK75wm-Jfhv7IshG7oy6D7j517F7qKD0RdE0fNmmlLCl4uf1grnQa6V504NMyZq9s0w6g-AbwT8Oq27RHEoH7mzUGsZUyCTZgTFXUDUDh6bg9Mhw1_REz?key=yrUWg3EBMgToCu5yzQhMqQ

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ।  ফলত আমি ২০২৪ চনৰ ১৩ অক্টোবৰত দ্য হিন্দুস্তান টাইমছত প্ৰকাশিত এটা বাতৰিৰ প্ৰতিবেদন পালোঁ। প্ৰতিবেদনৰ শিৰোনামত লিখা আছিল, “জয়পুৰত জুইৰ শিখাই আগুৰি ধৰা চালকবিহীন গাড়ী। নিজৰ নিৰাপত্তাৰ বাবে মটৰচাইকেল আৰোহীয়ে পলায়ন কৰে আৰু লগে লগে এক আতংকৰ সৃষ্টি হয়। চাওক”।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXctccE2MljWL6VD9V4RvvfwlbKkIJMode84BRpw-zxXgpwZ_djEIfyYlVecQuoEbS7D_j_LG-ha1KnK7eA0wNAUOKfzTyXEcJR7X_yxyusHAQUfAs_AirkwJP8UVt3mQC64KThittZEhaIBkuZ_E7EVyf4o?key=yrUWg3EBMgToCu5yzQhMqQ

প্ৰতিবেদন অনুসৰি, “শনিবাৰে জয়পুৰৰ আজমেৰ ৰোডৰ ঘাইপথৰ পৰা সুদৰ্শনপুৰা পুলিয়া অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এখন চালকবিহীন গাড়ী জুইত জাহ যায়। এক নাটকীয় পৰিঘটনাত জ্বলি থকা বাহনখনে এখন ৰখাই থোৱা মটৰ চাইকেলৰ সৈতে খুন্দা মৰাৰ ফলত ওচৰৰ মটৰচাইকেল আৰোহীসকলে হুলস্থুল কৰিবলগীয়া হয়।” জ্বলি থকা গাড়ীখনে অৱশেষত ৰোড ডিভাইডাৰত খুন্দা মাৰে, কিন্তু সৌভাগ্যক্ৰমে ব্যস্ত যান-জঁটৰ মাজতো কোনো লোক আহত হোৱাৰ খবৰ পোৱা নগ’ল”।

সেই প্ৰতিবেদন ইয়াতে পঢ়ক।

 Archived Link.

ইয়াৰ পাছত আমি একেটা ভাইৰেল ভিডিঅ’ এনডিটিভিৰ অফিচিয়েল ইউটিউব চেনেলত ২০২৩ চনৰ ১৩ অক্টোবৰত আপলোড হোৱা দেখিলোঁ।ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছে, “জয়পুৰৰ পথত জুইলগা স্বয়ংচালিত গাড়ী এখন দেখা গ’ল। গাড়ীখনৰ মালিক আছিল আলৱাৰৰ মুকেশ গোস্বামী আৰু তেওঁৰ বন্ধু জিতেন্দ্ৰ জংগীদে গাড়ীখন চলাই আছিল। তেওঁ গাড়ীত থকা ব্ল’ৱাৰৰ পৰা ধোঁৱা ওলোৱা গম পায় আৰু হঠাতে গাড়ীখনত জুই লাগে। অগ্নিনিৰ্বাপক বাহিনীক জুই নিৰ্বাপন কৰিবলৈ মাতি অনা হৈছিল”।

ইয়াৰ উপৰিও আমি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা বাতৰিৰ প্ৰতিবেদন পাইছিলোঁ, য’ত শিৰোনাম আছিল, “চাওক: জয়পুৰত ড্ৰাইভাৰবিহীন গাড়ীত জুই লাগিছে, ব্যস্ত পথৰ মাজেৰে বেগেৰে গৈছে”। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdGUrxjeltRrdJhM2FwZoc2gMcxowGq-5U7MpPohQFQEkhfA9So8Gn8EU6sqkCIn0yp2-kuMLgkKqpRoipV-LlR6zplc5lHwc22yJFvDFITmNF_KSniV2_IqPXBLEKU2pSznl2-_iczWHbJSoMqj2hV6z-X?key=yrUWg3EBMgToCu5yzQhMqQ

ইয়াতে পঢ়ক.

 Archived Link.

একেধৰণৰ লেখা ইয়াতে পঢ়িব পাৰিব 

Archived Link.

পুনৰ প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰোতে আমি ফেচবুকত এটা ভিডিঅ’ পাইছিলোঁ যিটো অলপ বেলেগ এংগেলৰ পৰা শ্বুট কৰা হৈছিল। সেই ভিডিঅ’টোত জ্বলি থকা গাড়ীখন ডিভাইডাৰত খুন্দা মাৰি ৰৈ যোৱা দেখা গৈছে। ফেচবুক পোষ্টটোৰ কেপচনত লিখা আছিল, “জয়পুৰত এক নাটকীয় কাণ্ড সংঘটিত হয় যেতিয়া এখন মানৱবিহীন, জ্বলি থকা গাড়ীয়ে আজমেৰ পথৰ পৰা সুদৰ্শনপুৰা পুলিয়া অভিমুখে চলি যায়। জুইৰ শিখাৰে আগুৰি থকা গাড়ীখনে এখন ৰখাই থোৱা মটৰ চাইকেলৰ সৈতে খুন্দা মৰাৰ লগে লগে মটৰচাইকেল আৰোহীসকলে আঁতৰি পলাবলৈ বাধ্য হয়।” 

Facebook Link | Archived Link.

অধিক নিশ্চিতকৰণৰ বাবে আমি ঠাইখনৰ জিঅ’লকেশ্যন কৰিলোঁ আৰু সেইটো ইয়াত দেখা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeFdmLgFn-vgbpl_tzEdmtV3TtI_J5Vm7krnawCKjXaiNspt9Hv4ivqRvubtzT-hem6q6KX2obWRD_ABNGih0KME9l0nEwiBo9JEQvJ-7PKW4gv2kDvSNjEcPc3EjEZXZCs3ZHcQanaWCBR1QIyYNFQP_tS?key=yrUWg3EBMgToCu5yzQhMqQ

ফেচবুকৰ ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু গুগল মেপৰ ছবিখনৰ তুলনা তলত চাব পাৰিব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXepCUxzUVM302dBdVYDcFDBmdnphX_g_Ox-izreWrRs47Stgguu2HhZGFMwmSmZDXE-ZSJjLlASwbVVc-RP0ABsOgsk9WkM6kGHOjyg2bkFqSu2xxSolDPacEaGLiyIZBKe0dyXxf-PqwWL_MDiCWdv92xt?key=yrUWg3EBMgToCu5yzQhMqQ

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ জয়পুৰৰ। মুম্বাইৰ মালাডৰ নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।  ভাইৰেল ভিডিঅ’টো মুম্বাইৰ মালাডৰ নহয়। ভিডিঅ’টোত দেখা গৈছে ৰাজস্থানৰ জয়পুৰৰ ব্যস্ত আজমেৰ ৰোডৰ মাজেৰে এখন চালকবিহীন জ্বলি থকা গাড়ী।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma  

Result: False