কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান ঘটাৰ পাছৰে পৰা অসমত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। তেনেকুৱা একাধিক ভাইৰেল ফটোৰ সত্যতা আমি নিৰূপণ কৰি বিভিন্ন লেখা প্ৰকাশ কৰি আহিছোঁ। অতি শেহতীয়াকৈ পেৰিছ অলিম্পিকত পদকবিজয়ী বক্সাৰ ইমান খেলিফৰ মুখেৰে সৈতে এখন ফটো ভাইৰেল হৈছে। ইমান খেলিফে প্ৰতিপক্ষৰ বক্সাৰ ইটালীৰ এঞ্জেলা ছাৰিনীক পৰাভূত কৰাৰ সময়তে বহুতেই দাবী কৰিছিল যে ইমান খেলিফ আচলতে এগৰাকী পুৰুষহে। মহিলাৰ ৰূপ ধাৰণ কৰি তেওঁ মহিলা বক্সিঙত ভাগ লোৱা বুলি সেই সময়ত বহুতেই দাবী কৰিছিল। সম্প্ৰতি যিখন ফটো ভাইৰেল হৈছে তাত এগৰাকী সুগঢ়ী পুৰুষৰ শৰীৰৰে সৈতে খেলিফৰ মুখখন দেখা গৈছে আৰু দাবী কৰা হৈছে যে খেলিফ আচলতে পুৰুষ হে। আমি ইতিমধ্যেই সত্যতা নিৰূপণ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বহুকেইখন ফটোৰ কথা পোহৰলৈ অনাৰ দৰে এই ফটোখনৰো সত্যাসত্য নিৰূপণৰ চেষ্টা কৰিছিলোঁ। আজিৰ এই লেখাত আমি এইধৰণে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোসমুহৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। লগতে ইমান খেলিফৰ সেই ফটোখনো যে কৃত্তিমভাৱেহে সৃষ্টি কৰা হৈছে, তাকো প্ৰতিপন্ন কৰি দেখুৱাব খুজিছোঁ। নিম্নোক্ত ফটোখন ভাইৰেল হৈছে ইমান খেলিফৰ ফটো বুলি। ফেচবুকত ব্যংগাত্মকভাৱে সেই ফটোখন আপলোড কৰা হৈছে।
সেই ফেচবুক পোষ্টটো যথেষ্ঠ শ্বেয়াৰো হোৱা দেখা গৈছে। ৰসাত্মকভাৱে পোষ্টটো দিয়া হৈছে যদিও কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে সেয়া সত্য বুলি মানি লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে।
ইয়াৰ সত্যাসত্য অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখনত কিছুমান ভুল লক্ষ্য কৰিলোঁ। যেনে ফটোখনৰ পৃষ্ঠত বিকৃত মুখাৱয়বৰ এজন মানুহ, বাওঁফালে শৰীৰৰ সৈতে অমিল হাত থকা এজন মানুহ, সোঁফালে ওলাই অহা হাতখন যেন জোখতকৈ ডাঙৰ আৰু অমিল নখ আছে। পিছৰজনে হাতত টিকট এটা লৈ আছে য’ত লিখা কথাখিনি সম্পূৰ্ণ অপাঠ্য।
তদুপৰি পেৰিছ অলিম্পিকৰ সময়ৰ খেলিফৰ ফটো আৰু খেলিফৰ ভাইৰেল ফটোত তেওঁৰ শৰীৰৰ গঠনত পাৰ্থক্যও আমি লক্ষ্য কৰোঁ। ভাইৰেল ফটোখনত তেওঁৰ শৰীৰৰ গঠন অলিম্পিকৰ সময়ৰ ফটোতকৈ অধিক কঠিন,পেশীবহুল আৰু পুৰামাত্ৰাই পুৰুষসুলভ।
ইয়াৰ পাছত আমাৰ অনুসন্ধানত মিডজাৰ্ণী প্ৰম্পট নামৰ এটা এক্স হেণ্ডেলে কৰা ২৪ আগষ্টত কৰা এটা টুইট লাভ কৰিলোঁ। মিডজাৰ্ণী হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰে ফটো সৃষ্টি কৰা এটা গোট। তেওঁলোকে টুইটটোত ইমান খেলিফৰ সেই ফটোখন অন্তৰ্ভুক্ত কৰি সেয়া কৃত্ৰিমভাৱে সৃষ্টি কৰা বুলি উল্লেখ কৰিছে।
এক্স লিংক
তদুপৰি আমিও আমাৰ ফালৰ পৰা সেই ফটোখন কৃত্ৰিমভাৱে সৃষ্ট হয়নে সেয়া পৰীক্ষা কৰিলোঁ। একাধিক এআই ডিটেক্টৰ ৱেবছাইটত আমি সেই ফটোখন পৰীক্ষা কৰোতে সেয়া কৃত্ৰিমাভাৱে সৃষ্ট বুলি ধৰা পৰে।
ট্ৰু মিডিয়াৰ মতে সেয়া কৃত্ৰিম ফটো
হাগিংফেচৰ মতেও সেয়া কৃত্ৰিম ফটো
আৰু হাইভ মোডাৰেছনৰ মতেও সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ফটো।
এইখিনি তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ইমান খেলিফ প্ৰকৃততে এগৰাকী পুৰুষ বুলি দাবী কৰি ভাইৰেল কৰা সেই ফটোখন আচলতে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাত এআইৰ জৰিয়তে হে সৃষ্টি কৰা হৈছে।
ইতিপূৰ্বে আমি সামুদ্ৰিক গৰুৰ দৰে প্ৰানী উদ্ধাৰ হোৱা বুলি দাবী কৰি ভাইৰেল কৰা এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছিলোঁ আৰু প্ৰমাণ কৰি দিছিলোঁ যে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।
তাৰ পাছত আমি নাহৰফুটুকী বাঘৰ মুখৰ কোনো মাছ অসমৰ ওডালগুৰি জিলাত উদ্ধাৰ হোৱা বুলি দাবী কৰা এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেয়াও কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি প্ৰমাণ কৰিছিলোঁ। সেই লেখাটোও আপোনালোকে ইয়াত পঢ়িব পাৰিব।
আনকি বলুকাত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ অৱয়ব সাজি উলিওৱা বুলি দাবী কৰি ভাইৰেল কৰা ফটোকেইখনমানৰো সত্যতা নিৰূপণ কৰি সেয়া কৃত্ৰিমভাৱে সৃষ্টি কৰা বুলি আমি প্ৰমাণ কৰি দিছিলোঁ। সেই লেখা ইয়াত আছে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো অসত্য। ইমান খেলিফ পুৰুষ বুলি দাবী কৰি ভাইৰেল কৰা ফটোখন আচলতে কৃত্ৰিমভাৱে সৃষ্টি কৰা। সময়ে সময়ে এইধৰণে কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত উপলব্ধ হৈ পৰে। সেই ফটো আৰু ভিডিঅ’সমুহক বহুলোকে সত্য বুলি পতিয়ন যায়। কিন্তু প্ৰকৃত অনুসন্ধানত স্পষ্ট হৈ পৰে যে সেইবোৰ আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’ কি? কিদৰে সৃষ্টি কৰা হয় এই ফটো আৰু ভিডিঅ’? কিদৰে ধৰা পেলাব পাৰি এআই সৃষ্ট ফটো আৰু ভিডিঅ? অসমত ইয়াৰ শেহতীয়া প্ৰভাৱ
Fact Check By: Pranjal SharmaResult: Insight
