
শেহতীয়াকৈ এগৰাকী কণমানি ছোৱালীয়ে ৰাম ভজন গোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যেন কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গান এটি গাইছে আৰু বলীউডৰ সংগীত জগতৰ বহুকেইগৰাকী শিল্পীয়ে (নেহা কক্কৰ, হিমেশ ৰেছমিয়া, বিশাল দাদলানী, প্যাৰেলাল ইত্যাদি)সেয়া শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কণমানি জনি কণ্ঠত এটি সুন্দৰ গীত”।
কিন্তু সঁচাকৈয়ে এই কণমানিজনীয়ে গানটো গাইছেনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে কণমানিজনীয়ে গানটো গোৱা সময়ত কেৱল মুখখন আৰু চকুযুৰিহে লৰচৰ হৈছে। শৰীৰ অংশ স্থিৰ হৈ আছে। গতিকে আমাৰ সন্দেহ হ’ল আৰু তেতিয়া আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বট কিছুমান লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি Pinterest নামৰ ৱেবছাইটত এখন ফটো পালোঁ যি আছিল ভাইৰেল ভিডিঅ’টোত থকা কণমানিজনীৰ সৈতে সাইলাখ একেই।
অনুগ্ৰহ কৰি ইয়াত চাওক। Archived Link
এইবাৰ আমি আন স্ক্ৰীণশ্বটৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি SET India ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কিছু দৃশ্যাংশ দেখিলোঁ। ইউটিউবত আপলোড কৰা ভিডিঅ’টো ইণ্ডিয়ান আইড’ল অনুষ্ঠানৰ। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ২৫ মাৰ্চত।এই ভিডিঅ’টোত নিমন্ত্ৰিত অতিথি হিচাপে আছিল কণ্ঠশিল্পী উদিত নাৰায়ণ আৰু তেওঁৰ পত্নী দীপা নাৰায়ণ।
তলত ভাইৰেল ভিডিঅ’টো আৰু ইউটিউবত পোৱা ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা চাব পাৰিব।
আমি পুনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি SET India ইউটিউব চেনেলত আন এটা ভিডিঅ’ পালোঁ যিটো আপলোড কৰা হৈছিল ২০২২ চনৰ ২২ ডিচেম্বৰত। সেই ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতেও ভাইৰেল ভিডিঅ’টোৰ কিছু দৃশ্যাংশৰ মিল দেখা গ’ল। ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোও ইণ্ডিয়ান আইড’ল অনুষ্ঠানৰেই। এই ভিডিঅ’টোত গীতিকাৰ সন্তোষ আনন্দৰ সৈতে হোৱা কথোপকথনৰ দৃশ্য দেখুওৱা হৈছিল।
তলত ভাইৰেল ভিডিঅ’টো আৰু ইউটিউবত পোৱা ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা চাব পাৰিব।
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ইণ্ডিয়ান আইড’ল অনুষ্ঠানৰ বিভিন্ন দৃশ্যাংশ আৰু Pinterest ৱেবছাইটত উপলব্ধ এখন ফটো সম্পাদনা কৰি সংলগ্ন কৰি ভাইৰেল ভিডিঅ’টো নিৰ্মাণ কৰা হৈছিল। উল্লেখযোগ্য যে ফটোক ভিডিঅ’ৰ ৰূপ দিব পৰা বহু টুল (সমল) ইণ্টাৰনেটত উপলব্ধ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গানটো গোৱা নাই। কণমানিজনীৰ মূল ফটোখন সম্পাদনা কৰি ভিডিঅ’ৰ ৰূপ দিয়া হৈছে আৰু লগতে ইণ্ডিয়ান আইড’ল অনুষ্ঠানৰ বিভিন্ন দৃশ্যাংশ সংলগ্ন কৰি ভাইৰেল ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সঁচাকৈয়ে এই কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গানটো গাইছে নেকি?
Fact Check By: Debanjana BaishyaResult: False
