ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

False Political

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল। 

https://lh7-us.googleusercontent.com/docsz/AD_4nXcbytkXt51HZw0RxwRm2_inouzwRDQwQjpHHDGqOZXxO6_Mc9QkG1mgpW8BsK779m-vdxqthsCSnwqzU_vK2mszRyaRmThKQVgvvzLXFBsijNWlebQIrc254YRIvLutuurOTbzOCNsA3_3JUfpPbvPw7olz?key=N82ZIpfNKzhAi7jhYizjCw

এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া দাবী সত্য হয়নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXeWc3XFSXIAIjUorVvNHCBCd3sPdhopX9R33g0G_yFRVjXvb574HtqvZS-O6Nom--yp4epNhq7nQQXNQFLtzgYZa11w89BuRqkSwZZ2V1QeSWBqLCLfOH0ZmM4S5-us-rnu6bdgUtR1zVwqeR3J?key=N82ZIpfNKzhAi7jhYizjCw

Archived Iink

 কিন্তু এই দাবী সত্য হয়নে?   

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ। তেতিয়া ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত দিব্যা মাদেৰ্না নামেৰে ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা একেখন ফটো পালোঁ। পোষ্টটোৰ কেপচনত লিখা আছিল, “ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আদৰণি জনাইছো”

Archived Link

ইয়াৰ পাছত আমি দিব্যা মাদেৰ্নাৰ বিষয়ে অধিক তথ্য বিচাৰিলোঁ। প্ৰাপ্ত তথ্য অনুসৰি দিব্যা মাদেৰ্না হৈছে ৰাজস্থানৰ লোহাৱট সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcFlWNtVTI63W2z3xRaka_fI8IHbHXdY05V3TlJucPqDjb5I5FjZmD8Ru6FTlD0S71P4KUJ2Bhat1jC-aL5onJp90_CBwk_6H4CDyV8UQvWx-vBht67K874a-c1y36op1a9LPNBY9MoGrnHNKlQd9qi8P4?key=N82ZIpfNKzhAi7jhYizjCw

তাৰোপৰি ১৪ ফেব্ৰুৱাৰীত তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত পোষ্ট কৰা একেটা অনুষ্ঠানৰে আন কেইখনমান ফটোও আমি পালোঁ। তেওঁৰ পোষ্টটোত তেওঁ এইদৰে শ্ৰীমতী ছোনিয়া গান্ধীক ৰাজস্থানৰ পৰা কংগ্ৰেছ পাৰ্টিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ পূৰণৰ পাছত অভিনন্দন জনায়।

Archived Link

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল হৈ পৰা ফটোখনত থকা মহিলাগৰাকী কুলৱিন্দৰ কৌৰ নহয়। তেওঁ ৰাজস্থানৰ কংগ্ৰেছ সাংসদ দিব্যা মাদেৰ্না হে।

তলত কুলৱিন্দৰ কৌৰ আৰু দিব্য মাদেৰ্নাৰ ফটোৰ এক তুলনা চাব পাৰিব।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdyGwUsXt8nLIdTi-FKI6Mhz-PdfBTnQ5YN9AukyeRkDfwU7HESL_5NUXh5EyAlGAzLC5M6EUgDl5H4on2z-gXrXKCoN9APgXHDt_XWu4vW9EP9s8-BfJK0kNcA6aHA8WCjy2gZE_jOi0oJXtsd9dsaQ14?key=N82ZIpfNKzhAi7jhYizjCw

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে কুলৱিন্দৰ কৌৰক দেখা যোৱা নাই। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *