
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’।
এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰাসংগিক কীৱৰ্ড চাৰ্চ কৰি আমি ২০২৪ চনৰ ২ মাৰ্চত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ পালোঁ।মধ্যপ্ৰদেশৰ মৰেনাত ৰাইজক সম্বোধন কৰি ৰাহুল গান্ধীয়ে এই ভাষণ দিছিল। এই ভিডিঅ’টোত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পতাকা হস্তান্তৰ অনুষ্ঠানৰ বিষয়ে আলোচনা কৰা হৈছে। এই ভিডিঅ’টোৰ ১৯ মিনিট ৪৫ ছেকেণ্ডৰ টাইমষ্টেম্পত আমি ভাইৰেল ক্লিপটো পালোঁ।
তেওঁ কয়, ‘দেশত দুটা মতাদৰ্শৰ মাজত কাজিয়া হৈছে। ঘৃণা আৰু প্ৰেমৰ মাজত যি যুঁজ চলি আছে, অহিংসা আৰু হিংসাৰ মাজত যি যুদ্ধ চলি আছে সেয়া স্পষ্টকৈ দেখা গৈছে। এফালে বিজেপিয়ে এটা ধৰ্মক আন এটা ধৰ্মৰ পৰা বিভাজিত কৰি আছে, এটা জাতিক আন এটা জাতিৰ পৰা বিভাজিত কৰি আছে, এখন ৰাজ্যক আন এখন ৰাজ্যৰ পৰা বিভাজিত কৰি আছে। আনহাতে, কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।”
ওপৰৰ ভিডিঅ’টো চোৱাৰ পিছত আমি স্পষ্টকৈ গম পালোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰি শ্বেয়াৰ কৰা হৈছে। মূল ভিডিঅ’টো এনেদৰে সম্পাদনা কৰা হৈছে যাতে ৰাহুল গান্ধীয়ে বিজেপি দলক প্ৰশংসা কৰি নিজৰ দলটোক সমালোচনা কৰা যেন লাগে। তলত ভাইৰেল আৰু সম্পাদিত ভিডিঅ’ৰ তুলনা চাব পাৰিব
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। প্ৰকৃত ভিডিঅ’টোত ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কৈছিল যে ধৰ্ম আৰু জাতিৰ নামত বিজেপিয়ে মানুহক বিভাজিত কৰিছে। তেওঁ নিজৰ দলটোক সমালোচনা কৰা নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?
Fact Check By: Debanjana BaishyaResult: Altered
