এইখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেল নহয়।  

False Social

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ফটোখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেলৰ হয় নেকি। 

Archived Link   

কিন্তু এই দাবী সত্য হয়নে?   

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২২ চনত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰা একেখন ফটো দেখিলোঁ। কেপচনত লিখা আছে যে এয়া স্প্ৰিং হুইল থকা মিলিটাৰী চাইকেলৰ ফটো আৰু ইয়াক ১৯০০ চনত ব্যৱহাৰ কৰা হৈছিল। তাৰ লগতে ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ বাবে এটা ৱেবছাইটক ক্ৰেডিটো দিছিল।

https://www.facebook.com/mechanicaleducation/posts/pfbid0RMdLcpdZHJ5hyarrsPoo3MJjzGXVe6pMe4k3NCXvXd6qhpv4af7MtxqkmUt8H4HUl?ref=embed_post

ওপৰৰ পোষ্টটোৰ সূত্ৰ লৈ আমি সেই ৱেবচাইটটো চালোঁ। আমি দেখিলোঁ যে চাইকেলখনৰ একেখন ফটো সেই ৱেবছাইটোত প্ৰকাশ পাইছে। তথ্য অনুসৰি চাইকেলখনৰ নাম হেৰেনৰাড ভিক্টোৰিয়া ‘মডেল ১২’। এইখন এখন জাৰ্মানীত নিৰ্মিত চাইকেল যিখন প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰ উপৰিও আমি এটা ইউটিউব ভিডিঅ’ পাইছিলোঁ, য’ত এজন ব্যক্তিয়ে চাইকেলখনৰ বিষয়ে বুজাই দিয়া শুনা যায়। তেওঁ কয়, প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ কোনো নিষ্ঠাবান সামৰিক বাহিনী নাছিল। গতিকে তেওঁলোকে এই ধৰণৰ চাইকেল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে যিবোৰ বেলজিয়ামত আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। ভিডিঅ’ৰ ১.১৫ মিনিটৰ পৰা চাইকেলখনৰ ছবি চাব পাৰিব।

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে এয়া ১০০ বছৰ পূৰ্বে ভাৰতীয় আৰক্ষীয়ে ব্যৱহাৰ কৰা চাইকেলৰ ফটো নহয়। এই চাইকেলখন জাৰ্মানসকলে প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰি ব্যৱহাৰ কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এয়া ১০০ বছৰ পূৰ্বে ভাৰতীয় আৰক্ষীয়ে ব্যৱহাৰ কৰা চাইকেলৰ ছবি নহয়। এই চাইকেলখন জাৰ্মানসকলে প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰি ব্যৱহাৰ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেল নহয়।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *