
শেহতীয়াকৈ এটা বিশেষ পোষ্ট ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে এলিচা নামৰ ওঠৰ বছৰীয়া ছোৱালী এগৰাকী মঙল গ্ৰহলৈ যাব আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে। পোষ্টটোত উল্লেখ কৰা হৈছে যে নাছাৰ তৰফৰ পৰা মঙল গ্ৰহলৈ পঠিওৱা এলিচা হ’ব প্ৰথমগৰাকী মানৱ।

এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো দেখা গ’ল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰি কিছু তথ্য পালোঁ।
আমি প্ৰথমে nasabluberry.com নামৰ এটা ৱেবছাইট পালোঁ। সেই ৱেবছাইটটো হ’ল এলিচা কাৰচনৰ, যিগৰাকীৰ কথা ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰা হৈছে। ৱেবছাইটত উল্লেখ কৰা হৈছিল যে সৰুকালৰে পৰা এলিচা কাৰচন মহাকাশৰ প্ৰতি আকৃষ্ট আছিল। মাত্ৰ তিনি বছৰ বয়সত তেওঁ দেউতাকক কৈছিল যে তেওঁ মহাকাশচাৰী হ’ব বিচাৰে আৰু মঙল গ্ৰহলৈ যাব বিচাৰে। মাত্ৰ ১৯ বছৰ বয়সতে এলিচাৰ সাফল্যৰ তালিকাত আছে ৩টা স্পেচ শ্বাটল উৎক্ষেপণৰ সাক্ষী হোৱা, ৭ বাৰ স্পেচ কেম্পত অংশগ্ৰহণ কৰা, স্পেচ একাডেমীত ৩ বাৰ, ৰবটিক্স একাডেমীত এবাৰ, আটাইতকৈ কম বয়সীয়া এডভান্সড স্পেচ একাডেমীত স্নাতক হোৱা, আৰু একাধিক চেলি ৰাইড কেম্পত অংশগ্ৰহণ কৰা। ২০১২ আৰু ২০১৩ চনত স্পেচ কেম্প তুৰস্ক আৰু স্পেচ কেম্প কানাডাত অধিক শিক্ষা গ্ৰহণ কৰি বিশ্বৰ তিনিওটা নাছা স্পেচ কেম্পতে অংশগ্ৰহণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। এলিচাই নাছাৰ পাছপ’ৰ্ট কাৰ্যসূচীও প্ৰথমে সম্পূৰ্ণ কৰিছে, তেওঁ ৯খন ৰাজ্যত বিস্তৃত নাছাৰ ১৪টা দৰ্শনাৰ্থী কেন্দ্ৰৰ সকলোবোৰ ভ্ৰমণ কৰিছে। ২০১৩ চনৰ জানুৱাৰী মাহত নাছাই তেওঁক ৱাশ্বিংটন ডি চিৰ এম ই আৰ ১০ পেনেলত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু নাছাৰ টিভিত লাইভত মংগল গ্ৰহলৈ ভৱিষ্যতৰ অভিযানৰ বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছিল। পিছলৈ ২০৩০ চনত মংগল গ্ৰহত মানৱ উপনিবেশ স্থাপনৰ অভিযান মংগল ৱানক প্ৰতিনিধিত্ব কৰা সাতজন ৰাষ্ট্ৰদূতৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।২০১৬ চনৰ অক্টোবৰ মাহত এলিছা আছিল আটাইতকৈ কম বয়সীয়া যিয়ে গ্ৰহণ কৰা হৈছিল আৰু এডভান্সড পছম একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল, যাৰ ফলত তেওঁ এজন মহাকাশচাৰী প্ৰশিক্ষাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে যাবলৈ প্ৰমাণপত্ৰ লাভ কৰিছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
তাৰ পিছত আমি nasa.gov ৱেবছাইটত মাৰ্চ জেনেৰেচন নামৰ এটা প্ৰবন্ধ পালোঁ। তাত উল্লেখ কৰা হৈছিল যে নাছাৰ পাছপ’ৰ্ট প্ৰগ্ৰাম সম্পূৰ্ণ কৰা এলিচা কাৰচন হৈছে প্ৰথমগৰাকী ব্যক্তি। কিন্তু এলিচা মঙল গ্ৰহলৈ যোৱা সম্পৰ্কে কোনো কথা আমি প্ৰবন্ধটোত নাপালোঁ।

অনুগ্ৰহ কৰি ইয়াত চাওক।
এলিচা কাৰচনৰ লিংক্ডইন প্ৰফাইলতো মঙল গ্ৰহলৈ যোৱা সম্পৰ্কে কোনো তথ্য আমি নাপালোঁ।
তদুপৰি নাছাই ৰয়টাৰক স্পষ্ট কৰি দিছিল যে কাৰ্ছনৰ সৈতে তেওঁলোকৰ কোনো আনুষ্ঠানিক সম্পৰ্ক নাই। ‘নাছাৰ মূল অভিযান আৰু সাধাৰণতে মহাকাশ অন্বেষণৰ প্ৰচাৰৰ বাবে আমি ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত হোৱাৰ বহু উপায় আছে, আৰু আমি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী আৰু উৎসাহিত হোৱা দেখি ভাল পাওঁ। অৱশ্যে শ্ৰীমতী কাৰ্ছনৰ সৈতে আমাৰ কোনো আনুষ্ঠানিক সম্পৰ্ক নাই।’ ২০২১ চনত নাছাই ৰয়টাৰক জনাইছিল।ইয়াৰ উপৰিও নাছাই ৰয়টাৰক স্পষ্ট কৰি দিছিল যে তেওঁলোকে সদায় মিছনৰ পৰা ক্ৰু মেম্বাৰ ঘৰলৈ লৈ আহিব।
মঙল গ্ৰহলৈ নাছাৰ মানৱ অভিযানৰ বিষয়ে ইয়াত পঢ়িব পাৰিব।
এই সম্পৰ্কে আৰু অধিক জানিবলৈ আমি এলিচা কাৰচনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু বৰ্তমানলৈকে তেওঁৰ পৰা কোনো উত্তৰ অহা নাই। তেওঁৰ পৰা উত্তৰ পালেই আমি জনাম।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। নাছাই এতিয়াও এলিচা কাৰচনক মঙল গ্ৰহলৈ মানৱ অভিযানৰ বাবে নিৰ্বাচন কৰা নাই। তদুপৰি ২০৩০ চনলৈকে হ’বলগীয়া এই অভিযানৰ সকলো সদস্যক নাছাই ওভোটাই আনিব, এয়া ৱান ৱে যাত্ৰা নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:নাছাই এলিচা কাৰচনক মঙল গ্ৰহলৈ ৱান ৱে যাত্ৰাৰ বাবে নিৰ্বাচিত কৰা নাই।
Written By: Debanjana BaishyaResult: False
