
শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা দেখা গৈছে। তাত আপুনি দেখিব যে নাড্ডাই কৈছে -”মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী”। দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ এই সকলোবোৰ কৈছে স্বয়ং সভাপতি জে.পি.নাড্ডাই।
টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ লগত গিৰিশ কুমাৰ নামৰ ব্যৱহাৰকাৰীজনে লিখিছে, “এয়া শুনিছে নে, জে.পি.নাড্ডাদেৱে সঁচাকৈয়ে এই কথা কৈছিল নে? ‘মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী'”
ভিডিঅ’টোত লগতে লিখা আছে, “মোদীৰ বিষয়ে সঁচা কথা কৈ আছে জে.পি. নাড্ডাই।”
কিন্তু সঁচাকৈয়ে জে.পি. নাড্ডাই মোদীক উদ্দেশ্য় কৰি এই কথা কৈছে নেকি ? দাবীটো সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে ইউটিউবত কিছুমান প্ৰাসংগিক কী-ৱৰ্ড দি বিচাৰি চালোঁ । যোৱা ২৫ জুনত ভাৰতীয় জনতা পাৰ্টিৰ অফিচিয়েল ইউটিউৱ চেনেলত প্ৰচাৰিত জে.পি.নাড্ডাৰ এই ভাষণৰ মূল ভিডিঅ’টো আমি পালোঁ। সংলগ্ন তথ্যত উল্লেখ আছে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাই মোদী চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত এখন ৰাজহুৱা সভাত ভাষণ দিবলৈ তেলেংগানাৰ নগৰকুৰনুললৈ গৈছিল। আৰু এই ভাষণ তেওঁ তেতিয়াই দিছিল।
ইয়াত আপুনি দেখিব যে জে.পি. নাড্ডাই কৈছে যে সমগ্ৰ বিশ্বই প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে, তেওঁক বছ, হিৰো, গ্ল’বেল লিডাৰ বুলি কয় আৰু কংগ্ৰেছৰ নেতাই প্ৰধানমন্ত্ৰী মোদীক কৈছে, “মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি এজন বিচ্ছু, মোদী তুমি নিৰক্ষৰ, মোদী তুমি চাহ বেপাৰী।
ইয়াৰ পৰা স্পষ্টকৈ দেখা গৈছে যে জে.পি.নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক সাপ, বৃশ্চিক, নিৰক্ষৰ আৰু চাহ বিক্ৰেতা বুলি কোৱা নাই। কংগ্ৰেছৰ মানুহে এনেকৈ মাতে বুলিহে কৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ভিডিঅ’টোত সম্পূৰ্ণ ভাষণটো প্ৰকাশ কৰা নাই। ইয়াৰ মূল ভিডিঅ’টোত আপুনি দেখিব যে জে.পি.নাড্ডাই কংগ্ৰেছ নেতাই প্ৰধানমন্ত্ৰী মোদীক উদ্দ্যেশি নীচ, সাপ, বিচ্ছু, নিৰক্ষৰ আৰু চাহ বিক্ৰেতা আদি শব্দ ব্যৱহাৰ কৰিছে বুলি উল্লেখ কৰিছে। এই ভিডিঅ’টো অসম্পূৰ্ণ আৰু ভুৱা দাবীৰে ভাইৰেল হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জে.পি. নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক নীচ,সাপ,বৃশ্চিক,নিৰক্ষৰ,চাহ বেপাৰী বুলি কৈছে নেকি? সত্যটো কি?
Written By: Pranjal SharmaResult: Missing Context
