
আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰিছে।
আৰ্জেণ্টিনাৰ দলৰ সদস্যসকলক তেওঁলোকৰ গৃহ চহৰে অবিশ্বাস্যভাৱে আদৰণি জনায়। এতিয়া এটা দাবী চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে যে আৰ্জেণ্টিনাই মেছিক আন এক স্বীকৃতি দিবলৈ সাজু হৈছে। দাবীটো হ’ল আৰ্জেণ্টিনাই মেছিৰ ছবি থকা ১০০০ আৰ্জেণ্টিনাৰ পেছ’ মুদ্ৰা জাৰি কৰিবলৈ ওলাইছে। পোষ্টবোৰত শ্বেয়াৰ কৰা হৈছে ১০০০ পেছ’ৰ নোটৰ ছবি। পোষ্টটোৰ কেপচনত লিখা আছে,”এহেজাৰ টকীয়া নোটত থাকিব লিঅ’নেল মেছিৰ ছবি! ঐতিহাসিক বিজয়ক স্মৰণীয় কৰি ৰাখিবলৈ লোৱা হৈছে এই সিদ্ধান্ত”।

একেধৰণৰ পোষ্ট ইয়াতো দেখিবলৈ পাব। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
গুগলত কৰা কীৱ’ৰ্ড চাৰ্চত দেখা গ’ল যে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মেছিৰ ছবি থকা নোটৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছে। আৰ্জেণ্টিনাৰ বিত্তীয় দৈনিক এল ফাইনেন্সিয়েৰোৰ উদ্ধৃতি দি দ্য হিন্দুৰ ক্ৰীড়া বাতৰি ৱেবছাইট স্প’ৰ্টছ ষ্টাৰে বাতৰি প্ৰকাশ কৰিছিল।

আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু কথাটো হ’ল সেই বৈঠকত বেংকে “ধেমালিতে প্ৰস্তাৱ দিছিল” মেছিৰ ছবিখন নোটখনত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে। তদুপৰি এল ফাইনেন্সিয়েৰ’ই ৰিপ’ৰ্ট কৰিছিল যে এই বৈঠক আৰ্জেণ্টিনা-ফ্ৰান্সৰ ফাইনেল মেচৰ পূৰ্বে হৈছিল আৰু ই কেৱল কৌতুকহে আৰু বাস্তৱিক নহয়।
প্ৰতিবেদন অনুসৰি “”আৰু আপুনি অন্য ধৰণে চিন্তা কৰাৰ আগতে এই বিকল্পটো আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকৰ সদস্যসকলে ‘ধেমালিতে’ প্ৰস্তাৱ কৰিছিল যদিও আটাইতকৈ উৎসাহী ডিৰেক্টৰসকলে, যেনে বোকা জুনিয়ৰ্চৰ এজন উগ্ৰ সমৰ্থক লিছাণ্ড্ৰ’ ক্লেৰি আৰু অনুগামী এডুয়াৰ্ডো হেকাৰে এই ডিজাইনৰ বেংকনোটে আৰ্জেণ্টিনাৰ সংগ্ৰহৰ মনোভাৱ জগাই তুলিব বুলি একমত প্ৰকাশ কৰে,” এল ফাইনেন্সিয়েৰ’ৰ ৰিপ’ৰ্টত প্ৰকাশ।
লেটিন আমেৰিকা ভিত্তিক সংবাদ মাধ্যমৰ ব্লুমবাৰ্গ লিনিয়াত ২২ ডিচেম্বৰত প্ৰকাশিত এটা প্ৰতিবেদন পাইছিলোঁ, য’ত লিখা আছিল মেছিৰ ছবি থকা বিল: আৰ্জেণ্টিনাৰ কৰ্তৃপক্ষই ইয়াক বিবেচনাধীন বুলি অস্বীকাৰ কৰিছে”।
প্ৰতিবেদন অনুসৰি, আৰ্জেণ্টিনা ৰিপাব্লিকৰ কেন্দ্ৰীয় বেংক (বিচিআৰএ) আৰু মিন্ট, কাছা দে লা মনেডাৰ সূত্ৰই বিশ্ব চেম্পিয়ন দলটোৰ অধিনায়কৰ ছবি থকা বিল ছপা কৰি অগ্ৰগতি লাভ কৰিব পৰাৰ সম্ভাৱনাক নাকচ কৰে।

তাৰ পিছত আমি বিচিআৰএৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ আৰু দেখিলোঁ যে ২০১৭ চনৰ ডিচেম্বৰ মাহত আৰ্জেণ্টিনাৰ শেষৰখন ১০০০ পেছ’ৰ বেংকনোট জাৰি কৰা হৈছিল তেওঁলোকৰ “আৰ্জেণ্টিনাৰ স্থানীয় প্ৰাণী”(Argentina’s native fauna) নামৰ ছিৰিজৰ অংশ হিচাপে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে লৈছেনে?
Fact Check By: Debanjana BaishyaResult: False
