
বিশ্বই Covid-19ৰ নতুন সম্ভাৱ্য ঢৌৰ বাবে সাজু হোৱাৰ লগে লগে এই সন্দৰ্ভত ভুল তথ্যও পুনৰ প্ৰচাৰ হোৱা আৰম্ভ হ’ল। ঋতুভিত্তিক ফ্লু ভাইৰাছৰ বাহিৰে আন একো নহয় বুলি ডাক্তৰৰ দল এটাই মন্তব্য কৰা এটা পুৰণি ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।
এই ভাইৰেল ভিডিঅ’টোত বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ভুল স্বীকাৰ কৰি ক’ৰণা ভাইৰাছক ঋতুভিত্তিক ফ্লু ভাইৰাছ বুলি অভিহিত কৰি পূৰ্বৰ স্থানৰ পৰা ইউ টাৰ্ণ লোৱা বুলি দাবী কৰা হৈছে।
এটা ভাইৰেল ভিডিঅ’ত এদল মানুহৰ মাজত চুট পিন্ধা এজন ব্যক্তিয়ে কয়, “এইটো মানুহৰ বাবে এটা ভাল বাৰ্তা। ইয়াত মহামাৰীৰ কোনো প্ৰমাণ আমি দেখা নাপাওঁ। গতিকে, দেখাত ইয়াক ‘প্লেন-ডেমিক’ যেন লাগে আৰু আমি সকলোৱে মিলি কওঁ যে আমি এই নতুন স্বাভাৱিকটো নিশ্চিতভাৱে নিবিচাৰো। আমি পুৰণি স্বাভাৱিকলৈও ঘূৰি যাব নিবিচাৰো কাৰণ পুৰণি স্বাভাৱিকেই নতুন স্বাভাৱিকৰ এই পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আমি বেটাৰ নৰ্মেল বিচাৰো, আমি আপোনালোকৰ সৈতে একেলগে বিচাৰো। বহুত বহুত ধন্যবাদ সঁচাকৈয়ে।”
এই বাৰ্তাৰ সৈতে লিখা টেক্সটত লিখা আছে – “ব্ৰেকিং নিউজ: WHO-এ নিজৰ ভুলটো মানি লৈ সম্পূৰ্ণ U-turn লৈ ক’লে যে ক’ৰণা এটা ঋতুভিত্তিক ভাইৰাছ, ই বতৰ পৰিৱৰ্তনৰ সময়ত হোৱা কাহ, চৰ্দি আৰু ডিঙিৰ বিষ হয়, আতংকিত হোৱাৰ প্ৰয়োজন নাই।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি WHO ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া হেণ্ডেলত গৈ ক’ৰণাক ঋতুভিত্তিক ফ্লু ভাইৰাছ ঘোষণা কৰিছে নেকি চালোঁ। আমি তেনে কোনো ঘোষণা বিচাৰি নাপালোঁ। WHO এতিয়াও কৈছে যে Covid-19 হৈছে SARS-CoV-2 ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা সংক্ৰামক ৰোগ।
আনকি Covid-19 সন্দৰ্ভত WHO ৰ তথাকথিত ভুল স্বীকাৰ আৰু কথিত U-turn সম্পৰ্কে আমি কোনো বাতৰিৰ সন্মুখীন হোৱা নাছিলো। ডব্লিউ এইচ অ’ই যদি সঁচাকৈয়ে “ক’ৰণাক ঋতুভিত্তিক ফ্লু ভাইৰাছ” বুলি ক’লেহেঁতেন, তেন্তে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিলেহেঁতেন। এনে খবৰৰ অনুপস্থিতিয়ে ভাইৰেল দাবীৰ অপ্ৰামাণ্যতাৰ স্পষ্ট লক্ষণ।
Covid-19 ঋতুভিত্তিক ফ্লু নেকি?
Covid-19 আৰু Influenza (Flu) দুটা বেলেগ বেলেগ ৰোগ। ক’ভিড-১৯ক এক প্ৰকাৰৰ ফ্লু বুলি বৰ্ণনা কৰাটো ভাইৰ’লজিকেল আৰু ক্লিনিকেল দুয়োটা দিশতে শুদ্ধ নহয়।
চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰটেকচন (চিডিচি)ৰ মতে ইনফ্লুৱেঞ্জা (ফ্লু) আৰু ক’ভিড-১৯ দুয়োটা সংক্ৰামক শ্বাস-প্ৰশ্বাসজনিত ৰোগ যিয়ে হাওঁফাওঁ আৰু উশাহ-নিশাহত প্ৰভাৱ পেলায়।
দুটা পৃথক পৰিয়ালৰ ভাইৰাছৰ পৰা বিভিন্ন ভাইৰাছৰ দ্বাৰা এই ৰোগ হয়। ২০১৯ চনত প্ৰথম চিনাক্ত হোৱা ক’ৰণা ভাইৰাছ (SARS-CoV-2)ৰ সংক্ৰমণৰ ফলত Covid-19 ৰোগ হয়।
দুয়োটাই আপোনাক জ্বৰ, কাহ, মূৰৰ বিষ, শৰীৰৰ বিষ আদি দিব পাৰে। কিন্তু ফ্লু আৰু ক’ভিড-১৯ৰ মাজত পাৰ্থক্য আমি কেৱল লক্ষণৰ দ্বাৰাই ক’ব নোৱাৰো। ৰোগটো কি সেইটো জানিবলৈ আৰু ৰোগ নিৰ্ণয় নিশ্চিত কৰিবলৈ নিৰ্দিষ্ট পৰীক্ষাৰ প্ৰয়োজন।
ইয়াৰ বিষয়ে আপুনি নেচনেল ইনষ্টিটিউট অৱ হেল্থ (আমেৰিকা) আৰু জনছ হপকিন্স মেডিচিন ৱেবছাইটত অধিক পঢ়িব পাৰে।
Please Embed
Covid-19 Deniers ৰ ভিডিঅ’
এতিয়া যিহেতু আমি গম পালোঁ যে WHO-এ ক’ৰণাক ঋতুভিত্তিক ফ্লু ভাইৰাছ বুলি কোৱা নাছিল আৰু Covid-19 আৰু Influenza (Flu) একে নহয়, গতিকে ভাইৰেল ক্লিপটোৰ বিষয়ে অধিক জানো আহক।
কীফ্ৰেমত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চৰ সহায়ত আমি দেখিলোঁ যে এই ভাইৰেল ক্লিপটো ২০২০ চনৰ অক্টোবৰ মাহত ৱৰ্ল্ড ডাক্তৰছ এলায়েন্সে (WDA) আয়োজন কৰা সংবাদমেলৰ পৰা লোৱা হৈছে। WDA সংবাদমেলৰ মূল ১৮ মিনিটৰ ভিডিঅ’টো ইউটিউবে ইয়াৰ সেৱাৰ চৰ্ত উলংঘা কৰাৰ বাবে আঁতৰাইছে কিন্তু আপুনি ইয়াক ইয়াত আৰু ইয়াত পাব পাৰে।
ৱৰ্ল্ড ডক্তৰছ এলায়েন্স (WDA) হৈছে ইউৰোপীয় ভিত্তিক বৰ্তমান আৰু পূৰ্বৰ চিকিৎসা পেছাদাৰী আৰু শিক্ষাবিদসকলৰ এটা গোট। মূলতঃ “লকডাউনৰ কোনো ধৰণৰ নিষেধাজ্ঞা আৰু সংশ্লিষ্ট ব্যৱস্থাৰ প্ৰয়োজন নাই” বুলি ক’ভিড-১৯ নিয়মৰ বিৰোধিতা কৰিবলৈ এই গোটটো গঠন কৰা হৈছিল।
ডব্লিউ ডি এ “ক’ভিড-১৯ এটা প্ৰৱঞ্চনা”, “ভেক্সিনে ব্যাপক ক্ষতি কৰে”, “কোনো মহামাৰী নাই” ইত্যাদি আদি মিছা আৰু ষড়যন্ত্ৰমূলক দাবী বিয়পাই দিয়াৰ বাবে পৰিচিত।
ওপৰৰ ভাইৰেল ক্লিপটোত কথা কোৱা মানুহজন হৈছে হাইকো শ্ব’নিং, যিয়ে নিজকে “সামৰিক চিকিৎসক” বুলি অভিহিত কৰে।
ইউৰোপীয় ডিজিটেল মিডিয়া অবজাৰ্ভেটৰী (EDMO)ৰ তথ্য অনুসৰি তেওঁ জাৰ্মানীৰ পৰা অহা এজন ক’ৰণা-অস্বীকাৰকাৰী যিয়ে ২০২০ চনৰ মাৰ্চ মাহৰ পৰাই Covid-19 সম্পৰ্কীয় ভুল তথ্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ জাৰ্মানীত ডাক্তৰছ ফৰ দ্য ট্ৰুথ নামৰ এটা সংস্থা গঠন কৰিছিল যিয়ে অনুৰোধ কৰিলে নাগৰিকসকলক মাস্ক পিন্ধাৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিয়া প্ৰমাণ পত্ৰ বিতৰণ কৰিছিল।

ফলাফল
গতিকে এই কথা স্পষ্ট যে এটা ভুৱা দাবী WHO ৰ বুলি প্ৰচাৰ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰণাক ঋতুভিত্তিক ফ্লু ভাইৰাছ বুলি অভিহিত কৰা নাই। ভাইৰেল ভিডিঅ’টো Covid-19 সন্দৰ্ভত ষড়যন্ত্ৰমূলক তত্ত্ব বিয়পাই দিয়াৰ বাবে পৰিচিত ক’ৰণা-অস্বীকাৰকাৰীৰ এটা দলৰহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:WHO-এ ক’ৰোনাক ঋতুভিত্তিক ভাইৰাছ বুলি ঘোষণা কৰা নাছিল; এটা ভুৱা দাবী ভাইৰেল
Fact Check By: Debanjana BaishyaResult: False
