
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত সনাতন ধৰ্ম (হিন্দু ধৰ্ম)ত ১০৮ নম্বৰৰ তাৎপৰ্য্যৰ বিষয়ে কোৱা পোষ্টাৰ এখন আছিল। ইয়াত উল্লেখ কৰা হৈছিল যে কেনেকৈ হিন্দুৱে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা জাপমালাত ১০৮ টা মণি থাকে। আয়ুৰ্বেদত ১০৮ টা মৰ্ম (শৰীৰৰ বিশেষ অংশ) থকাৰ বাহিৰেও নাট্যশাস্ত্ৰত (নৃত্যৰ শাস্ত্ৰ) ১০৮ টা কৰ্ণ (হাত-ভৰিৰ সমন্বয়ৰ গতি) আৰু সংস্কৃতত ১০৮টা বৰ্ণমালা আছে। পোষ্টাৰত কৰা মূল দাবীত কোৱা হৈছে যে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সূৰ্য্যৰ ব্যাসৰ ১০৮ গুণ। চন্দ্ৰক লৈও একেই দাবী কৰা হৈছে।
অৰ্থাৎ পোষ্টাৰখনত দাবী কৰা হৈছে যে পৃথিৱী আৰু সূৰ্য্য/চন্দ্ৰৰ মাজৰ দূৰত্ব আৰু সূৰ্য্য/চন্দ্ৰৰ ব্যাসৰ অনুপাত এটা ধ্ৰুৱক ১০৮। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি অনুসন্ধান কৰি পালোঁ যে নৃত্য সম্পৰ্কীয় প্ৰাচীন হিন্দু শাস্ত্ৰ নাট্যশাস্ত্ৰত সঁচাকৈয়ে পোষ্টাৰত উল্লেখ কৰা অনুসৰি ১০৮টা কৰ্ণ আছে। তদুপৰি জাপমালা অৰ্থাৎ হিন্দুসকলে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা মণিৰ হাৰত ১০৮ টা মণি থাকে।
কিন্তু আয়ুৰ্বেদক লৈ কৰা দাবী সুশ্ৰুত সংহিতা অনুসৰি সঠিক নহয়। সুশ্ৰুত সংহিতাত মানৱ দেহত মাত্ৰ ১০৭ টা মৰ্মৰ বৰ্ণনা কৰা হৈছে। কিন্তু তামিল পৰম্পৰাত ই ১০৮।ইয়াৰ উপৰিও কেৰেলাৰ কলাৰী পৰম্পৰাত এই সংখ্যা ৩৬৫ লৈ বৃদ্ধি পায়।(উৎস)
সংস্কৃত ভাষাত বৰ্ণমালাৰ সংখ্যা সন্দৰ্ভত বিভিন্ন দাবী আছে। কিন্তু ইয়াৰে কোনোটোৱেই ওচৰত নহয় ১০৮। এনেদৰে সূৰ্য্য আৰু চন্দ্ৰৰ বিষয়ে কৰা দাবীও সত্য নহয়।
তাৰ মূল কাৰণ হ’ল পৃথিৱীখন উপবৃত্তাকাৰ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে আৰু চন্দ্ৰই উপবৃত্তাকাৰ কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ইয়াৰ বাবে পৃথিৱী আৰু সূৰ্য্য আৰু পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব স্থিৰ নহয়।

বাইৰ’ণ ইন’য়েৰ ছবি (Image by Byron Inouye)
ওপৰৰ ছবিখনত সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ দেখুওৱা হৈছে। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ সৰ্বাধিক দূৰত্ব ১৫.২ কোটি কিলোমিটাৰ। পৃথিৱী যেতিয়া সূৰ্য্যৰ পৰা আটাইতকৈ দূৰত থাকে, সেই পৰিঘটনাটোক এফেলিয়ন বোলা হয়। এফেলিয়নৰ বিপৰীত দিশটো হ’ল পেৰিহেলিয়ন আৰু এই পৰিঘটনাৰ সময়ত পৃথিৱীখন সূৰ্য্যৰ আটাইতকৈ ওচৰত থাকে। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ আটাইতকৈ কম দূৰত্ব ১৪.৭ কোটি কিলোমিটাৰ। এনেদৰে সূৰ্য্যৰ চাৰিওফালে ঘূৰি ফুৰাৰ লগে লগে সূৰ্য্যৰ পৰা পৃথিৱীৰ দূৰত্বৰ তাৰতম্য ঘটে। কিন্তু সূৰ্য্যৰ ব্যাস স্থিৰ, যিটো হৈছে ১৩.৯২৭ মিলিয়ন কিলোমিটাৰ। সেয়েহে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু সূৰ্য্যৰ ব্যাসৰ অনুপাত স্থিৰ হ’ব নোৱাৰে। অনুপাত ১০৫.৪৭ (পেৰিহেলিয়ন)ৰ পৰা ১০৯.১৪ (এফেলিয়ন)লৈ ভিন্ন হ’ব।
সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু সূৰ্য্যৰ ব্যাসৰ অনুপাত হ’ব ১০৮ আনহাতে সূৰ্য্যৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫০.৪১ (১০৮*১.৩৯২৭) মিলিয়ন কিলোমিটাৰ হ’ব।

চন্দ্ৰৰ ক্ষেত্ৰতো একেই কথা। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ সৰ্বাধিক দূৰত্ব ৪ লাখ ৫ হাজাৰ কিলোমিটাৰ। যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থাকে সেই পৰিঘটনাটোক এপ’জি বোলা হয়। এপ’জিৰ বিপৰীত দিশটো হ’ল পেৰিজি যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা ৩ লাখ ৬০ হাজাৰ কিলোমিটাৰ দূৰত থাকে। চন্দ্ৰৰ ব্যাস স্থিৰ, ৩৪৭৪.৮ কিলোমিটাৰ। সেয়েহে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব আৰু চন্দ্ৰৰ ব্যাসৰ অনুপাত ১১৬.৫৫ (এপ’জি)ৰ পৰা ১০৩.৬০ (পেৰিজি)লৈকে ভিন্ন হয়।
চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু চন্দ্ৰৰ ব্যাসৰ অনুপাত হ’ব ১০৮ আনহাতে চন্দ্ৰৰ দূৰত্ব হ’ব ৩৭৫২৭৮.৪ (১০৮*৩৪৭৪.৮) কিলোমিটাৰ পৃথিৱীৰ পৰা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে আমালৈ অহা পোষ্টটোত থকা দাবী বিভ্ৰান্তিকৰ। চন্দ্ৰ আৰু সূৰ্য্যৰ পৰা পৃথিৱীৰ দূৰত্ব স্থিৰ নহয়। আনহাতে এই আকাশী বস্তুবোৰৰ ব্যাস স্থিৰ হৈ থাকে। সেয়েহে ইহঁতৰ অনুপাত স্থিৰ হ’ব নোৱাৰে কিন্তু ই এক মানৰ পৰিসৰৰ ভিতৰত ভিন্ন হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয়
Fact Check By: Debanjana BaishyaResult: Misleading
