২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

False International

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থকা সময়তে বাকিংহাম পেলেচত কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা এটা ভিডিঅ’ হোৱাটচ‌এপৰ যোগেদি অসমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গোৱা দেখা গৈছে । 

আমাৰ হোৱাটচ‌এপ নম্বৰলৈ উক্ত ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link

বাৰ্তাটোত লিখা আছে, “ব্ৰিটিছ ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্থানীয় শিশুসকলে কিমান সুন্দৰকৈ বেদ আবৃত্তি কৰে। ভাৰতে আজি এই সকলোবোৰক পৰম অৱজ্ঞাৰে চায় যদিও তেওঁলোকে বৈদিক মন্ত্ৰৰ সংগ্ৰাম বুজি পায় আৰু সন্মান কৰে। ভিডিও টো মিছ নকৰিব 👆 ।” “

সঁচাকৈ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গাইছিল নেকি? সত্য কি? জানো আহক । 

সত্যতা নিৰূপণ পদ্ধতি

আমি স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা ভিডিঅ’টো ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে ছাত্ৰ-ছাত্ৰী সকলৰ পাছফালে এখন বোৰ্ডত ‘কুইন’ছ বেটন ২০১০ ৰিলে’ বুলি লিখা আছে ৷ 

ইয়াৰ বাহিৰেও আমি ভিডিঅ’টোত ‘www.wildfilmsindia.com’ৰ ৱাটাৰমাৰ্কটোও লক্ষ্য কৰিলোঁ। আমি Youtubeত এটা কীৱৰ্ড চাৰ্চ চলাইছিলো যাৰ ফলাফলে আমাক Wild Films Indiaৰ অফিচিয়েল চেনেলত আপলোড হৈ থকা ভিডিঅ’টোলৈ লৈ গ’ল। ভিডিঅ’টোৰ কেপচনত লিখা আছে, “চেইণ্ট জেমছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বাকিংহাম পেলেচত শ্লোক আবৃত্তি কৰে।”

বৰ্ণনাত কোৱা হৈছে, “চি ডব্লিউ জি কুইন বেটন ২০১০ৰ সময়ত ছেইণ্ট জেমছ স্কুল Choirয়ে বাকিংহাম পেলেচত শ্লোক নামৰ এটা আধ্যাত্মিক কবিতা আবৃত্তি কৰে।”

আমি দেখিলোঁ যে এবিচি নিউজ অষ্ট্ৰেলিয়াই ২০০৯ চনৰ ৩০ অক্টোবৰত ভিডিঅ’টো পোষ্ট কৰিছিল য’ত উল্লেখ কৰা হৈছিল যে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু ব্ৰিটেইনৰ দ্বিতীয় ৰাণী এলিজাবেথ ২০১০ চনৰ কমনৱেলথ গেমছৰ বাবে বেটন ৰিলে আৰম্ভ কৰিছিল।

কুইন’ছ বেটন ৰিলে হৈছে কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বজুৰি অনুষ্ঠিত হোৱা এক ৰিলে। বেটনত কমনৱেলথৰ মুৰব্বীৰ পৰা এটা বাৰ্তা আছে। চহৰখনৰ কমনৱেলথ দিৱসৰ উৎসৱৰ অংশ হিচাপে লণ্ডনৰ বাকিংহাম পেলেচত পৰম্পৰাগতভাৱে আৰম্ভ হয় ৰিলে।

TOIৰ প্ৰতিবেদন অনুসৰি ২০১০ চনৰ কমনৱেলথ গেমছৰ ওলোটা গণনা আৰম্ভ হৈছিল কুইন’ছ বেটন ৰিলেৰ আৰম্ভণিৰ পৰা, য’ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে পৰিগণিত হৈছিল। প্ৰাচীন ঋগবেদৰ সংস্কৃত শ্লোক জপ কৰি এজাক ব্ৰিটিছ ছাত্ৰ-ছাত্ৰীয়ে এই উদযাপনত যোগদান কৰিছিল।

এই ভাইৰেল ভিডিঅ’টো XIX কমনৱেলথ গেমছ ২০১০ দিল্লীৰ ফেচবুক পেজেও ২৫ নৱেম্বৰ ২০০৯ত শ্বেয়াৰ কৰিছিল।ভিডিঅ’টোৰ কেপচনত লিখা আছে, ২০০৯ চনৰ ২৯ অক্টোবৰত লণ্ডনৰ বাকিংহাম পেলেচত দ্য কুইন্স বেটন ৰিলে ২০১০ দিল্লী মুকলি কৰা হৈছিল, যেতিয়া ‘Her Majesty’ৰ বাৰ্তা বহু হাজাৰ বেটনবাহকৰ ভিতৰত প্ৰথম অভিনৱ বিন্দ্ৰৰ ওপৰত অৰ্পণ কৰা হৈছিল। কমনৱেলথক একত্ৰিত কৰি ‘কুইন্স বেটন ৰিলে ২০১০ দিল্লী’ হৈছে এক উদযাপন যিয়ে ভাৰতক বিশ্বৰ আগত উপস্থাপন কৰে। কমনৱেলথৰ সকলো ৭১খন দেশলৈ ৰিলে কৰাটোৱে সমগ্ৰ কমনৱেলথক গেমছত অংশগ্ৰহণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে।”

ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৱে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা বুলি বিবেচনা কৰিছে। ভিডিঅ’টোত ২০০৯ চনৰ অক্টোবৰ মাহত ২০১০ চনৰ CWG বেটন ৰিলে দেখুওৱা হৈছে। ভিডিঅ’টোত দ্বিতীয় ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া দেখুওৱা হোৱা নাই ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *