টাটা গ্ৰুপে ৰাষ্ট্ৰপতি কোবিন্দৰ কন্যাক স্থানান্তৰ কৰা নাছিল; বাতৰিটো পুৰণি 

Partly-False Social

এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ কাষত থিয় হৈ থকা দুগৰাকী এয়াৰহোষ্টেছক দেখুওৱা এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ছবিখনত ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়েকক দেখুওৱা হৈছে যাক টাটা কৰ্তৃপক্ষই শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পদৰ পৰা এক আভ্যন্তৰীণ পদলৈ স্থানান্তৰ কৰিছে। 

পোষ্টটোত দাবী কৰা হৈছে যে তেওঁক নিৰাপত্তাজনিত কাৰণত টাটা কৰ্তৃপক্ষই  স্থানান্তৰ কৰিছে । 

Facebook Link | Archived Link

হোৱাটছএপত শ্বেয়াৰ হৈ থকা পোষ্টটো আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে এই দাবীটো আংশিকভাৱে মিছা। ইয়াত বিৱৰণ দিয়া হৈছে:

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত এটা ৰিভাৰ্চ ইমেজ চাৰ্চ চলাই আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো, যাৰ ফলাফলে আমাক গেটি ইমেজেছৰ দ্বাৰা প্ৰকাশিত একে ধৰণৰ ছবিলৈ লৈ গৈছিল। বৰ্ণনাটোত কোৱা হৈছে যে ছবিখন ০৬ নৱেম্বৰ ২০০৬ তাৰিখে নতুন দিল্লীত এয়াৰ ইণ্ডিয়াৰ বাবে বোয়িং ৭৩৭-৮০০ বাণিজ্যিক জেটলাইনাৰ প্ৰদানৰ সময়ত তোলা হৈছিল আৰু ছবিখনত এয়াৰ ইণ্ডিয়াৰ এয়াৰহোষ্টেছসকলে তেওঁলোকৰ নতুন ইউনিফৰ্ম পিন্ধি থকা দেখা গৈছে । 

পোষ্টটোৰ বৰ্ণনাত লিখা আছে, “নতুন দিল্লী, ভাৰত: এয়াৰ ইণ্ডিয়াৰ এয়াৰ হোষ্টেছসকলে, ০৬ নৱেম্বৰ ২০০৬ তাৰিখে নতুন দিল্লীত এয়াৰ ইণ্ডিয়াৰ বাবে বোয়িং ৭৩৭-৮০০ বাণিজ্যিক জেটলাইনাৰ প্ৰদানৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানৰ ওপৰত তেওঁলোকৰ নতুন ইউনিফৰ্ম পিন্ধে। এয়াৰ ইণ্ডিয়াই ইন্ধিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৬৮ খন বোয়িং জেটলাইনাৰ, বোয়িং নেক্সট জেনাৰেশন ৭৩৭-৮০০ বাণিজ্যিক জেটলাইনাৰৰ পৰিকল্পিত অৰ্ডাৰৰ প্ৰথমটো বিতৰণ উদযাপন কৰে। এএফপি ফটো/ৰবিন্দ্ৰন”

ছবিখনৰ বৰ্ণনাত ক’তো উল্লেখ কৰা হোৱা নাই যে এয়াৰহোষ্টেছ গৰাকী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জীয়ৰী স্বাতী কোবিন্দ।

তাৰ পিছত, আমি ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়ৰী স্বাতীৰ ছবি বিচাৰিছিলোঁ আৰু দেখিছিলো যে তেওঁক ভাইৰেল ছবিখনতকৈ বহুত বেলেগ দেখাইছে। আপুনি ইয়াত তুলনামূলক ছবি এখন চাব পাৰে:

আপুনি ইয়াত স্বাতী কোবিন্দৰ ভিডিঅ’ সাক্ষাৎকাৰ চাব পাৰে:

টাটা কৰ্তৃপক্ষই এয়াৰ ইণ্ডিয়াদখল কৰাৰ পিছত স্বাতী কোবিন্দক গ্ৰাউণ্ড ডিপাৰ্টমেণ্টলৈ স্থানান্তৰ কৰা হৈছিল নেকি?

আমি ২০১৭ চনৰ কেইবাটাও বাতৰি বিচাৰি পালোঁ য’ত কোৱা হৈছিল যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জীয়ৰী স্বাতী কোবিন্দ এয়াৰ ইণ্ডিয়াৰ দীঘলীয়া বোয়িং ৭৮৭ আৰু বোয়িং ৭৭৭ বিমানৰ কেবিন ক্ৰু আছিল । এয়াৰলাইনৰ মুখপাত্ৰৰ মতে, নিৰাপত্তাজনিত কাৰণত তেওঁক এয়াৰ লাইনৰ মুখ্য কাৰ্যালয়ত এয়াৰ ইণ্ডিয়াৰ একত্ৰীকৰণ বিভাগত নিযুক্তি দিয়া হৈছে।

আমি এইটোও পাইছিলো যে টাটা গোটে ভাৰত চৰকাৰৰ পৰা শেহতীয়াকৈহে এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিছিল আৰু ২০২২ চনৰ জানুৱাৰীত এয়াৰলাইনৰ পৰিচালনাৰ দায়িত্ব লৈছিল। সেয়েহে, এয়া স্পষ্ট যে টাটা গোটে ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়েকক স্থানান্তৰ কৰা নাছিল। ২০১৭ চনত নিৰাপত্তাজনিত কাৰণত তেওঁক গ্ৰাউণ্ড ডিপাৰ্টমেণ্টত নিযুক্তি দিয়া হৈছিল।

ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৱে ছবিখনৰ সৈতে উক্ত পোষ্টটো আংশিকভাৱে মিছা বুলি ঠাৱৰ কৰিছে । ছবিখনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জীয়ৰী স্বাতী কোবিন্দক দেখুওৱা হোৱা নাই। ইয়াৰ উপৰিও টাটা গ্ৰপে স্বাতী কোবিন্দক স্থল বিভাগলৈ স্থানান্তৰ কৰা নাছিল। তেওঁক ২০১৭ চনত এয়াৰ ইণ্ডিয়াই কেবিন ক্ৰুৰ পৰা গ্ৰাউণ্ড ডিপাৰ্টমেণ্টলৈ বদলি  কৰিছিল ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:টাটা গ্ৰুপে ৰাষ্ট্ৰপতি কোবিন্দৰ কন্যাক স্থানান্তৰ কৰা নাছিল; বাতৰিটো পুৰণি

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *