এইখন হাইদৰাবাদৰ বলাতকাৰ আৰু হত্যা ঘটনাৰ অভিযুক্তৰ এনকাউণ্টাৰৰ ফটো নহয়!

False Social

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গ’ল । ঘটনায়ে মোৰ সলালে যেতিয়া অপৰাধটোৰ চাৰি অভিযুক্ত ৬ নৱেম্বৰ, ২০১৯ তাৰিখে পুলিচ জিম্মাৰ পৰা পলাব লওঁতে এক এনকাউণ্টাৰত হঠাৎ মৰা গ’ল । 

ইয়াৰ পাছতেই এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিল । দাবী কৰা হ’ল যে এইখন পুলিচ এনকাউণ্টাৰটোৰ ঠিক পাছতেই তোলা এক্সক্লুচিভ ফটো । 

অসমতো এই ফটোখন শ্বেয়াৰ হোৱা দেখা গৈছে । আজিজুৰ ৰহমান নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা নৱেম্বৰ ৬, ২০১৯ তাৰিখে দিনৰ ১:৩৭ বজাত অসমৰ ইনছাইড এন ই নামৰ এটা ৱেব পৰ্টেলৰ ৱেব লিংক শ্বেয়াৰ কৰা হৈছে য’ত পুলিচ এনকাউণ্টাৰটোৰ বাতৰি ভাইৰেল ফটোখনৰ সৈতে প্ৰকাশ কৰা হৈছে । 

rape insidene2.png

ইনছাইড এন ই লিংক | সংৰক্ষিত পোষ্ট

ভাইৰেল ফটোখন সঁচাকৈ তেলেংগানাৰ ঘটনাটোৰ চাৰি অভিযুক্তৰ পুলিচ এনকাউণ্টাৰটোৰ নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি সৰ্বপ্ৰথমে ফটোখন গুগলত ৰিভাৰছ ইমেজ চাৰ্চ কৰিলোঁ আৰু পালোঁ যে উপৰোক্ত ফটোখন আচলতে বহু পুৰণি আৰু কষ্টেল ডাইজেষ্ট নামৰ এক ৱেবছাইটত এপ্ৰিল ৭, ২০১৫ তাৰিখে প্ৰকাশ হৈছিল য’ত ঘটনাটোৰ লগত জড়িত আন ফটোও প্ৰকাশ পাইছিল ।

rape insidene3.png

ইয়াৰ উপৰিয়ো ঘটনাটোৰ বাতৰি ‘দা হিন্দু’ নামৰ বাতৰি কাকতখনত ৭ এপ্ৰিল, ২০১৫ তাৰিখেই প্ৰকাশ পাইছিল য’ত লিখা হৈছে যে ফটোখন আচলতে চেণ্ডেলৱুড স্মাগলাৰ আৰু পুলিচৰ মাজত তিৰুপতিৰ কাষৰ এক পাহাৰত হোৱা এনকাউণ্টাৰৰ সময়ৰ । 

rape insidene4.png

ইয়াৰ পাছত আমি হাইদৰাবাদ এনকাউণ্টাৰৰ আচল ছবিবোৰ অন লাইন বিচাৰিলোঁ আৰু ৰাষ্ট্ৰীয় নিউজ এজেঞ্চি এএনআইয়ে প্ৰকাশ কৰা এনকাউণ্টাৰৰ ফটোবোৰ দেখিলোঁ । 

rape insidene5.png

আমি ভাইৰেল ফটোখন আৰু এএনআইৰ ফটোবোৰৰ মাজত তুলনা কৰিলোঁ আৰু পালোঁ যে ভাইৰেল ফটোখনত দেখা পোৱা পুলিচৰ মানুহবোৰে অন্ধ্ৰ প্ৰদেশ পুলিচৰ বেজ পিন্ধি আছে আৰু এএনআইৰ ফটোবোৰত দেখা পোৱা পুলিচবোৰে চাইবাৰাবাদ পুলিচৰ বেজ পিন্ধি আছে । 

rape insidene6.png
image7.png
image8.png

গতিকে দুইখন ফটো যে বেলেগ বেলেগ ঠাইৰ সেইয়া স্পষ্ট হৈ পৰিছে আৰু ভাইৰেল ফটোখন যে হাইদৰাবাদ এনকাউণ্টাৰৰ লগত কোনো সম্পৰ্ক নাই সেইয়াও স্পষ্ট হৈ পৰিছে । 

ফলাফল

ভাইৰেল ফটোখন হাইদৰাবাদ এনকাউণ্টাৰৰ নহয় বৰঞ্চ ২০১৫ চনৰ এখন পুৰণা ফটো হয় । এইখন হাইদৰাবাদ এনকাউণ্টাৰৰ ফটো বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:এইখন হাইদৰাবাদৰ বলাতকাৰ আৰু হত্যা ঘটনাৰ অভিযুক্তৰ এনকাউণ্টাৰৰ ফটো নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *