
কৰ্ণাটকৰ হিজাব বিতৰ্কৰ বিষয়ত সমগ্ৰ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ হৈছে য’ত দেখা গৈছে যে ল’ৰাৰ এটা দলে বোৰ্খা পিন্ধা মহিলা কেইগৰাকীমানৰ ওপৰত বাল্টিৰে পানী দলিয়াই আছে।
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে ভিডিঅ’টো ভাৰতৰ। কিছুমান ব্যৱহাৰকাৰীয়ে এইটোও দাবী কৰিছে যে ভিডিঅ’টো কৰ্ণাটকৰ য’ত হিন্দু ল’ৰাসকলক মুছলমান মহিলাৰ ওপৰত অত্যাচাৰ কৰা দেখা গৈছে ।

এই ভিডিঅ’টো ভাৰতত মুছলমান মহিলা নিৰ্যাতনৰ উদাহৰণ হিচাপে শ্বেয়াৰ কৰা হৈছে ।
সত্যতা নিৰূপন পদ্ধতি
আমি ইনভিড উই ভেৰিফাই টুল ব্যৱহাৰ কৰি ভিডিঅ’টো বিভিন্ন কীফ্ৰেমত খণ্ডিত কৰি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ চলাই আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো। ফলাফলবোৰে আমাক এটা ইউটিউব চেনেললৈ লৈ গৈছিল য’ত ২৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে একেটা ভিডিঅ’ পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনামটোত কোৱা হৈছে, “ইষ্টাৰ্ণ ইউনিভাৰ্চিটিত পেৰোডি – মহিলা শিক্ষাৰ্থীৰ দুৰ্বলতা”। ২০১৯ চনত পুথিথুৰ দ্বাৰা প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, তেওঁলোকে কৈছিল যে ভিডিঅ’টোত শ্ৰীলংকাৰ ইষ্টাৰ্ণ ইউনিভাৰ্চিটিত এটা ৰেগিং ঘটনা দেখুওৱা হৈছে।
আমি ইণ্টাৰনেটত শ্ৰীলংকাৰ বিশ্ববিদ্যালয়ৰ দুটা নাম পাইছিলো যি হৈছে দক্ষিণ পূৱ বিশ্ববিদ্যালয় আৰু পূৱ বিশ্ববিদ্যালয়। ফেক্ট ক্ৰেচেণ্ডোৱে দুয়োখন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ সৈতে যোগাযোগ কৰিছিল।
দক্ষিণ-পূব বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই ভিডিঅ’টো চোৱাৰ পিছত আমাক কৈছিল যে ঘটনাটো তেওঁলোকৰ চৌহদৰ নহয়।
অৱশ্যে, ইষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ পঞ্জীয়কে এই ভিডিঅ’টো চোৱাৰ পিছত কৈছিল, “এইটো ‘বাকেটিং’ বুলি কোৱা এক পৰম্পৰাগত প্ৰথা য’ত জ্যেষ্ঠ শিক্ষাৰ্থীসকলে কনিষ্ঠসকলৰ ওপৰত পানী নিক্ষেপ কৰে। ঘটনাটো ২০১৯ চনৰ ফেব্ৰুৱাৰী/মাৰ্চৰ আশে পাশে সংঘটিত হৈছিল আৰু ঘটনাটো সাম্প্ৰদায়িক বিদ্বেষৰ নহয়। পানী ওচৰৰ পুখুৰীৰ পৰা লোৱা হয় আৰু ই এক সাধাৰণ কথা, যি প্ৰতি বছৰে ঘটে আৰু ই ঠিক ৰেগিং নহয়।”
ফলাফল
ফেক্ট ক্ৰেচেণ্ডোৱে সামাজিক মাধ্যমত ভাইৰেল ছবিখন মিছা বুলি ঠাৱৰ কৰিছে । প্ৰচলিত ভিডিঅ’টোত শ্ৰীলংকাৰ এখন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কনিষ্ঠসকলৰ সৈতে কৰা এটা ধেমালি দেখুওৱা হৈছে আৰু ছ’চিয়েল মিডিয়াত দাবী কৰা অনুসৰি ভিডিঅ’টো মুছলমান মহিলাসকলৰ ওপৰত কৰা সাম্প্ৰদায়িক অত্যাচাৰৰ নহয়। এই ভিডিঅ’টোৰ ভাৰতৰ সৈতে বা শেহতীয়া হিজাব বিতৰ্কৰ সৈতে কোনো সম্পৰ্ক নাই।
(যদি আপোনাৰ ওচৰত কোনো সন্দেহজনক বাৰ্তা, পোষ্ট, ফটো, ভিডিঅ’ বা বাতৰি আছে, সেইবোৰ তথ্য পৰীক্ষাৰ বাবে আমাৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰক। শেহতীয়া তথ্য পৰীক্ষাবোৰ পঢ়িবলৈ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰত ফেক্ট ক্ৰেচেণ্ডো অসমীয়া অনুসৰণ কৰক।)

Title:২০১৯ চনৰ শ্ৰীলংকাৰ এখন বিশ্ববিদ্যালয়ৰ ভিডিঅ’ ভাৰতত মুছলমান মহিলাক উৎপীড়ন কৰা বুলি শ্বেয়াৰ কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: Missing Context
