FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

Partly-False Social

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ কাণ্ড। 

সেই ফটোখন আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770 লৈ প্ৰেৰণ কৰি তাৰ সত্যতা জানিব বিচৰা হৈছিল । Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ফটোখন প্ৰকৃততে সত্য ফটো আৰু সেই বেঁকাকৈ অঁকা ৰেখাডালৰ আঁৰত আছে এটা কাহিনী। 

সত্যতা নিৰূপন পদ্ধতি

আমি মন কৰিলো যে বিভিন্ন সংবাদ প্ৰতিস্থানে বিষয়টোৰ অনুসন্ধান কৰিছে ক্ষেত্ৰভিত্তিক তদন্তৰে,যিহেতু যোৱা কিছুদিন ধৰি ফটোখন ভাইৰেল হৈ আছে আৰু সেই মতে বাতৰিও প্ৰকাশ হৈ আছে। 

বাতৰি মতে, সেই বিশেষ পথটো আছে ডিনদিগুল জিলাৰ সানাৰপত্তি কেন্দ্ৰৰ মানিয়াক্কাৰানপত্তিত। বগা ৰেখাডালত থকা বেঁকাখিনিত, এটা সৰু গাঁত আছে। ছভেৰী ড্ৰিংকি ৱাটাৰ প্ৰজেক্টৰ বাবে এটা ভাল্ভ বহুওৱাৰ বাবে সেই গাঁতটো খণ্দা হৈছে। 

স্থানীয় লোকসকলে গাড়ীচালক তথা পথচাৰীক সাৱধান কৰি দিবৰ বাবে সেই গাঁতটোত নাৰিকল গছৰ পাত ভৰাই থৈছিল। সেইবাবেই কৰ্মচাৰীসকলে তাৰ চৌপাশে বগা ৰেখা অংকন কৰি দিছিল। 

Screenshot, Hindu Tamil article’s translation

Original Link- Hindu Tamil | Archived Link

ETV Bharat | Behindthewoods

গতিকে সত্যটো নজনাকৈয়ে কিছুমান মানুহে মীম বনাই সেই ফটোখন ব্যংগ কৰি বিভিন্ন মন্তব্যৰে শ্বেয়াৰ কৰিছে আৰু আন বহুতে তাকেই বিশ্বাস কৰি আকৌ শ্বেয়াৰ কৰিছে। 

ফেক্ট ক্ৰেছেণ্ডো তামিলে কিছুদিন পূৰ্বে ইয়াৰ সত্যতা নিৰূপন কৰিছিল। 

ফলাফল

ফটোখনৰ সৈতে ভাইৰেল হোৱা তথ্যখিনি প্ৰাসংগিক সত্য তথ্য নহয়।যদি আপোনালোকে তেনেকুৱা সন্দেহজনক পোষ্ট, ফটো আৰু ভিডিও ছোচিয়েল মিডিয়াত দেখে তেনেহলে আমাৰ ফেক্টলাইন হোৱাটছএপ নম্বৰ +91 9049053770লৈ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিব।

Avatar

Title:এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *