ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

ফেচবুকত ২০১৬ চনতেই ভাইৰেল হোৱা এখন ফটো সম্প্ৰতি হোৱাটচ এপ্পত আকৌ শ্বেয়াৰ হব ধৰিছে । দাবী কৰা হৈছে যে এই ফটোখনত দেখা গদা আকৃতিৰ বৃহৎ বস্তুটো আচলতে হনুমানৰ গদা হয় আৰু ইয়াক শ্ৰীলংকাত এক খনন কাৰ্য্যৰ সময়ত উদ্ধাৰ কৰা হৈছে ।

হোৱাটচ এপ্পত ফটোখনৰ সম্বলিতে লিখা হৈছে যে "হনুমানে ব্যৱহাৰ কৰা গদাটো শ্ৰীলংকাত উদ্ধাৰ কৰা হৈছে আৰু এই গদাটো ইমানেই গধুৰ যে দুখন ক্ৰেন মেচিনৰ সহায়ত হে ইয়াক দাঙিবলৈ সক্ষম হৈছে । অৱশ্যে গদাটো শ্ৰীলংকাৰ ক'ত পোৱা গৈছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ।"

WhatsApp Image 2019-11-04 at 12.47.47.jpeg

সঁচাকৈ এইয়া হনুমানৰ গদা নেকি? সত্যতা নজনাকৈ শ শ মানুহে এই ফটোখন শ্বেয়াৰ কৰিছে যিহেতু ই এক ধৰ্মীয় অনুভূতিৰ লগত জড়িত । আমি ইয়াৰ সত্যতা জানিবলৈ চেষ্টা কৰিলোঁ ।

প্ৰণালী

আমি ফটোখন লৈ গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি এই ৰিজাল্টখিনি পালোঁ:

hanuman reverse.png

আমি এই বিষয়টোৰ লগত প্ৰাসংগিকতা থকা কিছুমান শব্দ ব্যৱহাৰ কৰি আকৌ গুগলত চাৰ্চ কৰিলোঁ, ফলত আমি এইয়া পালোঁ:

Hanumanji Gadha Found in Sri Lanka During Excavation : Facts

ফটোখনত দেখা পোৱা গদাটো আচলতে এটা গদাৰ ৪৫ ফিট প্ৰতিৰূপ হয় আৰু এইটোক এটা ১২৫ ফিট ওখ হনুমানৰ মূৰ্তিত স্থাপন কৰিবলৈ যোজা চলাই থকা হৈছে । এই মূৰ্তিটো হনুমান জয়ন্তী উপলক্ষ্যে ২৫ এপ্ৰিল, ২০১৩ তাৰিখে মধ্য প্ৰদেশৰ ইন্দোৰৰ ওচৰত স্থাপিত কৰা হৈছিল । শ্ৰীলংকাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । এই ভুৱা বাতৰিটো তেতিয়াৰ পৰাই ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন ধৰণে বিভিন্ন সময়ত শ্বেয়াৰ হৈ আছে ।

গদাটো যে আচলতে পুৰণি নহয় সেয়া আৰু স্পষ্ট হৈ পৰিল যেতিয়া আমি এপ্ৰিল ২১, ২০১৩ তাৰিখে ই'কনমিক টাইমচত প্ৰকাশ পোৱা বাতৰি এটাত একেখন ফটো দেখা পালোঁ । লগতে এই গদাটো স্থাপন কৰোঁতে ৰেকৰ্ড কৰা এটা ভিডিঅ'ও দেখা পালোঁ । ইয়াৰ দ্বাৰা এইয়া স্পষ্ট হৈ পৰিছে যে হোৱাটচ এপ্পত এই ফটোখন যি ধৰণে শ্বেয়াৰ হৈছে সেয়া সম্পূৰ্ণ ভুৱা ।

hanuman youtube.png

এই ভুৱা বাতৰিটোৰ ওপৰত আন নিউজ গোষ্ঠীয়েও ৰিপৰ্ট প্ৰকাশ কৰিছে:

https://www.scoopwhoop.com/inothernews/indian-hoaxes/

শেষত আমি শ্ৰীলংকাৰ পুৰাত্ত্বও বিভাগৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে আমাক জনালে যে হনুমানৰ লগত জড়িত একো বস্তু আজিলৈকে শ্ৰীলংকাত উদ্ধাৰ কৰা হোৱা নাই ।

ফলাফল

ফটোখন আচলতে যে ইন্দোৰৰ ওচৰৰ এটা মন্দিৰৰ হয় সেয়া স্পষ্ট হৈ পৰিছে আৰু আমি ইয়াৰ বিষয়ে যথেষ্ট প্রমাণ লাভ কৰিবলৈ সক্ষম হৈছো।

Avatar

Title:শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি?

Fact Check By: Manjori Borkotoky

Result: False