
হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত এটা মেছেজ প্ৰচলন কৰা হৈছে য’ত দাবী কৰা হৈছে যে হোৱাটছএপৰ ফোনকল সমুহ ৰেকৰ্ড হ’ব,ফোনবোৰ মনিটৰ কৰা হ’ব আৰু মন্ত্ৰালয়ৰ সৈতে সংযুক্ত হোৱাৰ পিছত আপোনাৰ তথ্যসমুহ চৰকাৰে পৰীক্ষা কৰিব।কিন্তু আমাৰ অনুসন্ধানে উন্মোচিত কৰিছে যে এইটোও এটা ভূৱা মেছেজ হে।
এটা ভাইৰেল হোৱাটছএপ মেছেজত দাবী কৰা হৈছে যে কাইলৈৰ পৰা(দিনটো নিৰ্দিষ্টকৈ নাই) হোৱাটছএপৰ বাবে নতুন যোগাযোগ নিয়ম প্ৰযোজ্য হ’ব,যাৰ ফলত সকলো হোৱাটছএপ কল ৰেকৰ্ড কৰি সংৰক্ষণ কৰা হ’ব।
ভাইৰেল হোৱা সেই ফৰৱাৰ্ড মেছেজটো তলত দিয়া হ’ল:

মেছেজটোত ইমানলৈকে কোৱা হৈছে যে ফেচবুক,টুইটাৰ,ইনষ্টাগ্ৰামৰ দৰে সকলো ছোচিয়েল মিডিয়া প্লেটফৰ্ম মনিটৰ কৰা হ’ব মন্ত্ৰালয়ৰ জৰিয়তে,গতিকে কোনো চৰকাৰী নেতা,ধৰ্মীয় বিশ্বাস আদিৰ বিৰুদ্ধে কোনো ধৰণৰ অপমানজনক কথা নিলিখিবলৈ অনুৰোধ কৰা হৈছে। আৰু তেনেকুৱা কৰিলে কোনো ৱাৰেন্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা হ’ব।
দীঘলীয়া মেছেজটোৰ শেষৰফালে এটা কোনোদিনেই নুশুনা ব্যৱস্থাৰ কথা কোৱা হৈছে,যিটো যিটো তিনিটা ৰঙা টিকমাৰ্কৰ বিষয়ে। অৰ্থাৎ ৰঙা তিনিটা টিক মাৰ্ক অহা মানে চৰকাৰে সেই মেছেজটোৰ বাবে আপোনাক জবাবদিহি কৰিব পাৰে।
সত্যতা নিৰূপন পদ্ধতি
প্ৰাসংগিক শব্দ লৈ কৰা ছাৰ্চে মুকলি কৰিলে যে এইটো কোনো নতুন দাবী নহয়। ২০১৯চনতো একেটা মেছেজেই প্ৰচাৰ কৰা হৈছিল। মেছেজটো আৰম্ভ হয়,”(ইংলিছ)। ই ইয়াৰ সত্যতা প্ৰমান কৰিবলৈ কোনো নিৰ্দিষ্ট দিনৰ উল্লেখ নকৰে।
অফিচিয়েল চেনেলৰ শেহতীয়া খবৰ মতে হোৱাটছএপে কোনো নতুন যোগাযোগ নিয়ম আৰম্ভ কৰা নাই আৰু ব্যৱহাৰকাৰীৰ মাজত দেখা দিয়া নেতিবাচক প্ৰতিক্ৰিয়াৰ হেতু মেছেজিং চাৰ্ভিছটোৱে ফেব্ৰুৱাৰীৰ পৰা ১৫মে’লৈ তেওঁলোকৰ নতুন গোপনীয়তাৰ নিয়ম প্ৰযোজ্য কৰা কাৰ্যক বিলম্বিত কৰি থৈছে।কিন্তু পৰৱৰ্তি সময়ত তেওঁলোকে স্পষ্ট কৰি দিছে যে যিয়ে গোপনীয়তাৰ নিয়ম পালন নকৰিব,তেওঁলোকে পৰৱৰ্তী কেইটামান সপ্তাহৰ পৰা সঘনে স্মাৰক বাৰ্তা লাভ কৰিব আৰু কোনো একাউন্ট ডিলিট কৰা নহয়।

Screenshot, Article, The Hindu
Original Link- The Hindu
কিন্তু ভাইৰেল মেছেজটোৱে দাবী কৰাৰ দৰে ইয়াৰ লগত সেই নিয়মৰ কোনো সম্পৰ্ক নাই।
হোৱাটছএপে ২৫৬বিট এণ্ড টু এণ্ড এনক্ৰিপছন ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ ৱেবচাইটে স্পষ্টভাৱে উল্লেখ কৰিছে যে “আপোনাৰ ব্যক্তিগত মেছেজ আৰু ফোনকলৰ গোপনীয়তা আৰু সুৰক্ষাৰ কোনো পৰিৱৰ্তন নহয়। সেইসমুহ এণ্ড টু এণ্ড এনক্ৰিপছনেৰে নিৰপদ কৰি ৰখা হৈছে আৰু হোৱাটছ আৰু ফেচবুকে সেইবোৰ শুনিব নোৱাৰে। আমি এই নিৰাপত্তা ব্যৱস্থা কেতিয়াও শিঠিল হ’ব নিদিওঁ আৰু আমি প্ৰতিটো ছেটেই লেবেল কৰো যাতে আপুনি আমাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে জানিব পাৰে।”

Original Link- WhatsApp FAQ | Archived Link
ইয়াৰ পিছত,ভাইৰেল মেছেজটোত কোৱা হৈছে “যে আপোনাৰ ফোনটো মন্ত্ৰালয়ৰ সৈতে সংযুক্ত হ’ব”। ইয়াতো মেছেজটোৱে নিৰ্দিষ্ট মন্ত্ৰালয় বা কৰ্তৃপক্ষৰ নাম উল্লেখ কৰাত ব্যৰ্থ হৈছে।
হোৱাটছএপত ফৰৱাৰ্ড হৈ অহাৰ ফলত লাভ কৰা ভিত্তিহীন মেছেজ আৰু সংদেহজনক উপাদানবোৰক বিশ্বাস নকৰাটোৱেই শ্ৰেয়,যিহেতু বেছিভাগ সময়ত সেইবোৰ উৰা বাতৰি বুলি প্ৰমানিত হয়। চৰকাৰ বা আৰক্ষীয়ে আপোনাৰ এনক্ৰিপ্টেড মেছজসমুহ চাব নোৱাৰে।
জাননীটোত ইয়াকো কোৱা হৈছে যে চৰকাৰে প্ৰেৰকৰ মেছেজসমুহ পৰ্যবেক্ষণ কৰি আছে আৰু আপোনাক পৰ্যবেক্ষণ কৰি থকাৰ প্ৰমানস্বৰূপে নতুন টিকমাৰ্ক দেখুওৱা হ’ব। বৰ্তমান তিনি প্ৰকাৰৰ টিক আছে, এডাল টিক,যাৰ অৰ্থ মেছেজটো প্ৰেৰিত হৈছে। দুডাল টিক অৰ্থাৎ মেছেজটো গ্ৰহন কৰা হৈছে আৰু দুডাল নীলা টিক মানে মেছেজটো পঢ়া হৈছে।

ৰেড ৰিচিপেন্ট কিদৰে চাব পৰা যায়-হোৱাটএপ
কিন্তু ভাইৰেল মেছেজটোৱে দাবী কৰিছে যে চাৰিবিধ নতুন টিক আৰম্ভ কৰা হৈ প্ৰতিটোৰে ভিন্ন অৰ্থসহিতে। সেই চাৰিওবিধ টিকৰ কথা শুনা নাই কোনেও আৰু কোনো হোৱাটএপ মেছেজতে দেখাও যোৱা নাই। চৰকাৰে হোৱাটছএপৰ ব্যক্তিগত মেছেজ পঢ়িব নোৱাৰে। হোৱাটছএপত ফৰৱাৰ্ড হোৱা কোনো মেছেজ প্ৰৰক আৰু প্ৰাপকৰ বাহিৰে কোনো তৃতীয় পক্ষই পঢ়িব নোৱাৰে। ভূৱা মেছেজটোত কোৱা তিনিটা টিকৰ ধাৰণাটোৰো কোনো সত্যতা নাই,যিহেতু হোৱাটছএপে তেনেকুৱা কোনো ব্যৱস্থা ৰখায়ে নাই। গতিকে এইটো এটা নিৰাধাৰ দাবী।
হোৱাটছএপ ব্লগেও কয়,”আমি এই কথা স্পষ্ট কৰি দিব বিচাৰো যে নতুন গোপনীয়তাৰ নিয়মে ব্যক্তিগত মেছেজক প্ৰভাৱিত কৰিব নোৱাৰে। পৰিৱৰ্তনসমুহ অপছনেল বিজনেছ ফীছাৰ্ছৰ ক্ষেত্ৰত হে হোৱাটছএপত কৰা হৈছে আৰু ই আমি কিদৰে ডাটা সংগ্ৰহ আৰু ব্যৱহাৰ কৰো তাৰ ক্ষেত্ৰত অধিক স্বচ্ছতা প্ৰদান কৰিছে।”
কেইমাহমান পূৰ্বে ফেক্ট ক্ৰেছেণ্ডোৱে এই দাবীক নস্যাৎ কৰিছিলো।
ফলাফল
আমাৰ অনুসন্ধানে মুকলি কৰিলে যে নতুন গোপনীয়তাৰ নিয়ম প্ৰযোজ্য হোৱাৰ পিছতো হোৱাটছএপৰ কল ৰেকৰ্ড কৰিব নোৱাৰি,ফোনসমুহ মনিটৰ কৰা নহ’ব আৰু চৰকাৰেও আপোনাৰ তথ্য চাব নোৱাৰিব।
লগতে হোৱাটছএপত তিনিটা টিক,ৰঙা টিক আৰু চৰকাৰে আপোনাৰ মেছজৰ ওপৰত নিৰ্দিষ্ট এপেৰে চোৰাংচোৱাগিৰি কৰি আছে বুলি কৰা দাবীও ভিত্তিহীন। হোৱাটছএপে নিশ্চিতি প্ৰদান কৰে যে সকলো যোগাযোগেই এণ্ড টু এণ্ড এনক্ৰিপ্টেড।

Title:হোৱাটছএপে আপোনাৰ কল ৰেকৰ্ড নকৰে,ফোনসমুহ চৰকাৰৰ দ্বাৰা পৰ্যবেক্ষণত ৰখা নহ’ব
Fact Check By: Manjori BorkotokyResult: False
