
ভাৰতত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা যিমানে বাঢ়িছে সিমানেই ছোচিয়েল মিডিয়াত সাৱধানতা আৰু যতনৰ কথা সিমানে বাঢ়িছে। তেনেকুৱা এটা দাবী অসমৰ হোৱাটছএপত ভাইৰেল হৈছে যে কৰ’ণাভাইৰাছৰ বেমাৰ ভাল হোৱাত গৰম পানীৰ ভাপ উশাহত লোৱাতো জৰুৰী। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই হোৱাটছএপত এটা মেছেজ পালো য’ত ভাপ লোৱা কামটোৱে ভাইৰাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাত সহায় সচাকৈ কৰে বোলা দাবীটো সচানে জানিব বিচৰা হৈছিল।
কোভিড১৯ ৰোধ কৰাত ভাপ লোৱাটো এতিয়াও প্ৰমানিত বিধি হিচাপে বিবেচিত হোৱা নাই। এই উপচাৰটো সঠিক নহয় আৰু বিপজ্জনক হোৱাৰ সম্ভাৱনা থকা কথাটো ফেক্টক্ৰেছেণ্ডো অসমীয়াই সত্যতা নিৰূপন কৰি মিছা বুলি প্ৰমান কৰিছে।
সত্যতা নিৰূপন পদ্ধতি
বহু মানুহে বিশ্বাস কৰে যে ভাপ লোৱাটো ফলপ্ৰসূ আৰু ই চৰ্দি আৰু স্বাসতন্ত্ৰৰ সংক্ৰমন ৰোধত ফলপ্ৰসূ। কিন্তু ভাপটো কৰ’ণাভাইৰাছৰ চিকিৎসা হিচাপে আমেৰিকাৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনছন(চিডিচি) অথবা বিশ্ব স্বাস্থ্য সংস্থা কোনোৱে স্বীকৃতি নাই দিয়া।
দ্য লেনচেটৰ দ্বাৰা মাইক্ৰ’বত প্ৰকাশ কৰা এক অধ্যয়নত SARS -CoV-2ৰ ওপৰত উচ্চ পৰ্যায়ৰ উষ্ণতাই কি প্ৰভাৱ পেলায় তাক গৱেষণাগাৰত লক্ষ্য কৰা হৈছে। গৱেষকসকলে পাইছে যে ভাইৰাছটো ৭০ ডিগ্ৰী চেন্টিগ্ৰেড(১৮০ ডিগ্ৰী ফাৰেণহাইট)ত ৫ মিনিটৰ বাবে ৰাখিলে ধ্বংস হয়। গতিকে আমি অতি কমেও ৭০ৰ পৰা ৭৫ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাৰ ভাপ উশাহত ল’ব লাগিব,যিটো মানৱ শৰীৰৰ বাবে বিপজ্জনক।

Screenshot, The Lancet
Original Link- The Lancet
আমি দেখিলো যে ভাপ উশাহত লোৱাৰ ফলত জ্বলনৰ সমস্যা হ’ব পাৰে। আমেৰিকান বাৰ্ণ এছ’চিয়েচনৰ নিয়ম মতে “৬০ ডিগ্ৰী চেন্টিগ্ৰেডত ৩ চেকেণ্ডৰ বাবে থাকিলেই অস্ত্ৰোপচৰাযোগ্য গুৰুতৰ দহন হ’ব পাৰে।”
এটা ভাইৰেল মেছেজত উল্লেখ কৰা চিকিৎসক,মাডুৰাইৰ যৌন ৰোগ বিশেষজ্ঞ ডা: এন.এন. কন্নাপানৰ সৈতে ফেক্টক্ৰেছেণ্ডো অসমীয়াৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল। তেওঁ সেই দাবীটো নস্যাৎ কৰিছে।
ফলাফল
উশাহত গৰম পানীৰ ভাপ লোৱাটো কৰ’ণাভাইৰাজ ধ্বংস কৰাত ফলপ্ৰসূ বুলি কৰা দাবীটো মিছা। ভাইৰেল মেছেজটোৱে সাধাৰণ জনতাক বিভ্ৰান্ত কৰিছে আৰু তেওঁলোকক গৰম পানীৰ সংস্পৰ্শৰ সৈতে হ’ব পৰা বিপদলৈ লৈ গৈছে।

Title:উশাহত ভাপ লৈ কোভিড ১৯ৰ বিজানু ধ্বংস কৰিব নোৱাৰি।
Fact Check By: Manjori BorkotokyResult: False
