FACT CHECK: অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!

False Political

দেশত কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰি অব্যাহত থকা কৃষক আন্দোলনৰ বাবে বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰা দেখা গৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে অনুৰূপ ভাইৰেল উপাদান আগতেও চিনাক্ত কৰিছে। ইয়াৰ মাজতেই পাগুৰী পৰিহিত একাংশ লোকৰ দুখনকৈ ফটো ভাইৰেল ৰৈ পৰিছে। প্ৰথম ফটোখনত সেইউজীয়া পাগুৰী পৰিহিত এজন লোক আৰু দ্বিতীয় ফটোখনত এজন আহত পাগুৰী পৰিহত ব্যক্তিৰ। অসমত ভাইৰেল হৈ পৰা ফটোদুখনৰদ্বাৰা দাবী কৰা হৈছে যে দুয়োখন ফটোত থকা লোক এজনেই। ভাইৰেল হৈ পৰা পোষ্টৰ মতে, ভাৰতীয় সেনাৰ শিখ ৰেজিমেন্টৰ পৰা অৱসৰপ্ৰাপ্ত সেনা বিষয়া কেপ্টেইন পিপিএছ ধীল্লোনক শেহতীয়া কৃষক আন্দোলত মাৰপিট কৰা হৈছে। 

ভাইৰেল হোৱা পোষ্টটোত লিখা হৈছে – “দুয়োখন ফটোতেই এজনেই মানুহ

সেনাবাহিনীত জীৱনৰ আধা বয়স দি, পিছত খেতিয়ক হিচাপে নিয়োজিত কৰিছিল নিজকে। এতিয়া চৰকাৰৰ কৃষকবিৰোধী আইনৰ প্ৰতিবাদ কৰিবলৈ আহি কন্দুৱা গেছৰ চেলে চকুত আঘাট কৰিও হাৰ মনা নাই তেওঁ।

কৃষক বিৰোধী আইন আঁতৰাইহে ঘৰলৈ ঘুৰি যাব তেওঁ।

চেল্যুত DPS ধিল্লুন চাহাব। 🙏”

WhatsApp Image 2020-12-04 at 08.55.40.jpeg

ভাইৰেল হোৱা কেইটামান পোষ্টৰ লিংক দিয়া হৈছে- 

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

সত্যতা নিৰূপন পদ্ধতি

আমি আমাৰ তদন্ত আৰম্ভ কৰিলো গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চেৰে। ফটোখন লৈ ছাৰ্চ কৰি চাওতে আমি পালো এনেকুৱা এটা ফেচবুক পোষ্ট,যিটোত একেজন সেনা বিষয়াৰ ফটো লগোৱা হৈছে। পোষ্টটোত লিখা হৈছে- “Today is my father’s birthday, Hon. Captain Pirthipal Singh Dhillon retired in 1993, 17 Sikh Regiment. He is one of the soldiers who fought in 1965, 1971 and 1989–90 (Sri Lanka). God bless you.”(আজি মোৰ দেউতাৰ জন্মদিন। তেখেত ১৯৯৩ চনত সেনাৰ ১৭ শিখ ৰেজিমেন্ট পৰা অৱসৰ লোৱা বিষয়া সন্মানীয় কেপ্তেইন প্ৰিতপাল সিং ধীল্লোন। তেওঁ ১৯৬৫,১৯৭১ আৰু ১৯৮৯-৯০(শ্ৰীলংকাৰ)ত যুদ্ধ কৰা সৈনিক। ভগবানে তেওঁক কুশলে ৰাখক)

Army Farmer 1.png

Original Link- Facebook | Archived Link

নামৰ ফেচবুক পেজটোত পোষ্টটো দিয়া হৈছে আৰু যিগৰাকী ব্যক্তিয়ে পোষ্টটো দিছে তেওঁ নিজকে কেপ্টেইন প্ৰিতপাল সিং ধীল্লোনৰ পুত্ৰ উবোকেৰ ছৰপঞ্চ সুখৱিন্দৰ সিং বুলি দাবী কৰিছে। 

ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা সুখবিন্দৰ সিঙৰ সৈতে যোগাযোগ কৰাত তেওঁ নিশ্চিত কৰে যে ফটোত থকা লোকজন তেওঁৰ পিতৃ। তেওঁ কয়  “ ভাইৰেল হোৱা পোষ্টটোত থকা লোকজন মোৰ পিতৃ আৰু তেওঁ এগৰাকী সেনা বিষয়া, কেপ্টেইন প্ৰিতপাল সিং ধীল্লোন। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া। আনখন ফটোত দেখা বয়সস্থ লোকজনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। মোৰ দেউতা ঘৰত আছে। তেওঁ বৰ্তমান চলি থকা কৃষক আন্দোনলত যোগদান কৰা নাই। মই লগতে ভাইৰেল হোৱাৰ বাবে ফটোখনত থকা বয়োবৃদ্ধ লোকজনৰ নাতিৰ সৈতেও যোগাযোগ কৰিছিলো।” 

সুখবিন্দৰ সিং পাঞ্জাৱৰ টাৰ্ন তৰণ জিলাৰ পত্তি চহৰৰ উবোকেৰ ছৰপঞ্চ। তেওঁ তদুপৰি তেওঁৰ পিতৃ প্ৰিতপাল সিং ধীল্লোনৰ জন্মদিনৰ এটা ভিডিও ও প্ৰদান কৰে আমাক। 

Original Link- YouTube

ফেক্ট ক্ৰেছেণ্ডোৱে আনখন ভাইৰেল ফটোত দেখা লোকজনৰ নাতিলৰা তেজপাল সিং উত্তলৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক কৈছিল, “ ফটোখনত দেখা লোকজন মোৰ ককাদেউতা। আঘাতপ্ৰাপ্ত লোকজন মোৰ ককা আৰু তেওঁ এজন কৃষক। ছোচিয়েল মিডিয়া ব্যৱহাৰ কৰা লোকসকলে আচলতে দুয়োগৰাকী লোকৰে মুখৰ মিল দেখি বিভ্ৰান্ত হৈছে। দুয়োজন দুজন ভিন্ন লোক। মোৰ ককাই আন্দোলনত যোগ দিছিল আৰু ময়ো তেওঁলোকৰ লগতে আছিলো। পাঞ্জাৱ আৰু হাৰিয়ানাৰ সম্ভু সীমান্তত মোৰ ককাই আৰক্ষীৰ সৈতে হোৱা সংঘাটত আহত হৈছিল। যিহেতু তেওঁ আহত হৈছিল আৰু চকুত চিলাই পৰিছিল, মই তেওঁক ঘৰলৈ পঠিয়াই দিছিলো।”

তেজপাল সিং উত্তলে তেওঁৰ ককা এছ. বলৱন্ত সিং উত্তলৰ এক ভিডিও ও আমাক প্ৰেৰণ কৰে। ভিডিওটোত তেওঁ কিদৰে আহত হৈছে সেই কথা কোৱা হৈছে। 

Original Link- YouTube

একেটা দাবীয়েই বহুকেইটা ভাষাত ভাইৰেল হৈ পৰিছে। একেটা দাবীকে লৈ ফেক্ট ক্ৰেছেণ্ডোৱে কৰা কেইটামান সত্যতা নিৰূপন এনেকুৱা ধৰণৰ।:

Fact Crescendo English

Fact Crescendo Tamil

Fact Crescendo Odia

ফলাফল

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে দাবীটো মিছা। ফটোত দেখা লোক দুজন ভিন্ন। এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু আনজন কৃষক। এজনৰ আনজনৰ লগত কোনো সম্পৰ্ক নাই।

Avatar

Title:অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *