
শেহতীয়াভাৱে ইণ্ডোনেছিয়াৰ এজন কফিন নিৰ্মাতাৰ ঘৰৰ মুধচত সৰি পৰা এটা উল্কাপিণ্ডৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে আৰু সেই ঘটনাটোক লৈ কৰা পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। পোষ্টবোৰত বুজাব খোজা হৈছে যে সেই উল্কাপিণ্ডটোৰ মূল্য কেইবামিলিয়ন ডলাৰ আৰু ঘটনাটোৱে লোকজনৰ জীৱনেই সলনি কৰি পেলাইছে।
দাবী কৰা হৈছে যে ১.৮মিলিয়ন ডলাৰ(ভাৰতীয় টকাৰ মূল্যত কেইবা কোটি টকা হব) মূল্যৰ হ’ব পিণ্ডটো, যিটোৱে মানুহজনক ৰাতিটোৰ ভিতৰতেই মিলিয়নিয়াৰ বনাই পেলালে।
অসমতো ভাইৰেল হৈ পৰা অনুৰূপ পোষ্ট কিছুমান এনেধৰণৰ:
Ishan Newsএ এটা খবৰ তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজত “আকাশৰ পৰা সৰি পৰা উল্কাপিণ্ডই নিশাটোৰ ভিতৰতে কোটিপতি কৰিলে কাক?” বুলি শিৰোনাম দি ২০ নৱেম্বৰ, ২০২০ত ৰাতিপুৱা ৯:০১ বজাত প্ৰকাশ কৰিছে।

Original Link-Facebook | Archived Link
উক্ত পোষ্টটোত বৰ্তমানলৈকে ২৭ টা কমেণ্ট, ৫১০ টা ৰিয়েকচন আৰু ১২৪ টা শ্বেয়াৰ আছে ।
TIME8 Axom নামৰ ফেচবুক পেজটোৱেও ১৮ নৱেম্বৰ, ২০২০ত সন্ধ্যা ৫:৩৯ বজাত “ভগৱানে যেতিয়া দিয়ে হৃদয় খুলি দিয়ে; আকাশৰ পৰা এনেকুৱা বস্তু পৰিল নিশাতে হৈ পৰিল কোটিপতি” শিৰোনামেৰে এটা পোষ্ট প্ৰকাশ কৰিছে।

Original Link- Facebook | Archived Link
Original Link, Article- Time8 | Archived Link
উক্ত পোষ্টটোত বৰ্তমানলৈকে ২৪৬ টা কমেণ্ট, ১৪০০০ টা ৰিয়েকচন আৰু ৩১৩ টা শ্বেয়াৰ আছে ।
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে দাবীটো আংশিকভাৱেহে সত্য। উল্কাপিণ্ডটো আচলতে মিলিয়ন ডলাৰ মূল্যৰ নহয়। আহক সত্যতা জানি লওঁ।
সত্যতা নিৰূপন পদ্ধতি :
প্ৰথমে আমি এটা গুগল ছাৰ্চ কৰি চালো আৰু “N. Sumatra man disappointed after selling million-dollar space rock for Rp 200m” শিৰোনামেৰে ২০২০ চনৰ ২০ নৱেম্বৰত জাকাৰ্টা নিউজে প্ৰকাশ কৰা বাতৰি এটা পালো।

Original Link- The Jakarta Post | Archived Link
বাতৰিটো মতে জচোৱা হুটাগুলাং নামৰ লোকজনে তেওঁৰ ঘৰৰ মুধচত সৰি পৰা উল্কাপিণ্ডটো ১৪,০০০ ডলাৰত (ভাৰতীয় টকাৰ মূল্যত ১০ লাখ মান টকা) বিক্ৰী কৰিছিল আৰু পিছত গম পালে যে সেইটোৰ মূল্য প্ৰকৃততে তাৰ ১০০গুণ বেছি অৰ্থাৎ ১.৮৫ মিলিয়ন ডলাৰ হব পাৰে। হুটাগুলাঙে কৈছে যে আমেৰিকাৰ সংবাদ মাধ্যমে তেওঁক হঠাৎ মিলিয়নিয়াৰ হৈ পৰা বুলি প্ৰকাশ কৰাৰ পৰিৱৰ্তে আচলতে তেওঁ আমেৰিকাৰ উল্কা বিশেষজ্ঞ জেয়াৰ্ড কলিন্সৰ ওচৰত উল্কাপিণ্ডটো তাৰ প্ৰকৃত মূল্যৰতকৈ বহু কম মূল্যত বিক্ৰী কৰি ‘প্ৰৱঞ্চিত’ হে হৈছে।
আমি তদুপৰি The Indonesian meteorite which didn’t sell for for 1.8m” শিৰোনামেৰে ২০২০চনৰ ২১ নৱেম্বৰত বিবিচিত প্ৰকাশিত এটা বাতৰিও পালো। য’ত প্ৰকাশ কৰা হৈছে এই পিণ্ডটো ইয়াৰ প্ৰকৃত মূল্যতকৈ বহুত কম মূল্যত বিক্ৰী কৰা হৈছে।

Original Link- BBC News | Archived Link
“A coffin maker says he feel ‘cheated’ after selling a meteorite that smashed through his roof for $14,000,but the price was probably fair” শিৰোনামেৰে ২০২০ চনৰ ২২ নৱেম্বৰত দ্য ইনচাইডাৰে প্ৰকাশ কৰা বাতৰি এটায়ো অশ্বীকাৰ কৰিছে যে তেওঁ সেইটো মিলিয়ন ডলাৰতকৈ অধিক মূল্যত বিক্ৰী কৰিছে। Original Link- Insider | Archived Link
উল্কাপিণ্ডৰ কাহিনী
আগষ্টৰ প্ৰাৰম্ভতে সুমাত্ৰাৰ জচোৱা হুটাগুলাঙ নামৰ কফিন বিক্ৰেতা এজনে এটা শব্দ শুনিছিল আৰু কেই চেকেণ্ডমান পিছতেই এটা বস্তু তেওঁ ঘৰৰ ওপৰত সৰি পৰিছিল।
জচোৱাই দেখিলে যে সেই কঠিন বস্তুটোৱে এনেকুৱা গতিত সোমাই আহিছে যে সেইটোৱে ধাতুৰে নিৰ্মিত মুধচ ফালি মজিয়াৰ ১৫ চেন্টিমিটাৰ ভিতৰলৈ সোমাই গৈছে। তাৰ পিছতে সেই শিলৰ দৰে বস্তুটো,যাৰ ওজন প্ৰায় ২কেজি, তেওঁ খান্দি উলিয়ায়। তেওঁ উলাহতে তাৰ ফটো তুলি ফেচবুকত দিলে আৰু সেই খবৰ তেওঁ ঘৰ সুমাত্ৰ,ইণ্ডোনেছিয়াৰ পৰিধি ভাঙি দূৰ সুদুৰলৈ বিয়পি পৰিল। জচোৱাই উল্লেখ কৰিলে যে সেই শিলৰ টুকুৰাটো ক্ৰয় কৰিবলৈ সংগ্ৰাহকসকল আগ্ৰহী হ’লে যোগাযোগ কৰক।
তাৰ পিছতে একাংশ সংগ্ৰাহকে ইণ্ডোনেছিয়াত বাস কৰা আমেৰিকাৰ সংগ্ৰাহক জেয়াৰ্ড কলিন্সে এইক্ষেত্ৰত কিবা সহায় কৰিব পাৰে নেকি জানিব বিচাৰিলে।
তেওঁ,সুমাত্ৰালৈ গৈ জচোৱা লগ ধৰি শিলৰ টুকুৰাটো পৰীক্ষা কৰি তাৰ প্ৰকৃততা জানি ল’লে আৰু সেইটো উচিৰভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিলে।
দৰদামৰ ক্ষেত্ৰত জচোৱাৰ সৈতে একমত হোৱাৰ পিছতেই সেইটো জেয়াৰ্ডক বিক্ৰী কৰা হয় বুলি বিবিচিত প্ৰকাশ।
উল্কাপিণ্ডটো ৪.৫বিলিয়ন বছৰ পুৰণি আৰু ইংলণ্ডৰ কাকত মেট্ৰোৰ মতে CM1/2 carbonaceous Chordrite নামৰ দুৰ্লভ প্ৰজাতিৰ।
Original Link- Metro | Archived Link
ফলাফল
নিজৰ ঘৰৰ মুধচত আকাশৰ পৰা সৰি পৰা উল্কাপিণ্ড বিক্ৰী কৰি সুমাত্ৰাৰ লোকজনে মিলিয়ন ডলাৰ উপাৰ্জন কৰা নাছিল, তেওঁ কেৱল ১৪০০০ডলাৰ হে পাইছিল, যি ভাৰতীয় টকাৰ মূল্যত ১০ লাখ মান টকা হব ।

Title:ইণ্ডোনেছিয়াৰ এই লোকজনে নিজৰ ঘৰৰ ওপৰত সৰি পৰা উল্কাপিণ্ড বিক্ৰী কৰি ১.৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰা নাই!
Fact Check By: Manjori BorkotokyResult: Partly False