
ৰাজ্যখনৰ বিভিন্ন ফেচবুক টাইমলাইনত এতিয়া তেজপুৰৰ বিখ্যাত লিছুৱে জিওগ্ৰাফিকেল টেগ লাভ কৰা বুলি বিভিন্ন পোষ্টৰ জোৱাৰ উঠিছে। অসমৰ কিছুমান নিউজ পোৰ্টেলে প্ৰচাৰ কৰা কিছুমান পোষ্টো লাহে লাহে ভাইৰেল হোৱা দেখা গৈছে। তেনেকুৱা এটা বাতৰি থকা এটা লিংক শ্বেয়াৰ কৰা হৈছিল এই শীৰ্ষকটোৰে- “তেজপুৰৰ লেচুলৈ জি আই টেগ” বুলি ফেজবুক পেজ Northest Now Assameseএ ৭ নভেম্বৰ ২০২০ত, ৰাতিপুৱা ১০ বাজি ২৭মিনিটত প্ৰচাৰ কৰিছিল।
Original Link- Facebook | Archived Link
এইটোও তেনেকুৱায়ে এটা বাতৰিৰ লিংক, যিটো ফেচবুক ব্যৱহাৰকাৰী চৈয়দ ইস্কন্দৰ মজিবএ ৭ নভেম্বৰ ২০২০, ১২ বাজি ২০মিনিটত “অসমৰ তেজপুৰৰ বিখ্যাত ৰসাল লেচুৱে ভৌগলিক মান্যতা (জি আই টেগ) লাভ কৰিবলৈ সক্ষম হৈছে।
জি আই টেগ লাভ কৰাৰ ফলত এইবিধ ৰসাল ফলে নিজা ঠাইৰ মান্যতা লাভ কৰাৰ লগতে অন্য ঠাইত উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতা থাকিব।এগ্ৰিকালচাৰেল এণ্ড প্ৰ’চিড ফুড প্ৰ’ডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি(এপিইডিএ)য়ে টুইটাৰৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰে।
তেজপুৰৰ লেচু ইয়াৰ সোৱাদ আৰু আকাৰৰ বাবে অসমত বিখ্যাত।
এই লেচুত ৬০ শতাংশ ৰস, ১৯ শতাংশ গুটি, ১৩ শতাংশ ছাল আৰু ৮ শতাংশ মঙহাল অংশ থাকে।
ইয়াৰ উপৰিও এই লেচু হ’ল ভিটামিন-চি, প্ৰটিন আৰু বিভিন্ন প্ৰকাশৰ দেহৰ বাবে প্ৰয়োজনীয় উপকৰণৰ এক প্ৰধান উৎস।
তেজপুৰৰ লেচুৰ উপৰিও অসমৰ আদা, ভোট জলকীয়া আদিয়েও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল।“ শীৰ্ষকেৰে পোষ্ট কৰা হৈছিল। Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে পোষ্টকেইটাই উল্লেখ কৰাৰ বিপৰীতে তেজপুৰৰ লিছুৱে ২০১৫চনতেই জিআই টেগ লাভ কৰি থৈ আছে। সত্যতা নিৰূপন তলত দিয়া হৈছে।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি প্ৰাসংগিক শব্দকেইটামানেৰে গুগল চাৰ্ছ কৰিলো আৰু Agricultural and Processed Food Products Export Development Authority (APEDA)ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইট পঢ়িবলৈ পালো যিটো ৬ নৱেম্বৰত ৪ বাজি ১৩ মিনিটত কৰা হৈছিল। সেই টুইটটোত উল্লেখ কৰা হৈছিল যে তেজপুৰৰ লিছুৱে জিওগ্ৰাফিকেল টেগ লাভ কৰিছে, যিটোৱে বিতৰ্কহীনভাৱে প্ৰমান কৰে তাৰ মূল ৰাজ্য আৰু আন কোনো ঠাইতে ইয়াক উতপাদন কৰাৰ পৰা বাৰণ কৰে।
Original Link- Twitter | Archived Link
আমি পালো যে এইটো এটা সাধাৰণ পোষ্ট যত জিআই টেগ লাভৰ কোনো দিন বাৰ তাৰিখৰ বিশেষ উল্লেখ নাই। আমি সেই হেণ্ডেলটো পৰীক্ষা কৰিলো আৰু তাৰ পৰা কৰা একেধৰণৰ পোষ্ট কিছুমান পালো যত বিভিন্ন ঠাইৰ বিভিন্ন উত্পাদিত সামগ্ৰীৰ তথ্য উল্লেখ আছে।
আমি Office of the Controller of Patents, Designs and Trademarks, Ministry of Commerce and Industry, Government of India.ৰ অফিচিয়েল ৱেবচাইটত এটা পিডিএফ ফাইলো লাভ কৰিলো। সেই পিডিএফটোত তেজপুৰৰ লিছু ২০১৪ৰ এপ্ৰিলৰ পৰা ২০১৫ৰ মাৰ্চৰ ভিতৰৰ তালিকাত স্থান দিয়া হৈছে।
Screenshot IPINDIA PDF
Original Link- ipindia pdf | Archived Link
ইয়াৰ পিছতে আমি Times of Indiaৰ অনলাইন সংস্কৰণৰ ২০১৫ৰ ৩১ মাৰ্চতে প্ৰকাশিত এটা বাতৰি লাভ কৰিলো যিটোৰ শীৰ্ষক দিয়া হৈছিল “Assam’s pungent ginger, juicy litchi get GI tag.” (অসমৰ জ্বলা আদা আৰু ৰসাল লিছুৱে লাভ কৰিলে জিআই টেগ।) Original Link- Times Of India | Archived Link
বাতৰিটোত কোৱা হৈছে “ অসমৰ কাৰ্বি আংলঙৰ জ্বলা আদা আৰু তেজপুৰৰ ৰসভৰা লিছুৱে লাভ কৰিলে বহু প্ৰত্যাশিত জিআই টেগ। যিয়ে এই দুইবিধ সামগ্ৰীক তৰ্কাতীতভাৱে ইয়াৰ মূল উতপাদক ৰাজ্যৰ প্ৰমান প্ৰদান কৰিলে আৰু আন ঠাইত ইয়াক উতপাদন কৰাৰ পৰা বাৰণ কৰিলে।”
তাৰ পিছত আমি যোগাযোগ কৰিলো গুৱাহাটীক কাহিকুচিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰ মূখ্য বিজ্ঞানী ড. শৰত শইকীয়াৰ সৈতে আৰু তেওঁ নিশ্চিত কৰিলে যে তেজপুৰৰ লিছুৱে ২০১৪-১৫তেই জিআই টেগ লাভ কৰি থৈছে।
ফেক্ট ক্ৰেছেণ্ডোৱে উত্তৰ পূৱ আঞ্চলিক কৃষি বিপনন নিগম পৰিসীমিত(NERAMAC) ৰ পৰিচালন সঞ্চালকৰ সৈতেও যোগাযোগ কৰিছিল আৰু তেওঁৱো ফেক্ট ক্ৰেছেণ্ডোনে নিজৰ সত্যাসত্য পৰীক্ষাত লাভ কৰা তথ্যখিনিক মান্যতা প্ৰদান কৰি কয় যে তেজপুৰৰ লিছুৱে ২০১৪-১৫ বৰ্ষতেই জিআই টেগ লাভ কৰিছে আৰু তাৰ এতিয়া শেহতীয়া বিশেষ নতুন কথা নাই।
জিআই টেগ নো কি?
১৯৯৯ চনৰ Geographical Indications of Goods (Registration and Protection) আইনৰ অধিনত জিআই অৰ্থাত জিওগ্ৰাফিকেল টেগ মূলত এনেকুৱা এটা ব্যৱস্থা যিটোৱে খাদ্য বা কৃষিজাত সামগ্ৰীৰ উত্পাদনৰ মূল অঞ্চলটো সুনিশ্চিত কৰে। World Intellectual Property Organisation (WIPO) ৰ অফিচিয়েল বেৱচাইত মতে “ জিআই হিচাপে নিশ্চিত হবলৈ এটা সামগ্ৰীয়ে নিৰ্দিষ্ট এক ঠাইক মূল উতপাদক অঞ্চল হিচাপে চিহ্নিত কৰিব লাগিব। লগতে সামগ্ৰীবিধৰ গুণাগুন, ধৰণ আৰু প্ৰসিদ্ধি সেই ঠাইৰ সুবাদত হব লাগিব।”
Screenshot WIPO website
Read more here: Original Link- WIPO Website
আমি The Hinduৰ জিআই টেগ সম্পৰ্কে সবিশেষ বৰ্ণনা কৰা এটা ভিডিও লাভ কৰিলো। Original Link- The Hindu | Archived Link
ফলাফল
উপৰোক্ত সত্যতা নিৰূপনৰ পৰা এইটো কথা স্পষ্ট হৈছে যে তেজপুৰৰ লিছুৱে শেহতীয়াভাৱে জিআই টেগ লাভ কৰা নাই। ইয়াৰ পৰা কব পাৰি যে সেই দাবী প্ৰসংগহীন বাবে প্ৰচাৰ কৰি থকা হৈছে।

Title:তেজপুৰৰ লিছুৱে শেহতীয়ভাৱে জিআই টেগ লাভ কৰা নাই, টেগ ২০১৫চনৰে পৰা আছে!
Fact Check By: Manjori BorkotokyResult: Missing Contex