
শেহতীয়াভাৱে বাঘক গো-মাংস দিয়াত বাধা আৰোপ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমুখত আন্দোলন কৰা কাৰ্যৰ পিছত এটা অতি ক্ষীনকায় দুৰ্বল বাঘৰ এখন ফটো অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘৰ ফটো বুলি ব্যাপক ৰূপত চোছিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে ।
ফেক্ট ক্ৰেছচেণ্ডৰ ফেক্টলাইন নম্বৰ 9045053770ত এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰা হৈছিল। স্ক্ৰিণশ্বটটোত এটা ক্ষীন বাঘৰ এটা ফটো আছিল আৰু কেপচন দিয়া হৈছিল “No comments”। পোষ্টটোত এটা শ্বেক ইন টেগ আছিল ‘অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ। এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এই স্ক্ৰিণশ্বটটো আমালৈ প্ৰেৰণ কৰি সেইটো সচাকৈ গুৱাহাটী চিৰিয়াখানাৰ বাঘ হয়নে নহয় তাৰ সত্যতা পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিছিল।
Screenshot forwarded on Fact-line number
‘ফেক্ট ক্ৰেছচেণ্ড’ৱে সত্যতা নিৰূপন কৰি গম পালে যে সেই বাঘটো অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ বুলি কৰা দাবীটো ভুৱা।
সত্যতা নিৰূপন পদ্ধতি
ফটোখন লৈ কৰা গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত আমি পালো ২০১৯ চনৰ ৪ নৱেম্বৰত চাউথ চাইনা মৰ্ণিং পোষ্টত প্ৰকাশিত এটা প্ৰৱন্ধ। প্ৰৱন্ধটোৰ শীৰ্ষক আছিল: “Animal cruelty still plagues Indonesia’s zoos despite outrage voiced on social media, and government’s pledges to do better” ( ছছিয়েল মিডিয়াৰ বহু বলিষ্ঠ কন্ঠৰ প্ৰতিবাদ আৰু চৰকাৰৰ শপতৰ পিছতো ইণ্ডোনেছিয়া চিৰিয়াখানাত জীৱ জন্তুৰ ওপৰত কৰা নৃসংষতা বাঢ়িয়ে আছে)
Screenshot South China Morning Post’s Article
Original Link- South China Morning Post | Archived Link
চাউথ চাইনা পোষ্টৰ প্ৰৱন্ধটোত সেই একেখন ফটো লগোৱা হৈছিল আৰু তাত লিখা হৈছিলঃ “Melani, a critically endangered Sumatran tiger, lies in an emaciated state in her enclosure in Surabaya zoo, Indonesia. Photo: AFP”( মেলানী, বিলুপ্তপ্ৰায় সুমাত্ৰামূলীয় বাঘটো এতিয়া ইণ্ডোনেছিয়াৰ সুৰাবায়া চিৰিয়াখানাত এইদৰে ক্ষীনকায় দুৰ্বল অৱস্থাত নিজৰ গৰালত পৰি আছে)
ইয়াৰ পিছত আমি কেইটামান প্ৰাসংগিক শব্দ লৈ গুগল চাৰ্ছ আৰম্ভ কৰি দিলো। আমি ২০১৩ চনৰ ২৭ মেত চিডনী মৰ্ণি হেৰাল্ডত প্ৰকাশিত এটা প্ৰৱন্ধ লাভ কৰিলো। সেই প্ৰৱন্ধটোৰ শীৰ্ষক আছিল “Zoo takes terrible toll on animals”. সেই প্ৰৱন্ধটো মেলিনী নামৰ সেই দুৰ্বল বাঘটোৰ কথাৰে আৰম্ভ কৰা হৈছিল। সেই প্ৰৱন্ধটোতো একেখন ফটোৱে দিয়া আছিল আৰু ফটোখনৰ কৃতিত্ব লিখক মিচ্ছেল বাচ্ছেলাৰ্ডক দিয়া হৈছিল।
Screenshot The Sydney Morning Herald’s Article
Original Link- The Sydney Morning Herald | Archived Link
এইখিনিৰ পিছত ফেক্ট ক্ৰেছচেণ্ডৱে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ ডি.এফ.ও. তেজছ মৰিস্বামীৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ নিশ্চিত কৰিছিল যে সেই বাঘৰ ফটোখন অসম ৰাজ্যিক চিৰিয়াখানাত থকা কোনো বাঘৰ নহয়।
ফলাফল
মিছা। সেই ক্ষীন বাঘটোৰ ফটোখন ইণ্ডোনেছিয়াৰ এখন চিৰিয়াখানাৰ আৰু এইখন ৭বছৰ পুৰণি এখন ফটো। দাবী কৰাৰ দৰে এইখন অসম ৰাজ্যিক চিৰিয়াখানাৰ ফটো নহয়।

Title:ইণ্ডোনেছিয়াৰ চিৰিয়াখানাৰ ক্ষীনকায় দুৰ্বল বাঘৰ ফটো গুৱাহাটীৰ বুলি প্ৰচাৰ কৰা হৈছে
Fact Check By: Manjori BorkotokyResult: False