অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি ভুৱা অডিঅ’ ক্লিপ ভাইৰেল!

False Social
WhatsApp Image 2020-09-14 at 15.24.32.jpeg

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে । উক্ত অডিঅ’ ক্লিপটোত অসম পুলিচৰ এছ আই পদৰ চাকৰিৰ বাবে ধন লোৱা হয় বুলি এজন লোকে দাবী কৰিছে । 

অডিঅ’ ক্লিপটোত উক্ত লোকজনে আন এজন লোকৰ পৰা চাৰি লাখ টকা দাবী কৰিছে । এই অডিঅ’ ক্লিপটো অসমত ভাইৰেল হৈ পৰিছে আৰু বহুতো লোকে উক্ত ক্লিপটো শ্বেয়াৰ কৰি অসম পুলিচৰ এছ আই পদৰ চাকৰি টকা দিলে পোৱা যাই বুলি দাবী কৰিছে । উল্লেখযোগ্য যে অসম পুলিচৰ এছ আই পদৰ চাকৰিৰ বাবে অচিৰেই পৰীক্ষা অনুষ্ঠিত হব । 

ইন্দ্ৰজিৎ কলিতা নামৰ এজন লোকৰ ফেচবুক প্ৰফাইলৰ পৰা উক্ত অডিঅ’ ক্লিপটো ১২ ছেপ্টেম্বৰ, ২০২০ তাৰিখে আপলোড কৰা হৈছে । তেওঁ উক্ত ফেচবুক পোষ্টটোত, ‘অসম পুলিচৰ SI পদৰ মূল্য কিমান ?

কিমান ঢালিলে চাকৰি পাব ? 

শেষলৈ শুনক’ বুলি কেপচন লিখি উক্ত ভাইৰেল ক্লিপটো আপলোড কৰিছে । উক্ত ফেচবুক পোষ্টটো ৫.৬ হেজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

সঁচাকৈ অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই নেকি? উক্ত ভাইৰেল অডিঅ’ ক্লিপটো কিমান সঁচা? সত্য কি? জানো আহক । 

প্ৰণালী

আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে অসম পুলিচৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে উক্ত অডিঅ’ ক্লিপটো ভুৱা হয় আৰু অসম পুলিচৰ এছ আই পদৰ চাকৰিৰ বাবে ধন লোৱা নহয় আৰু পৰীক্ষা পদ্ধতি সম্পূৰ্ণ ভাৱে নিকা হয় । তেওঁ লগতে সমূহ পৰীক্ষাৰ্থীক এনে ভুৱা বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহবলৈ অনুৰোধ জনাই । 

dgp1.png
dgp2.png

ইয়াৰ পাছত আমি লখিমপুৰ পুলিচৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৰা এক টুইট দেখা পালোঁ য’ত তেওঁলোকে অডিঅ’ ক্লিপটোত ধন দাবী কৰা লোকজন বিচাৰি উলিয়াই তেওঁক আটক কৰা বুলি ফটোৰ সৈতে এক টুইট কৰিছে । তেওঁলোকে লগতে স্পষ্ট কৰিছে যে উক্ত লোকজন আচলতে এজন প্ৰবঞ্চক হয় আৰু তেওঁৰ উক্ত নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত কোনো সম্পৰ্ক নাই । 

dgp3.png

ফলাফল

উক্ত অডিঅ’ ক্লিপটো ভুৱা হয় আৰু এই ক্লিপটোত অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি দাবী কৰা ব্যক্তিজন আচলতে এজন প্ৰবঞ্চক হয় আৰু তেওঁৰ উক্ত নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত কোনো সম্পৰ্ক নাই । ভুৱা অডিঅ’ ক্লিপটো ভাইৰেল কৰি জনসাধাৰণৰ মাজত অনাহকত ভুল ধাৰণা বিয়পোৱা হৈছে । 

Avatar

Title:অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি ভুৱা অডিঅ’ ক্লিপ ভাইৰেল!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *