ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

Coronavirus False Social
tw1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে । এই বিষয়ে এক বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । এই সম্বন্ধে কিছু ফেচবুক পোষ্টও আপলোড হোৱা দেখা গৈছে । দাবী কৰা হৈছে যে চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে । 

ডাক্তৰ এম ইয়াচিন নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক ফেচবুক পোষ্ট আপলোড কৰা হৈছে য’ত, “চৰকাৰে এজন কৰ’না ৰুগীৰ ১.৫ লাখ টকা খৰচ লিখিছে আছল খৰচ হৈছেনো কিমান ?

লাভৰ মাত্ৰা খৰচতকৈ দুগুন নহয়তো?

(কৰনা থাকিলেহে ইনকাম আহিব)” বুলি লিখা হৈছে । উক্ত পোষ্টটোত বিভিন্নজনে লাইক বা কমেণ্ট কৰা দেখা গৈছে । এই পোষ্টটো ১৬ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছিল যদিও বৰ্তমানো উক্ত শ্বেয়াৰ হৈ থকা দেখা গৈছে । 

গতিকে আমি ইয়াৰ সত্যতা নিৰ্ধাৰণ কৰিবলৈ থিৰাং কৰিলোঁ । সঁচাকৈ ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে বুলি চৰকাৰে কৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰাত ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে বুলি কোনো বাতৰি ক’তো প্ৰকাশ হোৱা আমি নেদেখিলোঁ । 

আমি বৰঞ্চ ‘পিআইবি ফেক্টচেক’ৰ টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰিছে য’ত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা প্ৰত্যেক পৌৰসভাক প্ৰদান কৰিছে বুলি ভাইৰেল হোৱা বাৰ্তাটো ভুৱা হয় আৰু এনে ধৰণৰ কোনো ঘোষণা ভাৰত চৰকাৰে কৰা নাই । 

tw.png

ফলাফল

উক্ত ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটো বা ফেচবুক পোষ্টটো ভুৱা হয় । ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা প্ৰদান কৰিছে বা খৰচ কৰিছে বুলি কোনো ঘোষণা চৰকাৰী ভাৱে কৰা নাই । 

Avatar

Title:ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *