WhatsApp Image 2020-09-15 at 15.21.13.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । ডেইলী হাণ্ট নামৰ এক ৱেবছাইটত উক্ত বাতৰিটো প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিছে । উল্লেখযোগ্য যে ক'ৰনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ হেতু দেশত লক ডাউন ঘোষণা কৰা হৈছিল আৰু বৰ্তমান সেই লক ডাউন পৰ্যায়ক্ৰমে যথেষ্ট পৰিমাণে আঁতৰাই দিয়া হৈছে যদিও কিছু বাধ্য বাধ্যকতা এতিয়াও আছে আৰু চিনেমা হলবোৰ এতিয়াও বন্ধ আছে ।

এনে সময়তে এই ধৰণৰ বাতৰি ভাইৰেল হোৱাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । অসমতো উক্ত বাতৰিটোৰ ৱেব লিংক হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে ।

সঁচাকৈ দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ অনুমতি দিয়া হৈছে নেকি? সত্য কি? জানো আহক ।

প্ৰণালী

আমি প্ৰথমে এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি ফেক্ট চেকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰিছে য'ত তেওঁলোকে স্পষ্ট কৰিছে যে দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিছে বুলি ভাইৰেল হোৱা বাতৰিটো ভুৱা হয় আৰু গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে এই বিষয়ে কোনো সিদ্ধান্ত লোৱা নাই ।

pib.png

ইয়াৰ উপৰিও আমি অল ইণ্ডিয়া ৰেডিঅ' নিউজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰা দেখিলোঁ য'ত তেওঁলোকে স্পষ্ট কৰিছে যে উক্ত বাতৰিটো ভুৱা হয় ।

air.png

ফলাফল

উক্ত বাতৰিটো ভুৱা হয় । দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে অনুমতি দিয়া নাই ।

Avatar

Title:দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিয়া নাই!

Fact Check By: Manjori Borkotoky

Result: False