
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ২২ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইউনাইটেড আৰৱ এমিৰাটৰ ওপৰত ইৰান পুনৰ এক ভয়ানক আক্ৰমণৰ দৃশ্য। পোষ্টটোত লিখিছে– ইউনাইটেড আৰব এমাৰেটত পুণৰ ইৰানী ভয়ানক আক্ৰমণ

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যটো যোৱা ৭ আগষ্ট ২০২০ত ইউটিউবত Ajman market UAE Fire incident videoa নামেৰে আপলোড কৰা দেখিলোঁ। অৰ্থাত এই দৃশ্যটো ৫ বছৰ আগৰেই।

এই ইউটিউব ব্যৱহাৰকাৰীগৰাকীয়ে সেয়া ইউ এ ইৰ আজমানত এখন বজাৰৰ ভিতৰত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ দুৰ্ঘটনাৰ ভিজুৱেল বুলি উল্লেখ কৰিছে। ভালদৰে পৰ্যবেক্ষণ কৰি আমি দোকান এখনৰ নাম ‘বেলাদ আল শ্বাম’ বুলি লিখা দেখা পালোঁ৷ গুগল মেপত আমি আজমানৰ ‘বেলাদ আল শ্বাম’ নামৰ দোকানখনৰ সন্ধান কৰোতে দেখা ফটো সত্যতা নিৰূপণ কৰি থকা ভিজুৱেলৰ সৈতে তুলনা কৰিলে নিশ্চিত হয় যে সেয়া আজমানৰ আমীৰাটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ দৃশ্য।

আমি এই সূত্ৰৰ আঁত ধৰি কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যৰ খণ্ডচিত্ৰৰে সৈতে সেই ঘটনাটোৰ সন্দৰ্ভত একাধিক বাতৰি লাভ কৰিলোঁ। আৰাবিয়ান বিজনেছৰ ২০২০ৰ ৬ আগষ্টত প্ৰকাশিত No causalities reported in Ajman souq fire শীৰ্ষক বাতৰিত আমি এই দৃশ্যটোৰ খণ্ডচিত্ৰ দেখিলোঁ। তাত উল্লেখ কৰা হৈছে যে স্থানীয় আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, বুধবাৰে সন্ধিয়া আজমানৰ এটা চ’কত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত কোনো লোকৰ মৃত্যু হোৱা নাই। বুধবাৰে সূৰ্যাস্তৰ দিশে তীব্ৰ ধোঁৱাৰ সৃষ্টি হয় যদিও কেইঘণ্টামানৰ ভিতৰতে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হয় বুলি আজমান আৰক্ষীৰ মুখ্য অধিনায়ক মেজৰ জেনেৰেল শ্বেইখ চুলতান বিন আব্দুল্লা আল নুয়াইমীয়ে জনায়।

দ্য নেছনেলত ৬ আগষ্ট ২০২০ত প্ৰকাশিত Huge fire breaks out in Ajman শীৰ্ষক বাতৰিটোতো আমি একেই দৃশ্য আৰু তথ্য লাভ কৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এয়া ইউনাইটেড আৰৱ এমিৰাটৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ দৃশ্য নহয়। এয়া ২০২০ৰ আগষ্টত ইউএইৰ আজমানৰ এখন বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


