গুজৰাটৰ পুৰণি দৃশ্যকে ৰাজস্থানৰ শেহতীয়া ১৩ বছৰীয়া কিশোৰী ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত কৰি মিছাকৈ প্ৰচাৰ।  

False Political Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ৰাজস্থানত শেহতীয়াকৈ এগৰাকী ১৩ বছৰীয়া কিশোৰীক গণধৰ্ষণৰ কৰা অপৰাধীসকলক মহিলা আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰা দৃশ্য। পোষ্টটোত লিখিছে- ৰাজস্থানৰ ১৩ বছৰীয়া নাবালিকা ধৰ্ষণ । আৰক্ষীয়ে মহিলাৰ হাতত তুলি দিছে লাঠি।    

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এই দৃশ্যটো এটা ইউটিউব চেনেলত যোৱা মাৰ্চ মাহৰ ২০ তাৰিখতেই আপলোড কৰা দেখিলোঁ। আমি নিশ্চিত হ’লোঁ যে দৃশ্যটো শেহতীয়া নহয়, চাৰি মাহমান পুুৰণি। দৃশ্যটোত লিখা আছিল এইদৰে- Lady Singham का जबरदस्त Video | Gujarat Police | Women। সেয়া গুজৰাটৰ ভিডিঅ’ বুলি আমি অনুমান কৰিলোঁ।   

ইয়াৰ পাছতেই আমি ইনষ্টাগ্ৰামত এই ভিডিঅ’টো সেই একেই সময়তেই আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা হৈছে- चाणसमा के जिलिया हमला मामले में पुलिस की कड़ी कार्रवाई, 18 आरोपी गिरफ्तार। अलग-अलग टीमें बनाकर की गई त्वरित कार्रवाई। सार्वजनिक रूप से आरोपियों का जुलूस निकालकर और घटनास्थल का पुनर्निर्माण (रीकंस्ट्रक्शन) कर कानून का संदेश दिया गया। पाटन जिले के चाणसमा तहसील के जिलिया गांव में हुए हमले के मामले में पुलिस ने तत्काल और सख्त कार्रवाई की है। घटना की गंभीरता को देखते हुए पुलिस ने अलग-अलग टीमें बनाकर जांच शुरू की। जांच के दौरान हमले में शामिल लगभग 18 आरोपियों को गिरफ्तार किया गया। गिरफ्तारी के बाद पुलिस ने कड़े सुरक्षा बंदोबस्त के बीच आरोपियों का सार्वजनिक जुलूस निकाला, ताकि समाज में कानून का सम्मान बनाए रखने का संदेश दिया जा सके। पुलिस ने घटनास्थल पर आरोपियों को ले जाकर घटना का पुनर्निर्माण (रीकंस्ट्रक्शन) भी कराया और कानून का महत्व समझाया। (চানাছমাৰ জিলিয়া আক্ৰমণৰ গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে; ১৮ জন অভিযুক্তক গ্ৰেপ্তাৰ। বিশেষ দল গঠন কৰি দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ৰাজহুৱাভাৱে অভিযুক্তক পেৰেড কৰি অপৰাধস্থলী পুনৰ নিৰ্মাণ কৰি আইনৰ শাসন সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰা হয়। পাটন জিলাৰ চানাছমা তালুকত অৱস্থিত জিলিয়া গাঁৱত সংঘটিত হোৱা এই আক্ৰমণ সন্দৰ্ভত আৰক্ষীয়ে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাৰ গুৰুত্বক স্বীকাৰ কৰি আৰক্ষীয়ে পৃথক পৃথক দল গঠন কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত আক্ৰমণৰ সৈতে জড়িত প্ৰায় ১৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ অধীনত ৰাজহুৱা স্থানত অভিযুক্তক পেৰেড কৰি সমাজত আইনৰ প্ৰতি সন্মান বজাই ৰখাৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্তক অপৰাধস্থলীলৈ লৈ গৈ ঘটনাটো পুনৰ নিৰ্মাণ কৰি আইনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।) 

ইয়াৰ আঁত ধৰি আমি কিছুমান প্ৰাসংগিক শব্দ লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি গুজৰাটৰ চানাছমাৰ সেই ঘটনাটো সন্দৰ্ভত এটা টুইট পালোঁ। যোৱা ১৯ মাৰ্চ ২০২৬ত সেই টুইটটো কৰা হৈছিল। তাত এটা দৃশ্যাংশও সংলগ্ন কৰা হৈছে। সেই দৃশ্যত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোত দেখা অভিযুক্ত কেইজনমানকো দেখিলোঁ। তাতো তেওঁলোকৰৰ আৰক্ষীয়ে ৰাজহুৱাকৈ প্ৰহাৰ কৰি থকা দেখা গৈছে। টুইটটোত লিখিছে- पाटन जिले के चाणस्मा तालुका के जीलिया गांव में 15 मार्च 2026 की रात एक फार्महाउस पर 15 से 20 हमलावरों ने हथियारों और पत्थरों से हमला किया, कई लोगों को पीटा औऱ तोड़फोड़ करके भारी नुकसान किया। मंदिर के चंदे को लेकर पुरानी रंजिश के चलते यह हमला किया गया था। इसमें कुछ संगठनों व मुख्य दलों के व्यक्ति शामिल थे। पुलिस ने त्वरित कार्रवाई करते हुए 18 आरोपियों को गिरफ्तार किया और 18 मार्च को उनका सार्वजनिक जुलूस निकालकर माफी मंगवाई।  पुलिस ने हमलावरों की सार्वजनिक परेड और रिकंस्ट्रक्शन के जरिए कानून का पाठ पढ़ाया, कड़ी सुरक्षा के बीच आरोपियों को सड़क पर निकालकर जनता को संदेश दिया।  घटना को गंभीरता से देखते हुए पुलिस ने अलग-अलग टीमें बनाकर जांच शुरू की थी। जांच के दौरान हमले में शामिल लगभग 18 आरोपियों को गिरफ्तार कर लिया गया है।  पुलिस ने घटना का रिकंस्ट्रक्शन भी करवाया, जिसमें आरोपियों को घटनास्थल पर ले जाकर पूरी घटना की पुनर्रचना कराई गई और कानून के महत्व को समझाया गया।  चाणस्मा और जीलिया क्षेत्र में सार्वजनिक रूप से सड़क पर रैली निकालकर लोगों को चेतावनी दी गई कि कानून अपने हाथ में न लें। (২০২৬ চনৰ ১৫ মাৰ্চৰ নিশা পাতন জিলাৰ চানাছমা তালুকৰ জিলিয়া গাঁৱৰ এটা ফাৰ্ম হাউচত অস্ত্ৰ-শস্ত্ৰ আৰু শিল লৈ ১৫ৰ পৰা ২০জনীয়া আক্ৰমণকাৰী দলে আক্ৰমণ কৰে। তেওঁলোকে কেইবাজনো ব্যক্তিক প্ৰহাৰ কৰিছিল আৰু ভাঙি-ছিঙি ব্যাপক ক্ষতিসাধন কৰিছিল। মন্দিৰৰ অনুদান সন্দৰ্ভত দীৰ্ঘদিনীয়া বিবাদৰ পৰা উদ্ভৱ হোৱা এই আক্ৰমণত কিছুমান সংগঠন আৰু ডাঙৰ ৰাজনৈতিক দলৰ সৈতে জড়িত ব্যক্তি জড়িত আছিল। দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে ১৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু ১৮ মাৰ্চত ৰাজহুৱাভাৱে পেৰেড কৰি ক্ষমা খুজিবলৈ বাধ্য কৰে। এই ৰাজহুৱা পেৰেড আৰু অপৰাধৰ পুনৰ্গঠনৰ জৰিয়তে আৰক্ষীয়ে জনসাধাৰণলৈ আইনৰ শাসনৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। অভিযুক্তক তীব্ৰ নিৰাপত্তাৰ অধীনত ৰাজপথেৰে মাৰ্চ কৰিছিল। এই কাণ্ডটোক গুৰত্বসহ চোৱাচিতা কৰি আৰক্ষীয়ে বিশেষ দল গঠন কৰি তদন্ত চলায়। যাৰ ফলত আক্ৰমণৰ সৈতে জড়িত প্ৰায় ১৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে ঘটনাৰ পুনৰ্গঠনো কৰো। অভিযুক্তক ঘটনাস্থলীলৈ লৈ গৈ ঘটনাৰ পুনৰাবৃত্তি কৰে আৰু আইনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি চানাছমা আৰু জিলিয়া অঞ্চলত ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনসাধাৰণক আইনখন নিজৰ হাতত নলয় বুলি সকীয়াই দিয়া হয়।)

এই ঘটনাটো সন্দৰ্ভত অনুৰূপ খণ্ডচিত্ৰ সংলগ্ন এক বাতৰি আমি এনডিটিভিৰ ৱেবছাইটতো পালোঁ। Gujarat Cops Thrash 18 Accused In Public During Crime Scene Reconstruction  শীৰ্ষক বাতৰিটোত আমি গুজৰাটৰ পতানত এইদৰে এক ঘটনাৰ সৈতে জৰিত ১৮জন অভিযুক্তক আৰক্ষীয়ে ৰাজহুৱাকৈ প্ৰহাৰ কৰাৰ কথা জানিব পাৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এয়া ৰাজস্থানত ১৩ বছৰীয়া কিশোৰী অপহৰণ আৰু গণধৰ্ষণৰ সৈতে জৰিত অভিযুক্তক মহিলাই প্ৰহাৰ কৰা দৃশ্য নহয়। এয়া যোৱা মাৰ্চ মাহত গুজৰাটত সংঘটিত অন্য এটা ঘটনাত অভিযুক্তৰহে দৃশ্য।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: গুজৰাটৰ পুৰণি দৃশ্যকে ৰাজস্থানৰ শেহতীয়া ১৩ বছৰীয়া কিশোৰী ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত কৰি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *