
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দেখা গৈছে যে এগৰাকী যুৱতীয়ে আন এগৰাকী যুৱতীক এক ভিৰৰ সন্মুখত চুম্বন কৰিছে আৰু তাৰ পাছত আন এজন যুৱকক চুম্বন কৰিছে। দাবী কৰা হৈছে যে সেয়া ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সময়ত নিশা ২ বজাৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৭ চনৰ ১৩ এপ্ৰিলত এটা ইউটিউব চেনেলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া জে এন ইউৰ ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনক চুম্বন কৰাৰ দৃশ্য।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ক’কৰোছ জনতা পাৰ্টিৰ জন্ম হোৱাৰো বহু আগৰেই।
ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ফেচবুক পেজত ২০১৪ চনৰ ৯ নৱেম্বৰৰ এটা পোষ্টত ভাইৰেল ভিডিঅ’টোৰ এটা অংশ দেখিবলৈ পালোঁ।

কেপশ্বন অনুসৰি ‘ম’ৰেল পুলিচিঙৰ’ প্ৰতিবাদত আৰম্ভ হোৱা “Kiss of Love” নামৰ এক প্ৰতিবাদ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদতো অনুষ্ঠিত হৈছিল। বহু যুৱক-যুৱতী, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি ‘গংগা ধাবা’ত একত্ৰিত হৈছিল।
টাইমছ অব ইণ্ডিয়াত ২০১৪ চনৰ ১০ নৱেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো পালোঁ।

প্ৰতিবেদনৰ অসমীয়া অনুবাদ অনুসৰি, “ম’ৰেল পুলিচিঙৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে “Kiss of Love” কাৰ্যসূচী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো অনুষ্ঠিত হয়, দেওবাৰে সন্ধিয়া গংগা ধাবাত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু বহু বাহিৰৰ লোক একত্ৰিত হয়।… যদিও বেছিভাগ প্ৰতিবাদকাৰীয়েই জেএনইউৰেই আছিল, তথাপিও জামিয়া মিলিয়া ইছলামিয়া, আম্বেদকাৰ বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও উপস্থিত হৈছিল…”
এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।
উল্লেখযোগ্য যে “কিছ অৱ লাভ” প্ৰতিবাদ আছিল ম’ৰেল পুলিচিঙৰ বিৰুদ্ধে অহিংস প্ৰতিবাদ। কোজিকোডৰ এখন কেফেত ৰাজহুৱাভাৱে প্ৰেম প্ৰদৰ্শনৰ খবৰ পোৱাৰ পাছত অতি ৰক্ষণশীল গোটে কেফেখন ভাঙি পেলোৱা কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আন্দোলন আৰম্ভ হৈছিল। ফেচবুক পেজৰ জৰিয়তে আয়োজিত এই প্ৰতিবাদত সমগ্ৰ কেৰালাৰ যুৱক-যুৱতীসকলক ২০১৪ চনৰ ২ নৱেম্বৰত, কোচিৰ মেৰিন ড্ৰাইভত ৰাজহুৱা স্থানত চুমা খাই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল। কোচিত প্ৰাৰম্ভিক প্ৰতিবাদৰ পিছত দেশৰ আন আন ডাঙৰ চহৰতো অনুৰূপ প্ৰতিবাদৰ আয়োজন কৰা হয়
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। যুৱক-যুৱতীয়ে ভিৰৰ সন্মুখত চুম্বন কৰা এই দৃশ্যটোৰ ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই। এয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ২০১৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


