
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা বুমৰাহ বুমৰাহ বুলি চিঞৰি থকা কণমানি শিশুটি হৈছে বৰ্তমানৰ ক্ৰিকেট তাৰকা বৈভৱ সূৰ্যবংশী। ভিডিঅ’টোত বৈভৱ সূৰ্যবংশীয়ে যশপ্ৰীত বুমৰাহৰ বলত ছয় মৰা দেখা গৈছে আৰু তলত এটি শিশুৱে ষ্টেডিয়ামৰ নিজ পিতৃৰ কাষত বহি বুমৰাহ বুমৰাহ বুলি চিঞৰি আছে। দাবী কৰা হৈছে যে এসময়ত বৈভৱ সূৰ্যবংশীয়ে এইদৰে বুমৰাহ বুমৰাহ বুলি চিঞৰিছিল আৰু সেই বৈভৱেই বুমৰাহৰ বলত ছয় কোবাইছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি এই প্ৰসংগত গুৰুত্বপূৰ্ণ শব্দ কিছুমান ব্যৱহাৰ কৰি কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া CricTracker ৰ ভেৰিফাইড একাউণ্টত শিশুটিয়ে ষ্টেডিয়ামত দেউতাকৰ সৈতে বহি বুমৰাহ বুমৰাহ বুলি চিঞৰি থকা সেই ভিডিঅ’টো পালোঁ। ২০২০চনৰ ২৬ ডিচেম্বৰত আপলোড কৰা ভিডিঅ’টোত আমি দেখিলোঁ যে তাত লিখা আছিল- A FANBOY MOMENT FOR LITTLE JIYAN. BUMRAH MEETS HIS CUTEST FAN. তদুপৰি কেপছনত লিখা আছিল-Jasprit Bumrah fulfilled his little fan’s wish and met him after the game. ক্ৰিকট্ৰেকাৰ হৈছে ক্ৰিকেটৰ সৈতে সম্পৰ্কীত বিভিন্ন অভ্যন্তৰীণ তথ্য প্ৰকাশ কৰা এটা পেজ। তাত আমি জীয়ান নামটো পালোঁ। অনুমান কৰিলোঁ যে সেই শিশুটিৰ নাম জীয়ান।

সেই ভিডিঅ’টোত আমি ভিডিঅ’ৰ সৌজন্য THE BHARAT ARMYক দিয়া হৈছে।

এইবাৰ আমি এই সম্পৰ্কত দ্য ভাৰত আৰ্মীৰ সন্ধান কৰিলোঁ। তেতিয়া আমি ২০২০ৰ ১৮ ডিচেম্বৰত ভাৰতীয় ক্ৰিকেট দলৰ আনুষ্ঠানিক সমৰ্থক গোট The Bharat Army ৰ ভেৰিফাইড এক্স হেণ্ডেলত মূল ভিডিঅ’টো পালোঁ। তাত লিখা আছিল- #AUSvIND 1st Test Day 2 : Meet Jiyaan one of @Jaspritbumrah93 biggest fan’s from Bharat Army Adelaide! Bumrahhhh Bummrahhhh!

এইদৰে আমি জানিব পাৰিলোঁ যে সেই শিশুটিৰ নাম জীয়ান। অৰ্থাত সেয়া শিশুকালৰ বৈভৱ সূৰ্যবংশী নহয়। আমি সন্ধানকালত ২০২০ৰ ৩১ ডিচেম্বৰত প্ৰকাশিত Three-year-old Bumrah fan gets to meet his idol after video goes viral শীৰ্ষক এক প্ৰতিবেদন লাভ কৰিলোঁ। তাত সেই শিশুটিক দ্য ভাৰত আৰ্মীৰ টুপী পৰিধান কৰি দেউতাকৰ কোলাত বহি থকা এখন ফটো দেখিলোঁ। লেখাটোৰ পৰা জানিব পাৰিলোঁ যে ২০২০ চনত সেই শিশুটিৰ বয়স তিনি বছৰ। তাত উল্লেখ কৰা হৈছে এইদৰে-The Australia – India cricket series always attracts fans of both teams in huge numbers and no matter how their team is performing, they support their favourite players.One such little fan of Indian pacer Jasprit Bumrah is three-year-old Jiyaan Desai, who went to Adelaide Oval with his father to watch his cricketing idol Bumrah bowling. When he saw Jasprit Bumrah marked his run-up for bowling, he started chanting Bumrah’s name.(অষ্ট্ৰেলিয়া – ইণ্ডিয়া ক্ৰিকেট ছিৰিজে সদায় দুয়োটা দলৰ বিপুল সংখ্যক অনুৰাগীক আকৰ্ষণ কৰে আৰু তেওঁলোকৰ দলটোৱে যি প্ৰদৰ্শনেই নকৰক কিয়, তেওঁলোকে নিজৰ প্ৰিয় খেলুৱৈক সমৰ্থন কৰে। ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহৰ তেনে এজন কণমানি অনুৰাগী হৈছে তিনি বছৰীয়া জিয়ান দেশাই, যিয়ে নিজৰ ক্ৰিকেটৰ আদৰ্শ বুমৰাহৰ বলিং চাবলৈ পিতৃৰ সৈতে এডিলেইড অভেললৈ গৈছিল। যশপ্ৰীত বুমৰাহক বলিঙৰ বাবে ৰান আপ লোৱা দেখি তেওঁ বুমৰাহৰ নাম চিঞৰিবলৈ ধৰিলে।)

লেখাটোত আমি সেই ফটোখনো দেখিলোঁ য’ত প্ৰেকটিছৰ অন্তত বুমৰাহে শিশু জীয়ানক লগ কৰি উত্সাহিত কৰিছিল। সেই ফটোখন আমি আমাৰ সন্ধানত লাভ কৰা প্ৰথমটো ফেচবুক ভিডিঅ’তো সংলগ্ন কৰা হৈছিল।

এইবাৰ আমি ভাৰতীয় ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী সন্দৰ্ভত কিছু তথ্য আহৰণ কৰিলোঁ। ২০১১ চনৰ ২৭ মাৰ্চত জন্ম গ্ৰহণ কৰা বৈভৱৰ বৰ্তমান বয়স ১৫ বছৰ। ভাইৰেল ভিডিঅ’টোত দেখা শিশুটিৰ বয়স ২০২০চনত তিনি বছৰ আৰু ২০২০ চনত বৈভৱৰ বয়স আছিল ৯ বছৰ। আমি বৈভৱৰ সেই সময়ৰ ফটোও লাভ কৰিলোঁ। শিশু জীয়ান আৰু বৈভৱৰ মুখমণ্ডলৰ মাজত বহুত পাৰ্থক্য আমি দেখিলোঁ।

আমি আনকি ২০২২ চনত ইণ্ডিয়া টুডে’ই প্ৰকাশ কৰা Old video of Jasprit Bumrah’s little fan cheering for him during cricket match goes viral again শীৰ্ষক লেখাটোও পালোঁ। তাৰ পৰাও নিশ্চিত হ’লোঁ যে সেই শিশুটি হৰ্ষ দেশাই নামৰ এগৰাকী ব্যক্তিৰ সন্তান জীয়াই দেশাই, যিয়ে ২০২০ চনৰ ডিচেম্বৰত এডিলেইড অভেলত হোৱা ভাৰত আৰু অষ্ট্ৰেলীয়াৰ মাজৰ টেষ্ট মেছখনত দেউতাকৰ সৈতে উপস্থিত থাকি গেলেৰীৰ পৰা নিজৰ প্ৰিয় ক্ৰিকেটাৰ বুমৰাহৰ নাম লৈ চিঞৰিছিল।
ইয়াৰ পৰাই প্ৰমাণ হয় যে বুমৰাহ বুমৰাহ বুলি উৎসাহত চিঞৰা তিনি বছৰীয়া শিশুটি বৈভৱ সূৰ্যবংশী নহয়।সেয়া জীয়ান দেশাই নামৰ এটি শিশুহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


