
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এখন ফটো আপলোড কৰি দাবী কৰিছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে অলপতে এটি শিশুৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত আয়োজন কৰা এক সংবাদমেলত হাঁহি থকা তিনিগৰাকী আইপিএছ বিষয়াক নিলম্বিত কৰিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি এই সন্দৰ্ভত কী-ৱৰ্ড ছাৰ্চ কৰি জানিব পাৰিলোঁ যে সেই সংবাদমেলত থকা আৰক্ষী বিষয়াসকল হৈছে তামিলনাডু পশ্চিম মণ্ডলৰ মহাপৰিদৰ্শক ৰম্যা ভাৰতী, কইম্বাটুৰৰ আৰক্ষী অধীক্ষক পৱন কুমাৰ আৰু উপ-মহাপৰিদৰ্শক স্বামীনাথন। উল্লিখিত সংবাদমেলখন আছিল ২৩ মে’ ২০২৬ৰ। যদি প্ৰকৃততে সেই তিনিওজন বিষয়াকে নিলম্বন কৰা হ’লহেঁতেন তেন্তে তামিলনাডুৰ সকলো প্ৰধান সংবাদ প্ৰতিষ্ঠানে এই বাতৰিক সামৰি ল’লেহেঁতেন। কিন্তু আমি তেনে কোনো প্ৰতিবেদন পোৱা নাছিলোঁ।
এইবাৰ আমি আৰু অধিক তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া আমি ফেচবুকত তামিল ভাষাত விதவிதமாய் வித்தியாசமாய் தொடரும் போலிச் செய்தி பரப்பல் বুলি কেপছন লিখি এখন ফটো আপলোড কৰি কৰা এটা পোষ্ট পালোঁ। কেপছনটোৰ অসমীয়া অনুবাদ হৈছে- ভুৱা বাতৰিৰ প্ৰসাৰ অব্যাহত—বিভিন্ন আৰু নতুন ৰূপত। இளையதலைமுறை – ilayathalaimurai নামৰ ফেচবুক পেজটোত এই পোষ্টটো কৰা হৈছিল। পেজটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে সেইটো এটা সামাজিক সংস্থাৰ পেজ। তাত ব্যৱহাৰ কৰা ফটোখনত আমি SUN Newsৰ ল’গো দেখিলোঁ। ফটোখনত তামিলত লিখা কথাখিনিৰ অনুবাদ হৈছে- বিভিন্ন ৰূপ আৰু বেশত…এটা ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে—যাক “মুখ্যমন্ত্ৰী বিজয়ৰ সাহসী কাৰ্য্য” বুলি অভিহিত কৰা হৈছে—য’ত দাবী কৰা হৈছে যে চুলুৰ ছোৱালী হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত সংবাদমেলৰ সময়ত হাঁহি-ধেমালি কৰা দেখা পোৱা আৰক্ষী বিষয়াসকলক নিলম্বন কৰা হৈছে। তামিলনাডু চৰকাৰে এতিয়ালৈকে এনে ঘোষণা কৰা নাই।

তদুপৰি আমি এটা টুইট পালোঁ। ৰোমান লিপিত তামিল ভাষাৰেই সেই টুইটটো কৰা হৈছে। সেই কেপছনটোৰ অসমীয়া অৰ্থ হৈছে- চেলিব্ৰিটি ছনম চেট্টীয়ে টুইট কৰে—আপাতঃ দৃষ্টিত প্ৰকৃত খবৰটো কি সেইটোও নাজানে। যেতিয়ালৈকে এই “ৰুট মাফিয়া” আছে তেতিয়ালৈকে তামিলনাডুক কোনেও বচাব নোৱাৰে। সেই টুইটোত অভিনেত্ৰী ছনম চেট্টীৰ টুইট এটাৰ স্ক্ৰীণশ্বট আৰু SUN Newsৰ সেই বাতৰিটোৰ ফটোখন সংলগ্ন কৰা হৈছে।

ওপৰোক্ত পোষ্ট দুটাৰ আঁত ধৰি আমি তামিল নিউজ চেনেল SUN Newsৰ সেই বাতৰিটোৰ সন্ধান কৰিলোঁ আৰু এক্সত ২৭ মে’ ২০২৬ তাৰিখে কৰা টুইটটো পালোঁ, য’ত সেই ফটোখন আপলোড কৰা হৈছিল আৰু নিলম্বনৰ ভূৱা বাতৰি প্ৰচাৰ হৈ থকা কথাটো উল্লেখ কৰা হৈছিল। SUN Newsৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম হেণ্ডেলতো সেই বাতৰি প্ৰকাশ কৰা হৈছে।

আৰু অধিক সন্ধান কৰোতে আমি তামিলনাডুৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা তামিল উদাগাম গ্ৰুপ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদক ৱালাৰমেয়্যাৰিৱন ওৰফে বিশ্ব বিশ্বনাথে ফেচবুকত এই সম্পৰ্কে উল্লেখ কৰি পোষ্ট কৰা দেখিলোঁ। ২৫ মে’ ২০২৬ত ফেচবুকত সেই সংবাদ প্ৰতিষ্ঠানটোৱে এই তথ্য ভুল বুলি উল্লেখ কৰি জ্যেষ্ঠ সংবাদিকগৰাকীয়ে ইংৰাজীত লিখা কথাখিনিৰ ভাবানুবাদ হৈছে- চুলুৰৰ কইম্বাটুৰৰ ওচৰত এগৰাকী ১০ বছৰীয়া কিশোৰীক তেওঁৰ পৰিয়ালৰ চিনাকি কোনোবাই অপহৰণ কৰি যৌন আতিশয্য চলাই হত্যা কৰি পুখুৰীত পেলাই দিয়ে । এই নিৰ্দয়, নিৰ্মম হত্যাকাৰীক তেওঁৰ দুজন সহযোগীৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এনে পৰিস্থিতিত সাংবাদিকসকললৈ তথ্য প্ৰেৰণ কৰা হৈছিল যে আৰ.ভি. এই ঘটনা সন্দৰ্ভত তামিলনাডু পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক ৰম্যা ভাৰতীয়ে সংবাদ মেল অনুষ্ঠিত কৰিব। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ক্লিপ প্ৰচাৰিত হৈছে য’ত সংবাদমেলৰ সময়ত আৰক্ষীসকলক হাঁহি থকা দেখা গৈছে, যাৰ ফলত তীব্ৰ নিন্দা হৈছে। যেতিয়া আমি প্ৰকৃততে কি হৈছিল সেই বিষয়ে অনুসন্ধান কৰিলোঁ, তেতিয়া স্পষ্ট হৈ পৰিল যে এইটো সম্পূৰ্ণৰূপে দৃশ্যমান সংবাদ মাধ্যমৰ এক অসাৱধান আৰু অতি অনৈতিক কাৰ্য্যৰ ফল। জ’ন আই জি ৰম্যা ভাৰতী আৰু অন্যান্য বিষয়াসকলৰ সংবাদমেলৰ পূৰ্বে সংবাদ মাধ্যমৰ লোকসকল সোনকালে উপস্থিত হৈ কেমেৰা আৰু মাইক্ৰ’ফোন (মাইক) স্থাপন কৰিছিল। সেই সময়ত আৰক্ষী বিষয়াসকলে অনুৰোধ কৰিলে, “আমি নিজৰ মাজতে আলোচনা কৰিব লাগিব, অনুগ্ৰহ কৰি আমাক অলপ সময় দিয়ক। তেতিয়ালৈকে বাহিৰত অপেক্ষা কৰক; আমি আপোনালোকক ভিতৰলৈ মাতিম।”
এই কথাত সন্মতি প্ৰকাশ কৰি বাহিৰলৈ ওলাই অহা একাংশ সাংবাদিকৰ কেমেৰা চলি থাকিল যদিও অডিঅ’টো বন্ধ হৈ আছিল। সাধাৰণতে, লাইভ-ব্ৰডকাষ্টিং মাধ্যমে নিয়মিতভাৱে তেওঁলোকৰ ইণ্টাৰনেট সংযোগ, ভিডিঅ’ আৰু অডিঅ’ পৰীক্ষা কৰে। এবাৰ পৰীক্ষা কৰিলেই সংবাদমেল আনুষ্ঠানিকভাৱে আৰম্ভ নোহোৱালৈকে অডিঅ’ আৰু ভিডিঅ’টো স্থগিত ৰাখিব লাগিব। অৰ্থাৎ যিকোনো সংবাদমেলতে লাইভ সম্প্ৰচাৰ আৰম্ভ হ’ব লাগে যেতিয়া বক্তাসকলে আনুষ্ঠানিকভাৱে সাংবাদিকক সম্বোধন কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে এই সংবাদমেলৰ সময়ত সংবাদমেল আৰম্ভ হোৱাৰ আগতেই কিছুমান বিশেষ দৃশ্য লাইভ হৈছিল। ইয়াতকৈও বেয়া কথাটো হ’ল, আভ্যন্তৰীণ আলোচনাৰ সময়ত সাংবাদিকসকলক বাহিৰত ৰৈ থাকিবলৈ বিষয়াসকলে বিশেষভাৱে অনুৰোধ কৰাৰ পাছত তেওঁলোকে এই কাম কৰিছিল৷ সংবাদ মাধ্যমে আৰক্ষী বিষয়াসকলে নিজৰ মাজতে কথা পাতি হাঁহি থকা দৃশ্য অডিঅ’ অবিহনেই সম্প্ৰচাৰ কৰিছিল।
এয়া স্পষ্টভাৱে সংবাদ মাধ্যমৰ নৈতিকতা ভংগ। আমাৰ দৰে সাংবাদিকে যেতিয়া কৰ্মক্ষেত্ৰত থাকোঁ আৰু যদি কোনো ৰাজনৈতিক ব্যক্তি বা বিষয়াই স্পষ্টভাৱে কয় যে কিবা এটা কথা “অফ দ্য ৰেকৰ্ড” তেন্তে আমি তেওঁলোকে যি কয় বা তেওঁলোকে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আমি প্ৰকাশ বা সম্প্ৰচাৰ নকৰোঁ। কাৰণ ইয়াক স্পষ্টভাৱে অফ দ্য ৰেকৰ্ড বুলি নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু আজি একাংশ মিডিয়া হাউছে কেৱল অফ ৰেকৰ্ড মুহূৰ্তকে নহয়, আনকি অফ লাইভ মুহূৰ্তকো বাতৰি হিচাপে গণ্য কৰি “তদন্তমূলক সাংবাদিকতা”ৰ আৱৰণত গৌৰৱেৰে দেখুওৱা কাৰ্য্য দেখিবলৈ পাই দুখ লাগিছে। এয়া কেৱল লজ্জাজনকে নহয়, সাংবাদিকতা আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ প্ৰতি জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰতো ক্ষয়ংকৰি । ই গভীৰভাৱে এক অনৈতিক কাৰ্য্য। তদুপৰি সংবাদ মাধ্যমৰ নেতৃত্বক এনে ভুল হোৱা বুলি জনোৱাৰ পাছতো একাংশ সংবাদ মাধ্যমে সেই ক্লিপ আৰু ছবিবোৰ শ্বেয়াৰ কৰি থাকিল, যিটো অতি অপেছাদাৰী।
তদুপৰি আৰক্ষী বিষয়াসকলেএ নিজৰ ব্যক্তিগত চেম্বাৰৰ ভিতৰতে আভ্যন্তৰীণ আলোচনা শেষ কৰিব লাগে আৰু সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হ’লেহে কোঠাটোত প্ৰৱেশ কৰিব লাগে।
ক্ষেত্ৰ সাংবাদিকসকলৰ বাবে আবেদন- যদিহে কোৱা হয় যে সংবাদমেল এতিয়াও আৰম্ভ হোৱা নাই আৰু অপেক্ষা কৰিবলৈ কোৱা হয়, তেন্তে সাংবাদিকসকলে ফোন নকৰালৈকে অডিঅ’ আৰু ভিডিঅ’ দুয়োটা সঁজুলি বন্ধ কৰিব লাগে।
নিউজৰুমৰ সংবাদিকৰ বাবে আবেদন-: ক্ষেত্ৰস্থ সাংবাদিকজনে অনুষ্ঠানটো আৰম্ভ হোৱা বুলি সেউজ সংকেত নিদিয়ালৈকে লাইভ সম্প্ৰচাৰ অন এয়াৰ হ’ব দিব নালাগে।
জনসাধাৰণে কেৱল চৰকাৰী সংবাদমেলৰ সময়ত এজন চৰকাৰী বা ৰাজনৈতিক ব্যক্তিয়ে কি কয় আৰু কি কৰে সেয়া জানিব লাগিব। তেওঁলোকে নিজৰ মাজত ব্যক্তিগতভাৱে যি আলোচনা কৰে বা হাঁহে সেয়া বাতৰি নহয়। এই গোচৰটোত এগৰাকী কণমানি ছোৱালীৰ ভয়ংকৰ হত্যাকাৰী—বিশেষকৈ যৌন হত্যাকাণ্ডৰ কথা জড়িত হৈ আছে। বিৰোধী দলসমূহে হয়তো ইয়াক ৰাজনীতিকৰণ কৰিব পাৰে যদিও সত্যক উলিয়াই আনিবলগীয়া সংবাদ মাধ্যমে ইমান সস্তীয়া আৰু লজ্জাজনক ৰাজনীতিৰ স্তৰলৈ যোৱাটো গণতন্ত্ৰৰ বাবে এক বৃহৎ আঘাত। এই অনৈতিক কাৰ্য্যৰ বাবে দায়ী মিডিয়া হাউছে ৰাজহুৱা ক্ষমা বিচাৰিব লাগে।

আমি কইম্বাটুৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা পিটিআইৰ সাংবাদিক কামাৰাজ কাৰুপছামীয়ে ২৫ মে, ২০২৬ত ফেচবুকত দিয়া এটা পোষ্ট পালোঁ। তামিল ভাষাত লিখা সেই পোষ্টটোৰ ভাবাৰ্থ হৈছে- যে সেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰিছে তথা সেই সংবাদ মেলখন আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষীসকলে নিজৰ মাজতে হাঁহি থকা দৃশ্য সম্প্ৰচাৰ কৰাটো অনৈতিক।
সদৌ শেষত আমি তামিলনাডু আৰক্ষী বিভাগৰ পশ্চিম মণ্ডল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কইম্বাটুৰ শাখাৰ জনসম্পৰক্ষী বিষয়াৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁলোকৰ ফালৰ পৰা আমাক নিশ্চিতি প্ৰদান কৰিলে যে সেই খবৰ মিছা। তেনেকুৱা কোনো নিলম্বন হোৱা নাই।
ইয়াৰ পৰাই প্ৰমাণ হয় যে অসমৰ ফেচবুকত ভাইৰেল হৈ পৰা দাবীটো ভুৱা। সেই সংবাদমেলখন আৰম্ভ হোৱাৰ পূৰ্বেই সেইসকল আইপিএছ বিষয়াই নিজৰ মাজতেই হাঁহি হাঁহি কথা পাতিছিল আৰু সেয়া সংবাদমেলৰ অংশ নাছিল। তদুপৰি তেওঁলোকক মুখ্যমন্ত্ৰী বিজয়ে নিলম্বন কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


