
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া পশ্চিমবংগৰ কলকাতাৰ শেহতীয়া পৰিস্থিতি বুলি দাবী কৰিছে। তাত দেখা গৈছে বিভিন্ন যুৱকে যাব-বাহনত আক্ৰমণ কৰিছে তথা সমীপৰ অট্টালিকাত অগ্নিসংযোগ কৰিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইনষ্টাগ্ৰামত যোৱা ৪ মে’ ২০২৬ত হুবহু সেই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। তাত সেইটো নেপালৰ ভিডিঅ’ বুলি লিখা আছিল। তদুপৰি আমি মন কৰিলোঁ যে এই ভিডিঅ’টো যিটো কলকাতাৰ বুলি দাবী কৰা হৈছে, তাত একাধিক যুৱকে নেপালৰ জাতীয় পতাকা গাত আঁৰি লোৱা দেখা গৈছে। ভিডিঅ’টোত ভাৰতৰ জাতীয় পতাকা অথবা ভাৰতীয় জনতা পাৰ্টীৰ পতাকা বা তৃণমূল কংগ্ৰেছৰ পতাকা দেখা যোৱা নাই। গতিকে এই ভিডিঅ’টো নেপালৰ হোৱাৰ সম্ভাৱনা আমি দেখিলোঁ।

তাৰেই আঁত ধৰি অনুসন্ধান কৰোতে ইউটিউৱত যোৱা ১০ ছেপ্তেম্বৰ ২০২৫ অৰ্থাত নেপালত হোৱা জেন জি অভ্যুত্থানৰ সময়ত একে স্থানৰ একেধৰণৰ এটা ভিডিঅ’ আপলোড কৰি থোৱা আমি দেখিলোঁ। ভিডিঅ’টোত আমি একেটি স্থানত একেখিনি মানুহে একেই ঘটনা সংঘটিত কৰি থকা দেখা পালোঁ। তাতো আমি মন কৰিলোঁ যে নেপালৰ জাতীয় পতাকা গাত আঁৰি লোৱা সেই যুৱকজন বিদ্যমান। এয়া নেপালৰ পুৰণি ঘটনা হোৱা সম্ভাৱনা আৰু অধিক প্ৰকত হৈ পৰিল।

নেপালৰ সূত্ৰ ধৰি আমি আমাৰ সন্ধান আগুৱাই নিয়াত ক’ৰ্পোৰেট নেপালত এটা বাতৰি লাভ কৰিলোঁ। ২০২৫ৰ ৯চেপ্তেম্বৰত প্ৰকাশিত সেই বাতৰিত নেপালত সেই সময়ত হোৱা জেন জি আন্দোলনত হোৱা ক্ষয়-ক্ষতি আৰু মৃত্যুৰ খবৰ প্ৰকাশ কৰা হৈছএ। তাত আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টোত দেখা ঘটনাটোৰ সৈতে সাদৃশ্য থকা এখন আলোকচিত্ৰ প্ৰকাশ কৰা হৈছে। যিটো অট্টালিকাৰ সমুখত ৰাজপথত বাহনত আক্ৰমাণ কৰা দেখা গৈছিল, সেই অট্টালিকাটো এই আলোকচিত্ৰতো দেখা গৈছে।

একেটা তাৰিখতে প্ৰকাশিত আন এটা বাতৰিত একেখন আলোকচিত্ৰ আমি লাভ কৰিলোঁ। নেপালৰ জেন জি আন্দোলনৰ সময়ত নেপালৰ উচ্চতম ন্য়ায়ালয়ৰ সমুখত এই ঘটা ঘটা বুলি সেই বাতৰিযোগে আমি জানিব পাৰিলোঁ।

ইয়াৰ পাছত আমি ইটিভি ভাৰতৰ Important Judicial Records Nearly Destroyed In Student-Led Protests: Nepal Supreme Court শীৰ্ষক বাতৰিটোত সেই একেটি স্থানত অৰ্থাত একেটি অট্টালিকাৰ সমুখত যোৱা ১০ ছেপ্তেম্বৰ ২০২৫ত এছ’টিয়েটেড প্ৰেছে তোলা আলোকচিত্ৰ এখন পালোঁ। ভাইৰেল ভিডিঅ’টোত দেখা ঘটনাটো নেপালৰ উচ্চতম ন্য়ায়ালয়ৰ সমুখত ঘটা বুলি আমি পতিয়ন গ’লোঁ।

আমি আজটকে ২০২৫ৰ ১০ ছেপ্তেম্বৰত নেপালৰ পৰা পৰিবেশন কৰা এক গ্ৰাউণ্ড জিৰো ৰিপোৰ্ট তেওঁলোকৰ ইউটিউৱ চেনেলত পালোঁ। তাতো আমি একেটা অট্টালিকা, যিটো নেপালৰ উচ্চতম ন্যায়ালয়, আন্দোলনকাৰীয়ে জ্বলাই দিয়া বুলি সবিশেষ সম্ভেদ লাভ কৰিলোঁ।

সদৌ শেষত আমি সেই স্থানখিনি গুগল মেপত সন্ধান কৰি উলিয়ালোঁ আৰু দেখিলোঁ যে যিটো ভিডিঅ’ আমি সত্যতা নিৰূপণ কৰি আছোঁ, সেই ভিডিঅ’টোত দেখা স্থানখিনি নেপালৰ উচ্চতম ন্যায়ালয়ৰ সমুখভাগ। আৰু ইতিমধ্যেই আমি লাভ কৰা বিভিন্ন ভিডিঅ’ আৰু বাতৰি তথা আলোকচিত্ৰৰ পৰা জানিব পৰা যায় যে সেই ঘটনাটো ২০২৫ৰ ছেপ্তেম্বৰত নেপালত হোৱা জেন জি অভ্যুত্থানৰ সময়ত একাংশই নেপালৰ উচ্চতম ন্যায়ালয়ৰ সমুখত বিভিন্ন বাহন আক্ৰমণ কৰাৰ লগতে ন্য়ায়ালয় পৰিষৰ আৰু অট্টালিকাত জুই লগাই দিছিল।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ কলকাতাৰ বৰ্তমানৰ পৰিস্থিতি বুলি দাবী কৰা হৈছে, সেইটো আচতলতে ২০২৫ৰ ছেপ্তেম্বৰত নেপালত হোৱা জেন জি আন্দোলনৰ সময়ত নেপাল উচ্চতম ন্যায়ালয়ৰ সমুখত হোৱা বিক্ষোভৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


