
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২৬ এপ্ৰিল ২০২৬ত এখন ফটো আপলোড কৰি সেয়া বাংলাদেশৰ বন বিভাগৰ নতুন পোচাক বুলি দাবী কৰিছে। ফটোখনত দুগৰাকী ব্যক্তিয়ে জন্তুৰ চালৰ পোচাক পিন্ধি থকা দেখা গৈছে। লিখিছে- বাংলাদেশ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পোচাক,,,চিকাৰী দেখিলেই এক মিনিটত খাটনা কৰি দিয়া হ’ব।।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি কিছুমান প্ৰাসংগিক শব্দ লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বাংলাদেশৰ বহুকেইটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত এটা বাতৰি পালোঁ আৰু তাৰ সৈতে সংলগ্ন এখন ফটো পালোঁ। বাতৰি অনুসৰি বাংলাদেশৰ অন্তৰ্তীকালিন চৰকাৰে প্ৰৱৰ্তন কৰা আৰক্ষীৰ পোচাক সলনি কৰি পূৰ্বৰ ইউনিফৰ্ম পুনৰ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই বাতৰি ২১ এপ্ৰিল ২০২৬ত প্ৰকাশ আৰু প্ৰচাৰ কৰা হৈছিল। বাতৰিত ব্যৱহাৰ কৰা ফটোখন বাংলাদেশ আৰক্ষীৰ সৌজন্যত প্ৰকাশ কৰা হৈছিল। আমি দেখিলোঁ যে এই মূল ফটোখনত থকা ব্যক্তিদুজন ভাইৰেল ফটোখনত থকা লোক দুজনেই হয়। আনকি যিটো পৃষ্ঠত(Background)ত ফটোখন তোলা হৈছে, সেই একেই পৃষ্ঠতেই ভাইৰেল ফটোখনো প্ৰস্তুত কৰা হৈছে। আনকি ব্যক্তিদুগৰাকীৰ জোতালৈকে একেই। তলত মূল ফটোখন দিয়া হৈছে।

মূল ফটো আৰু ভাইৰেল ফটোৰ তুলনা তলত দিয়া হৈছে।

বাংলাদেশৰ অগ্ৰনী সংবাদ প্ৰতিষ্ঠান ডেইলী চানৰ Govt moves to revise police uniform amid dissatisfaction within force শীৰ্ষক বাতৰিত কোৱা হৈছে যে আৰক্ষীৰ বাহিনীৰ আভ্যন্তৰীণ অসন্তুষ্টিৰ খবৰ আৰু শীৰ্ষ বিষয়াসকলে উত্থাপন কৰা উদ্বেগৰ পাছতে চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আৰক্ষীৰ ইউনিফৰ্ম সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এক প্ৰস্তাৱত আৰক্ষী মুখ্য কাৰ্যালয়ে আৰক্ষীৰ সাজ-পোছাক নিয়ম-২০২৫ সংশোধনৰ পৰামৰ্শ দিছে, য’ত কৰ্মী আৰু জনমতৰ মাজত সৃষ্টি হোৱা “নেতিবাচক আৱেগ”ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ইউনিটৰ বাবে নতুন ৰঙৰ পোচাকৰ পৰামৰ্শ দিয়া হৈছে। আৰক্ষী মুখ্য কাৰ্যালয়ৰ লজিষ্টিক শাখাই প্ৰেৰণ কৰা প্ৰস্তাৱ অনুসৰি মহানগৰ আৰক্ষী বিষয়াসকলে পাতল জলফাই ৰঙৰ চাৰ্ট পিন্ধিব, আনহাতে জিলা আৰু অন্যান্য আৰক্ষী ইউনিটসমূহে গভীৰ নীলা ৰঙৰ চাৰ্ট পিন্ধিব। সকলো কৰ্মীৰ বাবে ট্ৰাউজাৰ খাকী ৰঙৰে হৈ থাকিব।

বাংলাদেশৰ আন এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান কালেৰ কণ্ঠৰ ফের বদলাচ্ছে পুলিশের পোশাক, বিধি সংশোধনে স্বরাষ্ট্র মন্ত্রণালয়ে চিঠি শীৰ্ষক বাতৰিটোতো একেই কথা উল্লেখ কৰি সেই নিৰ্দিষ্ট ফটোখন ব্যৱহাৰ কৰা হৈছে।

ডেইলী অৱজাৰ্ভাৰৰ Govt plans police uniform revision after discontent among officers বাতৰিতো আমি সেই ফটোখন পালোঁ আৰু তাতো বাংলাদেশ আৰক্ষীৰ ইউনিফৰ্ম সলনি কৰাৰ বাতৰি লাভ কৰিলোঁ।

আনকি দ্য বিজনেছ ষ্টেণ্ডাৰ্ডৰ Bangladesh Police proposes changes in uniform regulations, introduces a fresh design বাতৰিতো আমি একেই তথ্য আৰু আলোকচিত্ৰ পালোঁ।

বাংলাদেশৰ অন্য সংবাদ প্ৰতিষ্ঠান ডেইলী টাইমছ অৱ বাংলাদেশ, কেম্পাছ টাইমছ, বনিক বাৰ্তা, প্ৰতিদিন আদিতো আমি সেই বাতৰি পালোঁ আৰু সেই ফটোখন পালোঁ, যিখন ফটোৰ ভিত্তিতেই হয়তো ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে।
সেই মূল ফটোখন লাভ কৰাৰ পাছত আমি ভাইৰেল ফটোখন সম্পাদিত ফটো হ’ব পাৰে বুলি সন্দেহ কৰি আমি সেইফটোখন পৰীক্ষা কৰিলোঁ। তেতিয়া আমি ব্যক্তি দুজনৰ পোচাকত বিসংগতি দেখিলোঁ। সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছেনে নাই তাৰ পৰীক্ষা কৰাৰ বাবে একাধিক AI content detector toolsত ফটোখন পৰীক্ষা কৰিলোঁ। SynthID Detectorএ এয়া AI Generated বুলি প্ৰকাশ কৰিছে।

Sight Engine মতেও এই ফটোখন ৯৪ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

আন এক পৰীক্ষাতো ই ৯৪ শতাংশয়ে AI Generated বুলি জানিব পাৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে বাংলাদেশ আৰক্ষীৰ ইউনিফৰ্ম সলনি সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত ফটো এখনকে সম্পাদনা কৰি সেয়া বাংলাদেশ বন বিভাগৰ নতুন ইউনিফৰ্ম বুলি মিছাকৈ দাবী কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


