
শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত ২৪ এপ্ৰিল ২০২৬ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা অনুব্ৰত মণ্ডলে সংবাদ মাধ্যমৰ আগত দিয়া এটা মন্তব্য আপলোড কৰি দাবী কৰিছে যে শেহতীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কৈছে যে এই ভোটগ্ৰহণত তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনো লাভ নকৰে। তেওঁৰ মণ্ডব্যত শুনা গৈছে যে – “প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনও নাপাব পাৰে টিএমচি’য়ে।”

একেই দাবীৰে সেই ফটোখন আপলোড কৰা ফেচবুক পোষ্ট ইয়াত, ইয়াত আৰু ইয়াতো চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি অনুব্ৰত মণ্ডলৰ সেই মন্তব্যটোৰ পূৰ্ণাংগ সংস্কৰণটো পশ্চিমবংগৰ নজৰ নিউজৰ ফেচবুক পেজটোত পালোঁ। তাত তেওঁ কোৱা সম্পূৰ্ণ মন্তব্যটো আমি শুনিলোঁ। Never seen such votes before, 240 seats will get Trinamool, place of Royal Bengal Tiger where paws are set, people voted, comments from Anubrata Mandal বুলি লিখা পোষ্টটোত অনুব্ৰত মণ্ডলৰ কণ্ঠত শুনা গৈছে- “ মোৰ জীৱনত মই ইমান পৰিমাণৰ ভোটিং দেখা নাই। এই ৯৬,৯৭,৯৮ শতাংশ পোল দিদি(মমতা বেনাৰ্জী)ৰ সমৰ্থনত হৈছে। ১৫২টা সমষ্টিত প্ৰথম পৰ্যায়ত তৃণমূল কংগ্ৰেছে ১৩০টা পাম বুলি কৈছিলোঁ। অন্য দলে ১৫, ১৬টাও নাপাব প্ৰথম পৰ্যায়ত।” বাংলা ভাষাত দিয়া মন্তব্যটোত ১৫,১৬টাও নাপায় ‘বাকী পাৰ্টী’ বুলি কৈছিল মণ্ডলে। সেই ‘বাকী পাৰ্টী’ বাক্যাংশ কাটি অসমৰ ফেচবুকত আপলোড কৰা হৈছে।

অনুব্ৰত মণ্ডলে সংবাদ মাধ্যমত দিয়া সেই মন্তব্যটোৰ সম্পূৰ্ণ অংশ, য’ত তেওঁ অন্য কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ সমৰ্থনত; সেয়া আমি Bangla Hunt আমি ইউটিউৱ চেনেলত পালোঁ। তাতো স্পষ্টভাৱে শুনা যায় যে অনুব্ৰত মণ্ডলে প্ৰথম পৰ্যায়ত বাকী দলে ১৫,১৬খন আসনো নাপায় বুলি কৈছে।

ইয়াৰ পৰাই প্ৰমাণ হয় যে অনুব্ৰত মণ্ডলে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত তৃণমূল কংগ্ৰেছে ১৫,১৬খন আসনো নাপায় বুলি কোৱা নাছিল। তেওঁ আচলতে অন্য দলেহে ১৫,১৬খন আসন নাপায় বুলি কৈছিল। ভিডিঅ’টো সম্পাদিত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


