
শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক গৰু গাড়ীত উঠি সংসদত আহি উপস্থিত হোৱা দেখা গৈছে । দাবী কৰা হৈছে যে প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদলৈ আহিছিল ।
এনে ধৰণৰ এক ফেচবুক পোষ্ট, ‘আমাৰ অসম আমাৰ কণ্ঠ’ নামৰ এক ফেচবুক পে’জৰ পৰা ৪ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু বিভিন্নজনে এই পোষ্টটো শ্বেয়াৰ কৰি ভাইৰেল কৰি তুলিছে । উক্ত ফেচবুক পোষ্টটোত ভাইৰেল ফটোখনৰ সৈতে লিখা হৈছে যে প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱন ঘেৰাও কৰিছিল আৰু এতিয়া এইবোৰ মানুহেই ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছে ।
সঁচাকৈ প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱন ঘেৰাও কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু পালোঁ যে উক্ত ফটোখন আচলতে বাজপেয়ীয়ে বৰ্ধিত পেট্ৰল ডিজেলৰ দামৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ হিচাবে গৰু গাড়ীত উঠি সংসদ ভৱন ঘেৰাও কৰা সময়ত তোলা হয় আৰু প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ সৈতে কোনো সম্পৰ্ক নাই । এই ভাইৰেল ফটোখন আমি হিন্দুস্তান টাইমছৰ ফটো আৰ্কাইভত বিচাৰি পালোঁ য’ত লিখা আছে যে উক্ত ফটোখন ১৯৭৩ চনৰ হয় যেতিয়া বাজপেয়ীয়ে বৰ্ধিত পেট্ৰল ডিজেলৰ দামৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ হিচাবে গৰু গাড়ীত উঠি সংসদ ভৱনলৈ আহিছিল ।
আন এটা মন কৰিবলগীয়া কথা হ’ল যে সেই সময়ত ইন্দিৰা গান্ধীহে প্ৰধানমন্ত্ৰী আছিল আৰু ৰাজীৱ গান্ধী প্ৰায় এক দশকৰ পাছত, ১৯৮৪ চনত প্ৰধানমন্ত্ৰী হৈছিল । বিতংকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক ।
আমি জানো যে ভাৰতত কম্পিউটাৰ বিপ্লৱৰ ক্ষেত্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান শলাগ লোৱা হয় । সেইবাবে আমি এই ক্ষেত্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কি মত জানিবলৈ তেওঁৰ পুৰণা ভাষণ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে তেওঁ এই ক্ষেত্ৰত যথেষ্ট প্ৰশংসা কৰিছে আৰু ভাৰতবৰ্ষক আগুৱাই নিয়াত কম্পিউটাৰৰ অৱদান যথেষ্ট বুলি শলাগিছে । বিতংকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক ।
ফলাফল
উক্ত ফেচবুক পোষ্টটো ভুৱা হয় । প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দেশলৈ কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱন ঘেৰাও কৰা নাছিল । তেওঁ বৰঞ্চ বৰ্ধিত পেট্ৰল ডিজেলৰ দামৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ হিচাবে গৰু গাড়ীত উঠি সাংসদ ভৱনলৈ আহিছিল ।

Title:ৰাজীৱ গান্ধীয়ে দেশলৈ কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱনলৈ অহা নাছিল!
Fact Check By: Manjori BorkotokyResult: False