আলজেৰিয়াৰ ফুটবল সমৰ্থকৰ আনন্দ আৰু আতচবাজিকে ইৰাণৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ  বুলি প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ! ইজৰাইলত হাহাকাৰ! (প্ৰকৃত ফুটেজ) অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! ইজৰাইলৰ বুকুত কঁপনি তুলি শ শ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ সেনাই। ইজৰাইলৰ আকাশমাৰ্গত এতিয়া কেৱল মিছাইলৰ পোহৰ। আইৰন ডোম ব্যৱস্থাই কেইবাটাও মিছাইল ধ্বংস কৰিছে যদিও উত্তেজনা তুংগত। কি হ’ব ইয়াৰ পৰিণাম? চাওক এই বিশেষ ৰিপোৰ্ট।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ৭ আগষ্ট, ২০২০ তাৰিখে এক্সত বাৰ্বেৰে টেলিভিছনে পোষ্ট কৰা একেধৰণৰ ভিডিঅ’ এটা পালোঁ, য’ত লিখা আছিল-  “Algiers — it happened tonight at 10:00 p.m. in Belouizdad” “আলজিয়াৰ্ছ — এয়া আজি নিশা ১০:০০ বজাত বেলৌইজদাদত ঘটিছিল”।

 এই ইংগিতসমূহ ব্যৱহাৰ কৰি আমি অধিক অনুসন্ধান কৰিলোঁ আৰু আমি ক্লিপটোৰ সৈতে মিল থকা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ সৈতে লিখা কথাখিনিত কোৱা হৈছে যে ২০২০ চনত চি আৰ বেলৌইজদাদে আলজেৰিয়াৰ চেম্পিয়নশ্বিপ জয় কৰাৰ পিছত আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্ছত ফুটবল অনুৰাগীয়ে আতচবাজী প্ৰদৰ্শন কৰিছে।

 

ৰয়টাৰে ৰঙা ফ্লেয়াৰৰ ব্যৱহাৰক চি আৰ বেলৌইজদাদৰ সমৰ্থকসকলে প্ৰায়ে কৰা উদযাপনৰ সমাৰ্থক বুলি চিনাক্ত কৰিছে। গতিকে এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি বুজিব পাৰো যে আলজিয়াৰ্ছৰ এটা ফুটবল দলৰ ৰাজহুৱা উদযাপনৰ এটা পুৰণি ভিডিঅ’ ইৰাণৰ ইজৰাইলৰ ওপৰত কৰা মিছাইল আক্ৰমণ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছিল। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: আলজেৰিয়াৰ ফুটবল সমৰ্থকৰ আনন্দ আৰু আতচবাজিকে ইৰাণৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *