জৱাহৰলাল নেহৰুৱে মাতৃৰ অস্থি বিসৰ্জন কৰা সময়ৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Misleading Social

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে সেয়া ১৯২৪ চনত জৱাহৰলাল নেহৰুৱে অৰ্ধ কুম্ভ মেলাত মাক-দেউতাকৰ অস্থি বিসৰ্জন দিয়াৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি জানিব পাৰিলোঁ যে জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৩১ চনৰ ৬ ফেব্ৰুৱাৰীত আৰু মাতৃ স্বৰূপ ৰাণী নেহৰুৰ মাতৃ হৈছিল ১৯৩৮ চনৰ ১০ জানুৱাৰীত। 

ইয়াৰ পাছত আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৩ চনৰ ২৮ মে’ৰ এটা টুইট পালোঁ। সেই টুইটটোত উল্লিখিত ফটোখন আপলোড কৰা হৈছিল আৰু তাত থকা কেপছনটোৰ ভাবানুবাদ আছিলঃ- “আপুনি পোষ্ট কৰা ফটোখন নেহৰুৱে মাকৰ মৃত্যুৰ পাছত কৰা ‘অন্তিম ক্ৰিয়া কৰ্ম’ৰ সময়ৰ! এয়া ধৰ্ম বা অন্ধবিশ্বাসৰ ৰাজহুৱা প্ৰদৰ্শন নহয়। শালীনতাৰ কিছু আভাস ৰক্ষা কৰক!”

X Link 

সেই ফটোখনত লিখা আছিল “ENDURING TRAGEDY: Jawaharlal Nehru immersing his mother’s ashes in Allahabad. ( চিৰস্থায়ী শোকঃ জৱাহৰলাল নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন কৰাৰ সময়ত”।)

এই সূত্ৰৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ২০০৬ চনৰ ৬ মাৰ্চত ইণ্ডিয়া টুডেত প্ৰকাশিত এটা লেখা পালোঁ। লেখাটোৰ শিৰোনামত লিখা আছিল, “Book review: ‘The Nehrus: Personal Histories’ by Mushirul Hasan & Priya Kapoor”।

সেই লেখাটোত জৱাহৰলাল নেহৰুৰ আন ফটোবোৰৰ মাজতে সেই ফটোখনো আছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

ইয়াৰ পাছত আমাৰ সন্ধানত আগবাঢ়ি গৈ আমি একেখন ফটোকে এটা ৱেবছাইটত আপলোড কৰা দেখিলোঁ, য’ত লিখা আছিল, “নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন দিয়াৰ পাছত”। ফটোখনৰ বৰ্ণনাত লিখা কথাখিনিৰ ভাবানুবাদঃ “নেহৰুৰ বিদায়: ৰাজহুৱা সেৱাৰ মাজতে এক ব্যক্তিগত শোক। এই মৰ্মান্তিক ছবিখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁক সংস্কাৰৰ শিপাৰ সৈতে বান্ধি ৰখা এক গভীৰ ব্যক্তিগত পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে।”

আমি সন্ধান কৰি আমি গম পালোঁ যে ১৯৩৮ চনত কুম্ভমেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছিল, এলাহাবাদ (বৰ্তমান প্ৰয়াগৰাজ)ত নহয়। ১৯৩৮ চনৰ হৰিদ্বাৰ মহা কুম্ভত দুটা দুৰ্যোগো সংঘটিত হৈছিল। গংগাৰ কাষৰ বস্তিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে মেলা চৌহদত কলেৰাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। দুয়োটা দুৰ্যোগৰ ফলতেই বিপুলভাৱে প্ৰাণ আৰু সম্পত্তিৰ হানি হৈছিল। মেলা চৌহদৰ পৰা মানুহে পলায়ন কৰিছিল।

ভাইৰেল পোষ্টটোত দাবী কৰা হৈছে যে জৱাহৰলাল নেহৰুৰ ফটোখন ১৯২৪ চনৰ অৰ্ধ কুম্ভ মেলাৰ য’ত তেওঁ নিজৰ পিতৃ-মাতৃৰ অস্থি বিসৰ্জন দিছিল। কিন্তু আমাৰ অনুসন্ধানৰ পৰা আমি জানিব পাৰিলোঁ যে ফটোখন ১৯৩৮ চনৰহে‌ য’ত তেওঁ নিজৰ মাতৃৰ (মৃত্যু ১৯৩৮ চনৰ ১০ জানুৱাৰী) অস্থি বিসৰ্জন দিছিল। জৱাহৰলাল নেহৰুৰ পিতৃৰ মৃত্যু হৈছিল ১৯৩১ চনৰ ৬ ফেব্ৰুৱাৰীত। গতিকে এই ফটোখন ১৯২৪ চনৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

উল্লেখযোগ্য যে ১৯২৪ চনৰ কুম্ভ মেলা অনুষ্ঠিত হৈছিল প্ৰয়াগৰাজত। সুৰক্ষাজনিত কাৰণত বৃটিছ চৰকাৰে কুম্ভ স্নানত বাধা-নিষেধ কৰিছিল আৰু জৱাহৰলাল নেহৰুৱে এই নিষেধাজ্ঞাৰ বিৰোধিতা কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

 ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। জৱাহৰলাল নেহৰুৰ এই ফটোখন ১৯২৪ চনৰ কুম্ভ মেলাৰ নহয় বৰং ১৯৩৮ চনত এলাহাবাদত মাতৃৰ শেষকৃত্য সম্পন্ন কৰা সময়ৰহে। তদুপৰি ১৯৩৮ চনৰ কুম্ভমেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছিল, এলাহাবাদত (এতিয়া প্ৰয়াগৰাজ) নহয়। আনহাতে ১৯২৪ চনৰ প্ৰয়াগৰাজ কুম্ভ মেলাত সুৰক্ষাজনিত কাৰণত বৃটিছ চৰকাৰে কুম্ভ স্নানত বাধা-নিষেধ কৰিছিল আৰু জৱাহৰলাল নেহৰুৱে এই নিষেধাজ্ঞাৰ বিৰোধিতা কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জৱাহৰলাল নেহৰুৱে মাতৃৰ অস্থি বিসৰ্জন কৰা সময়ৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: Misleading