
প্ৰস্তাৱনা
ভাৰতৰ নিৰ্বাচন আয়োগে ১৭ নৱেম্বৰ সোমবাৰে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’(‘Special Revision‘)ৰ নিৰ্দেশ দিয়ে। অসমৰ চূড়ান্ত ভোটাৰ তালিকা ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব বুলি সমীক্ষা পেনেলে এক বিবৃতিত প্ৰকাশ কৰিছে। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে এই ঘোষণা কৰা হৈছে।
বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া কি?
অসমৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ মূল উপাদান হৈছে বুথ লেভেল অফিচাৰ (বিএলঅ’)ৰ ঘৰে ঘৰে গৈ বৰ্তমানৰ ভোটাৰ তালিকাৰ বাস্তৱিক পৰীক্ষণ কৰা। অসমৰ মুখ্য নিৰ্বচনী বিষয়া অনুৰাগ গোৱেলে কয় যে, “প্ৰতি বছৰে হোৱা ভোটাৰ তালিকাৰ সাৰাংশ পুনৰীক্ষণতকৈ ই অধিক কঠোৰ, কিন্তু বিহাৰত হোৱা আৰু আন ১২খন ৰাজ্যত চলি থকা এছ আই আৰ (বিশেষ নিবিড় পুনৰীক্ষণ)ৰ দৰে ই নথি-পত্ৰ পৰীক্ষণৰ দৰে নহয়।”
অহা ২২ নৱেম্বৰৰ পৰা এই ঘৰে ঘৰে কৰা পৰীক্ষণ আৰম্ভ হ’ব আৰু সমগ্ৰ ৰাজ্যৰ ২৯,৬৫৬টা ভোটকেন্দ্ৰত ২০ ডিচেম্বৰলৈকে এই প্ৰক্ৰিয়া চলিব। ‘বিএলঅ’ৰ পঞ্জীত প্ৰতিটো ঘৰৰ বৰ্তমানৰ সকলো ভোটাৰৰ নাম একেলগে ছপা কৰা হ’ব। যিকোনো প্ৰয়োজনীয় আপডেটৰ বাবে তেওঁলোকে শাৰীৰিকভাৱে পৰীক্ষা কৰি পৰিয়ালৰ মুৰব্বীৰ লগত কথা পাতিব । পৰীক্ষাৰ সময়ত তেওঁলোকে কোনো এটা পৰিয়াল কোনো ভোটাৰৰ মৃত্যু অথবা আন এটা সমষ্টিলৈ স্থানান্তৰিত হোৱা তথ্যৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণ কৰিব। প্ৰথম ভ্ৰমণত ঘৰত কাকো লগ নাপালে বিএলঅ’সকলে কমেও তিনিবাৰকৈ সেই ঘৰলৈ যাব।’
ই বিশেষ নিবিড় পুনৰীক্ষণ(SIR) ৰ পৰা পৃথক নেকি?
বিষয়াসকলে কয় যে ‘বিশেষ পুনৰীক্ষণ’ বাৰ্ষিক বিশেষ সাৰাংশ পুনৰীক্ষণ আৰু নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ মাজৰ এক প্ৰক্ৰিয়া। সংবাদ সংস্থা পিটিআইত এজন জ্যেষ্ঠ কৰ্মীৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘এয়া এক প্ৰকাৰে বিশেষ সাৰাংশ পুনৰীক্ষণৰ উন্নীতকৰণ… গণনা প্ৰ-পত্ৰৰ পৰিৱৰ্তে বুথ পৰ্যায়ৰ বিষয়াসকলে নিৰ্বাচকসকলক পূৰ্বতে পূৰণ কৰা পঞ্জীত পৰীক্ষা কৰিব। যোৱা মাহত নিৰ্বাচন আয়োগে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ বাবে এছ আই আৰ(বিশেষ নিবিড় পুনৰীক্ষণ)ৰ নিৰ্দেশ দিছিলঃ- ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰু লক্ষদ্বীপ। ইয়াৰ ভিতৰত ২০২৬ চনত তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিম বংগত নিৰ্বাচন হ’ব।
অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক’লে?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (এছ আৰ) গ্ৰহণ কৰাৰ সিদ্ধান্তক আদৰণি জনাই ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ”অৰ্হতাৰ তাৰিখ ০১.০১.২০২৬ লৈ নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন লোৱাৰ সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে” বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে।
বিশেষ পুনৰীক্ষণ(এছ আৰ)ৰ সূচী কি?
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ প’ল পেনেলে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ১ জানুৱাৰী ২০২৬,হ’ব ৰাজ্যখনে বিশেষ পুনৰীক্ষণ সম্পন্ন কৰাৰ বাবে যোগ্যতা অৰ্জনৰ তাৰিখ । সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণ কৰা হ’ব।২৭ ডিচেম্বৰত সংহত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ’ব, আৰু পৰৱৰ্তী বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।
ভোটাৰৰ যোগ্যতা
নিৰ্বাচন আয়োগৰ বিষয়াসকলে নিশ্চিত কৰিব লাগিব যাতে কোনো যোগ্য নাগৰিক বাদ নপৰে বা কোনো অযোগ্য ব্যক্তি নিৰ্বাচনৰ তালিকাত অন্তৰ্ভুক্ত নহয়। এই অনুশীলনৰ সময়ত নিৰ্বাচনী বিষয়াসকলৰ বাবে আদেশ হ’ল ভাৰতীয় সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৬ আৰু ১৯ নং ধাৰা অনুসৰি প্ৰতিজন যোগ্য ব্যক্তিক ভোটাৰ হিচাপে নামভৰ্তি কৰা হয়। যিকোনো ব্যক্তিয়ে ভোটাৰ হোৱাৰ অধিকাৰ আছে আৰু আবেদনৰ ভিত্তিত সেই সমষ্টিৰ বাবে নিৰ্বাচনী তালিকাত পঞ্জীয়ন হ’ব পাৰে যদিহে সেই ব্যক্তিজনঃ-
ক. ভাৰতৰ নাগৰিক হয়,
খ. ০১.০১.২০২৬ তাৰিখত বয়স ১৮ বছৰৰ কম নহয়,
গ. সমষ্টিৰ সাধাৰণ বাসিন্দা হয়,
ঘ. কোনো আইনৰ অধীনত অযোগ্য নহয় আৰু
ঙ. অসুস্থ মনৰ নহয়।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যভাৰ কি?
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই নিশ্চিত কৰিব লাগিবঃ-
১. পৰিয়ালৰ সকলো পঞ্জীয়নভুক্ত সদস্যক একেটা অংশতে আৰু একে ঠাইতে ৰখা হয় আৰু কোনো পৰিয়াল যদি বিভাজন হৈছে, সেয়া নিশ্চিত কৰা হয়।
২.সঠিক ঘৰৰ সংখ্যা প্ৰতিফলিত কৰা অংশ আৰু অংশৰ সঠিক গঠন আৰু পুনৰ্গঠন, যেতিয়াই প্ৰয়োজন হয়।
৩.ভোট কেন্দ্ৰসমূহ যাতে তলৰ মহলা/পথ প্ৰৱেশ স্তৰত অৱস্থিত হয়।
৪. প্ৰপত্ৰ-৭ৰ জৰিয়তে একাধিক প্ৰৱেশপত্ৰ/মৃত ভোটাৰ/স্থায়ীভাৱে স্থানান্তৰিত ভোটাৰক ১০০% আঁতৰোৱা।
৫.ভোট কেন্দ্ৰৰ ১০০% পৰীক্ষণ আৰু ভোট কেন্দ্ৰৰ যুক্তিসংগত ব্যৱহাৰকৰণৰ বাবে ৰাজনৈতিক দলৰ সৈতে আলোচনা।
৬. ডাটাবেছত বাদ পৰি যোৱা আৰু সম্ভাৱ্য ভোটাৰসকলৰ প্ৰৱেশ।
৭. ইচিআইৰ মানদণ্ড অনুসৰি সঠিক মান নিৰ্ধাৰণ কৰা।
ঘৰে ঘৰে পৰীক্ষণ কেনেকৈ কৰা হব?
BLO সমূহে তলত দিয়া তথ্যসমূহ সংগ্ৰহ কৰিবঃ-
১. একাধিক অন্তৰ্ভুক্তি/মৃত ভোটাৰ/স্থায়ীভাৱে স্থানান্তৰিত ভোটাৰ।
২.সংশোধিত অন্তৰ্ভুক্তি।
৩.২০২৬ চনৰ ১ জানুৱাৰীৰ ভিতৰত ভোটাৰ হোৱাৰ যোগ্যতা থকা সম্ভাৱ্য ভোটাৰ অন্তৰ্ভুক্তি।
আধাৰ নম্বৰঃ
আবেদনকাৰীয়ে স্বেচ্ছাই প্ৰপত্ৰ ৬ আৰু প্ৰপত্ৰ ৮ত নিজৰ আধাৰ নম্বৰ দিব পাৰিব। কিন্তু নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কোনো আবেদন নাকচ কৰা নহ’ব, আৰু কোনো ব্যক্তিয়ে আধাৰ নম্বৰ প্ৰদান কৰিব নোৱাৰাৰ বাবে নিৰ্বাচনী তালিকাত কোনো প্ৰৱেশ পত্ৰ বাদ দিয়া নহ’ব।
ৰাজনৈতিক দলসমূহক জড়িত কৰাঃ
পুনৰীক্ষণৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচন আয়োগৰ বিষয়াসকলে বৈঠকত মিলিত হ’ব।
চূড়ান্ত অন্তৰ্ভুক্তিকৰণঃ
মুখ্য নিৰ্বচনী বিষয়াক নিৰ্বাচনী তালিকাৰ চূড়ান্ত প্ৰকাশৰ বাবে নিৰ্বাচন আয়োগৰ পৰা পূৰ্বৰ লিখিত অনুমতি ল’বলৈ নিৰ্দেশ কৰা হৈছে।
উপসংহাৰঃ
বৰ্তমান অসমত ৯৪,২৭৭ জন ডি ভোটাৰ (সন্দেহজনক ভোটাৰ) যাৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ সন্মুখত বিচাৰাধীন হৈ আছে আৰু ন্যায়াধিকৰণে তেওঁলোকৰ নাগৰিকত্ব ৰক্ষা নকৰালৈকে নিৰ্বাচনত ভোটদানৰ অনুমতি নাই। বিশেষ পুনৰীক্ষণত তেওঁলোকৰ সকলো তথ্য কোনো পৰিৱৰ্তন নকৰাকৈ নিৰ্বাচনী তালিকাৰ খচৰালৈ লৈ যোৱা হ’ব। এই ক্ষেত্ৰত এই পুনৰীক্ষণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ঃ এক সংক্ষিপ্ত আলোচনা
Fact Check By: Pranjal SharmaResult: Insight


