

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৯৭ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৫০ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো তিনিহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ছয়জনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে সময়তে এখন বিশেষ স্ক্ৰিনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে দেশত ১৫ জুনৰ পৰা আকৌ সম্পূৰ্ণ লক ডাউন হবলৈ গৈ আছে আৰু এই বিষয়ে গৃহ মন্ত্ৰালয়ে কিছু সংকেত দিছে । এই লক ডাউনৰ সময়ত ট্ৰেইন আৰু উৰা জাহাজ চলা বন্ধ হৈ পৰিব । উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ‘ফেক্ট ক্ৰেছচেণ্ড অসমীয়া’ৰ সৈতে এজন হোৱাটচ এপ্প ইউজাৰে সত্যতা নিৰূপনৰ বাবে শ্বেয়াৰ কৰিলে ।

সঁচাকৈ দেশত ১৫ জুনৰ পৰা আকৌ সম্পূৰ্ণ লক ডাউন হবলৈ গৈ আছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিষয়ে ‘পিআইবি অসম’ৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ আছে নেকি চাবলৈ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে ১০ জুন, ২০২০ তাৰিখে তেওঁলোকে এই বিষয়ে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে য’ত তেওঁলোকে ‘পিআইবি ফেক্টচেক’ৰ এক টুইট ৰিটুইট কৰিছে আৰু লিখিছে যে এই ভাইৰেল স্ক্ৰিনশ্বটটো সম্পূৰ্ণ ভুৱা হয় । ভুৱা বাতৰি বিয়পাব পৰা এনে বিভ্ৰান্তিকৰ ফটোৰ পৰা সাৱধানে থাকিব লাগে, বুলি তেওঁলোকে লগতে লিখিছে ।

আমি ভাইৰেল স্ক্ৰিনশ্বটটোত ‘জি নিউজ’ৰ ল’গ’ দেখিলোঁ আৰু সেইবাবে ‘জি নিউজ’ৰ ফালৰ পৰা এই বিষয়ে কোনো স্পষ্টীকৰণ দিয়া হৈছে নেকি জানিবলৈ কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে এক ৰিপৰ্ট ‘জি নিউজ’য়ে ইতিমধ্যে প্ৰকাশ কৰিছে । ৰিপৰ্টটোত তেওঁলোকে স্পষ্ট কৰিছে যে উক্ত স্ক্ৰিনশ্বটটো তেওঁলোকৰ নহয় আৰু কোনো দুষ্ট লোকে তেওঁলোকক বদনাম কৰিবলৈ এনেধৰে ফটোশ্বপ কৰি ভুৱা বাতৰি বিয়পাইছে । সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক ।

ফলাফলউক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ভুৱা হয় আৰু জি নিউজে এনে কোনো বাতৰি প্ৰকাশ কৰা নাই বুলি ইতিমধ্যে স্পষ্ট কৰিছে । ১৫ জুনৰ পৰা দেশত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে বুলি মিছাতে প্রচাৰ কৰি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:দেশত ১৫ জুনৰ পৰা আকৌ সম্পূৰ্ণ লক ডাউন হবলৈ গৈ আছে নেকি?
Fact Check By: Manjori BorkotokyResult: False