ইন্দোনেছিয়াৰ পুৰণি ভিডিঅ’ নেপালৰ শেহতীয়া পৰিস্থিতিৰ বুলি ভাইৰেল।

False International

নেপালত চৰকাৰৰ বিৰুদ্ধে চলি থকা হিংসাত্মক প্ৰতিবাদৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। ইয়াত দেখা গৈছে যে কোনো এক ভৱনৰ মূল গেট ভাঙিবলৈ চেষ্টা কৰিছে মানুহৰ বিশাল ভিৰ এটাই। তাৰ পিছত তাত উপস্থিত থকা আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো নেপালৰ শেহতীয়া পৰিস্থিতিৰ।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ১৩ আগষ্টত ইন্দোনেছিয়াৰ এজন ফেচবুক ব্যৱহাৰকাৰীৰ এটা পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। পোষ্টটোৰ কেপশ্বনত লিখা আছিল, ‘মধ্য জাভাৰ পাটি ৰিজেন্সিত ৰিজেণ্টে ৩০০ শতাংশ কৰ বৃদ্ধি কৰাৰ পিছত প্ৰতিবাদৰ সূচনা হয়। ৰিজেণ্টে কৰ বৃদ্ধি বাতিল কৰিছে যদিও ইতিমধ্যে ৰাইজে ক্ষুব্ধ হৈ পৰিছে আৰু এতিয়াও ৰিজেণ্টৰ পদত্যাগৰ দাবী জনাইছে।

কেপশ্বনৰ ক’তো নেপাল বা তাত হোৱা প্ৰতিবাদৰ কোনো উল্লেখ নাই। বৰঞ্চ পোহৰলৈ আহে যে এইটো জাভাৰ প্ৰতিবাদৰ ভিডিঅ’।

একেধৰণৰ ভিডিঅ’ আমি আন এটা ফেচবুক পোষ্টত পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ইন্দোনেছিয়াত হোৱা প্ৰতিবাদৰ।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। আমি Zonasatu.net নামৰ ইন্দোনেছিয়ান ৱেবছাইট এটাত ২০২৫ চনৰ ১৩ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ১৩ আগষ্টত পাতিৰ বুপাটি (জিলা প্ৰধান) চুডেভ’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা লোকসকলে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

আমি TribunMuria নামৰ ৱেবছাইটত ইণ্ডোনেছিয়ান ভাষাত প্ৰকাশিত আন এটা প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। ইয়াত কোৱা হৈছে যে ‘হাজাৰ হাজাৰ পাটি বাসিন্দাৰ এই বিক্ষোভ ৰিজেণ্ট চুডেভ’ৰ ভূমি আৰু বিল্ডিং কৰ ২৫০ শতাংশ বৃদ্ধিৰ নীতিৰ বিৰুদ্ধে আছিল। কিন্তু বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰে যেতিয়া ৰাইজে কাৰ্যালয়লৈ পানীৰ বটল আৰু ভঙা টাইলছ দলিয়াই দিয়ে আৰু লগতে আৰক্ষীৰ এখন বাহনত অগ্নিসংযোগ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰি আৰু কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি ভিৰ নিয়ন্ত্ৰণ কৰে। বিক্ষোভৰ পাছত ৰিজেণ্ট চুডেভ’ই কৰ বৃদ্ধি বাতিল কৰে যদিও প্ৰতিবাদকাৰীসকল তেওঁৰ পদত্যাগৰ দাবীত অটল হৈ থাকে।’

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই ভিডিঅ’টো নেপালৰ শেহতীয়া পৰিস্থিতিৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো পুৰণি আৰু নেপালৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। এই ভিডিঅ’টো ইন্দোনেছিয়াৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইন্দোনেছিয়াৰ পুৰণি ভিডিঅ’ নেপালৰ শেহতীয়া পৰিস্থিতিৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team  

Result: False