
যোৱা ৪ চেপ্তেম্বৰ, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি খাৰ্গেই মন্তব্যৰ জৰিয়তেই দাবী কৰিছে যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই। ভিডিঅ’টোত শুনা গৈছে এইদৰে- কল যো ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে, এক গায়ক কো দিয়ে হে, ইচকা বড়া দুখ হে হমে। ভিডিঅ’টোৰ কেপছনত লিখিছে এইদৰে-ভুপেন হাজৰিকাক ভাৰতৰত্ন দিয়াৰ বাবে কংগ্ৰেছৰ সভাপতি খাৰ্গে ,কি কৈছিল এবাৰ শুনক । ১৩ চেকেণ্ডৰ সেই ভিডিঅ’টোত টেক্সট ওভাৰলে’(Text Overlay) কৰি লিখিছে- ভাৰতৰত্ন ভূপেন হাজৰিকাক কিয় দিব লাগে বুলি প্ৰশ্ন কৰিছিল কংগ্ৰেছ সভাপতি খাৰ্গে আৰু মনতে দুখ পোৱা বুলি কৈছিল। এইদৰেই এই ভিডিঅ’ ক্লিপটোৰে দাবী কৰা হৈছে যে খাৰ্গেই ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৯ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু নানাজী দেশমুখক ভাৰতৰত্ন প্ৰদান কৰাৰ পাছত শিৱকুমাৰ স্বামীক ভাৰতৰত্ন প্ৰদান নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি ANIৰ আগত দিয়া সম্পূৰ্ণ মন্তব্যটো পালোঁ। মন্তব্যটোৰ প্ৰথম বাক্যটোৱেই হৈছে কল যে ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে। তাৰ পাছত তেওঁ জ্যেষ্ঠ ৰাজনীতিক, খ্যাতিমান সাংবাদিক, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক ভাৰতৰত্ন প্ৰদান কৰা সিদ্ধান্তক আদৰণি জনায়। তাৰ পাছতে খাৰ্গে ড০ শিৱকুমাৰ স্বামী, যিয়ে নিজৰ জীৱনকালত অনেক অনাথ শিশুক সাহাৰ্য প্ৰদান কৰি তেওঁলোকৰ উচ্চ শিক্ষালৈকে চোৱাচিতা কৰি নিজৰ জীৱনটো পাত কৰিলে, তেনেকুৱা এজন ব্যক্তিক ভাৰতৰত্ন প্ৰদান নকৰাত দুখ প্ৰকাশ কৰে। তেওঁ কয় যে শিৱকুমাৰ স্বামীৰ কাম চৰকাৰে দেখিছিল। আদৱানীৰ পৰা মনোহৰ যোশীলৈকে, সুষমা স্বৰাজৰ পৰা গাডকাৰীলৈকে বিজেপিৰ নেতাসকল তথা প্ৰধানমন্ত্ৰীয়ে স্বয়ং তেওঁৰ কৰ্মস্থলীলৈ গৈছিল বুলি তেওঁ কয়। তাৰপাছতো তেওঁক ভাৰতৰত্ন নিদিয়াত খাৰ্গেই দুখ পাইছে বুলি কয়। ভাইৰেল ভিডিঅ’ ক্লিপটোৰ ইচকা বড়া দুখ হে হমে বোলা অংশটো মূল ভিডিঅ’টোৰ এইখিনিতে অৰ্থাত ২ মিনিট ১৬ চেকেণ্ড শুনিবলৈ পোৱা যায়। ইয়াৰ কিছুক্ষণ পাছত তেওঁ কয় বাকী দুজনৰ এজন গায়ক আৰু এজন আৰএছএছৰ আদৰ্শ প্ৰস্তুকাৰীক দিয়া হৈছে। এইখিনিতে ভাইৰেল ক্লিপটোৰ এক গায়ক কো দিয়ে হে বোলা অংশটো আমি শুনিবলৈ পালোঁ। শিৱকুমাৰ স্বামীক সেই বৰ্ষত ভাৰতৰত্ন প্ৰদান নকৰাত দুখ প্ৰকাশ কৰি খাৰ্গেই প্ৰদান কৰা মন্তব্যটোৰ প্ৰথম ৪চেকেণ্ড, মাজৰ ২মিনিট ৩০ চেকেণ্ড আৰু ২ মিনিট ১৬ চেকেণ্ড কাটি সংযোগ কৰি ভাইৰেল ক্লিপটো প্ৰস্তু কৰা হৈছে। সম্পূৰ্ণ মন্তব্যটো তলত শুনিবলৈ পাব।
একেটা মন্তব্য আমি আন এটা ইউটিউৱ চেনেলতো লাভ কৰিলোঁ। ইয়াত চাব পাৰিব।
বিষয়টোৰ অধিক অনুসন্ধান কৰি আমি সেই সময়ত প্ৰকাশ হোৱা একাধিক বাতৰি লাভ কৰিলোঁ। আজটকত আমি পঢ়িবলৈ পালোঁ যে শিৱকুমাৰ স্বামীক ভাৰতৰত্ন প্ৰদান নকৰাক লৈ মল্লিকাৰ্জুন খাৰ্গেই প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ এইক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে।

ইয়াৰ উপৰিও ইণ্ডিয়া টিভিৰ বাতৰিতো শিৱকুমাৰ স্বামীক ভাৰতৰত্ন প্ৰদান নকৰাক লৈ খাৰ্গেই প্ৰকাশ কৰা অসন্তুষ্টিৰ লগতে অন্য কেইগৰাকীমান ব্যক্তিকো ভাৰতৰত্ন প্ৰদান নকৰাক লৈ একাংশই প্ৰকাশ কৰা অসন্তুষ্টিৰ কথা পোৱা গ’ল। ইয়াতো খাৰ্গেৰ মূল মন্তব্যটো ব্যৱহাৰ কৰা হৈছে।

ইয়াৰ পৰাই নিশ্চিত হয় যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দুখ প্ৰকাশ কৰা বুলি প্ৰচাৰ কৰা ভিডিঅ’ ক্লিপটো সম্পাদিত আৰু বিভ্ৰান্তিকৰ। প্ৰকৃততে খাৰ্গেই ড০ শিৱকুমাৰ স্বামীক ভাৰতৰত্ন প্ৰদান নকৰাকলৈহে অসন্তুষ্টি প্ৰকাশ কৰিছিল, ভূপেন হাজৰিকাক প্ৰদান কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰা নাছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। প্ৰকৃততে খাৰ্গেই ড০ শিৱকুমাৰ স্বামীক ভাৰতৰত্ন প্ৰদান নকৰাকলৈহে অসন্তুষ্টি প্ৰকাশ কৰিছিল, ভূপেন হাজৰিকাক প্ৰদান কৰাক লৈ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মল্লিকাৰ্জুন খাৰ্গেৰ মূল মন্তব্যক সম্পাদনা কৰি অন্য অৰ্থ প্ৰকাশ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading
