
শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মলহোত্ৰাক পাকিস্তানী নাগৰিকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ লগতে অবিৰত যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চাৰিদিনীয়া আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ লগে লগে ২৬ মে’ সোমবাৰে জ্যোতি মালহোত্ৰাক হিছাৰৰ আদালতত হাজিৰ কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে জ্যোতি মলহোত্ৰাৰ দুখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটো দুখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি ধৰা পৰা হাৰিয়ানাৰ জ্যোতি মালহোত্ৰাই ইটালীয়ান বাৰ ডেন্সাৰ ছোনিয়া মাইনুৰ পুতেক ৰাহুল খান আৰু কং*গ্ৰেছক যে বহুত ভাল পায় এয়া ফটোটোৱে প্ৰমাণ কৰিছে ….
ঘটি যোৱা ঘটনাক্রমবোৰ কাকতালীয় সংযোগ নে প্ৰয়োগ আছিল বাৰু
Qu.1:- প্ৰতিজন দেশদ্রোহী বা দেশবিৰোধীৰ ৰাহুলৰ প্ৰতি প্ৰেম ন্যায্য ৰ্কিয় ?
Qu.2:-দেশত ঘটি থকা প্ৰতিটো অস্থিৰতাৰ মাষ্টাৰমাইণ্ড ৰাহুলেই নেকি?
ভাৰতৰ প্ৰতিজন সচেতন নাগৰিক এই কথা জানিব বিচাৰে..”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ফটো দুখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।
প্ৰথম ফটো
প্ৰথম ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ভালেমান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ ২০১৮ চনত প্ৰকাশিত কিছুমান প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখনৰ সৈতে মিল থকা ফটো এখন সংলগ্ন কৰা হৈছিল। কিন্তু ফটোখনৰ মহিলাগৰাকী জ্যোতি মলহোত্ৰা নহয় বৰং ৰায়বৰেলীৰ বিধায়িকা অদিতি সিঙহে।
ৰাহুল গান্ধীৰ সৈতে অদিতি সিঙৰ বিবাহ হ’ব বুলি এটা ভুৱা খবৰ ওলাইছিল ২০১৮ চনত, যিটো দুয়োপক্ষই অস্বীকাৰ কৰিছিল।
আমি দুয়োখন ফটোৰ মাজত তুলনা কৰি জানিব পাৰিলোঁ যে ভাইৰেল ফটোখনত জ্যোতি মলহোত্ৰাৰ মুখখন অদিতি সিঙৰ মূল ফটোখনত সম্পাদনা কৰি যোগ কৰা হৈছে। দুয়োখন ফটোৰ মাজত তুলনা তলত চাব পাৰিব।
দ্বিতীয় ফটো
একেদৰে “ভাৰত জোড়ো” যাত্ৰাৰ সময়ত কেৰালাত ৰাহুল গান্ধীয়ে সমৰ্থকক লগ পোৱাৰ সময়তে দ্বিতীয় ফটোখন তোলা হৈছিল। ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে নিজেই নিজৰ অফিচিয়েল ফেচবুক পেজত এই কথা শ্বেয়াৰ কৰিছিল।
ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ মাজত তুলনা কৰি আমি জানিব পাৰিলোঁ যে ভাইৰেল ফটোখনত জ্যোতি মলহোত্ৰাৰ মুখখন সম্পাদনা কৰা হৈছে।
ৰাহুল গান্ধীৰ সেই সময়ৰ ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। প্ৰতিবেদনত ৰাহুল গান্ধীয়ে সমৰ্থকৰ সৈতে তোলা ফটোখন সংলগ্ন কৰা হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখনত জ্যোতি মলহোত্ৰাৰ মুখখন সম্পাদনা কৰা হৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। প্ৰথম ফটোখনত ৰাহুল গান্ধীৰ সৈতে ৰায়বৰেলীৰ এগৰাকী ৰাজনৈতিক নেত্ৰী অদিতি সিং আছিল আৰু দ্বিতীয় ফটোখনত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত কেৰালাৰ এগৰাকী সমৰ্থকৰ সৈতে ফটো তুলিছিল। দুয়োখন ফটোত জ্যোতি মলহোত্ৰাৰ মুখখন সম্পাদনা কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ৰাহুল গান্ধীৰ সৈতে ইউটিউবাৰ জ্যোতি মলহোত্ৰাৰ সম্পাদিত ফটো ভাইৰেল।
Written By: Debanjana BaishyaResult: False


