
শেহতীয়াকৈ এক বিশেষ ভিডিঅ’, য’ত হেজাৰ হেজাৰ ক’লা চৰাই আহি আমেৰিকাৰ এখন ৱালমাৰ্টৰ আশে পাশে অৱস্থান কৰা দেখা গৈছে, ফেচবুকত ভাইৰেল হৈ পৰিছে । যি সময়ত ন’ভেল ক’ৰনা ভাইৰাছ সমগ্র বিশ্বতে বিয়পি পৰিছে আৰু লাখ লাখ মানুহৰ ইতিমধ্যে মৃত্যু ঘটিছে, সেই সময়তে এই বিশেষ ভিডিঅ’টো বিভিন্ন দেশত বিভিন্ন ধৰণে শ্বেয়াৰ হৈছে । বহুতে দাবী কৰিছে যে এইয়া পৃথিৱী ধ্বংস হোৱাৰ আগজাননী ।
অসমৰ কিছু লোকেও উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰিছে । সংখা শইকীয়া নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত ভিডিঅ’টো যোৱা ২৬ মে’, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে আৰু তেওঁ লগতে লিখিছে যে ‘ভাৰতত কাকতি ফৰিং, আমেৰিকাত কাউৰী, আচৰিত ঘটনা চাৰিওফালে ঘটিছে’ । তেওঁ শ্বেয়াৰ কৰা অৰিজিনেল ভিডিঅ’টো ‘পেষ্টৰ তেহচিন গুল খান আৰু ছাকাইনা খান’ নামৰ এটা ফেচবুক পে’জৰ পৰা আপলোড কৰা হৈছে আৰু এতিয়ালৈকে ২০ লাখতকৈ অধিকবাৰ দৰ্শন কৰা হৈছে । উক্ত ভিডিঅ’টো অসমৰ আন কিছু লোকেও শ্বেয়াৰ কৰিছে ।


এই ভিডিঅ’টো অসমৰ হোৱাটচ এপ্পটো শ্বেয়াৰ হৈছে যিহেতু অসমৰ এজন হোৱাটচ এপ্প ইউজাৰে এই বিষয়ে আমাৰ সৈতে যোগাযোগ কৰিছিল ।

সঁচাকৈ ন’ভেল ক’ৰনা ভাইৰাছৰ আতংকৰ সময়তে ভাৰতত কাকতি ফৰিং ওলোৱাৰ দৰে আমেৰিকাত হেজাৰ হেজাৰ কাউৰী ওলাইছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টো বিভিন্ন সময়ত বিভিন্ন ধৰণে শ্বেয়াৰ কৰা হৈছে আৰু এইটো শেহতীয়া ভিডিঅ’ নহয় ।
ইয়াৰ পাছত আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু ‘ভাইৰেল হগ’ নামৰ ভিডিঅ’ এজেঞ্চি এটাৰ ইউটিউব চেনেল এটাৰ পৰা উক্ত ভিডিঅ’টো এপ্ৰিল ১৭, ২০২০ তাৰিখে আপলোড কৰা দেখিলোঁ । উক্ত ভিডিঅ’টোৰ বিৱৰণত স্পষ্টকৈ লিখা আছে যে ভিডিঅ’টো ডিচেম্বৰ ৬, ২০১৬ তাৰিখৰ হয় আৰু ঘটনাটো আমেৰিকাৰ ‘টেক্সাছ’ নামৰ ঠাইত ঘটিছিল ।


কীৱৰ্ডছ চাৰ্ছৰ ফলত আমি এই বিষয়ে yahooৰ এক ৱেবচাইটত এপ্ৰিল ২২, ২০২০ তাৰিখে এটা লিখনি উক্ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰিনশ্বটৰ সম্বলিতে প্ৰকাশ হোৱা দেখিলোঁ য’ত শিৰোনামাত উল্লেখ আছে যে ২০১৬ চনৰ ভিডিঅ’ এটা শেহতীয়া ঘটনা বুলি প্ৰচাৰ কৰা হৈছে । ( লিখিনিটো স্পেনিছ ভাষাত আছে, গুগলৰ সহায়ত ইংৰাজীলৈ অনলাইন অনুবাদ কৰিব পাৰি)

ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো বৰ্তমানৰ নহয় বৰঞ্চ ২০১৬ চনৰ হয় আৰু শেহতীয়া ক’ৰনা ভাইৰাছৰ কাৰণে উদ্ভৱ হোৱা পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই ।

Title:ক’ৰনা ভাইৰাছৰ আতংকৰ সময়তে আমেৰিকাত হেজাৰ হেজাৰ কাউৰী ওলাইছে নেকি?
Fact Check By: Manjori BorkotokyResult: False