
শেহতীয়াকৈ ভাৰতৰ উত্তৰাখণ্ড নামৰ ৰাজ্যখনত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি বহুতো ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । নিউজ ৱেবচাইট বোৰতও এই বিষয়ে বিভিন্ন ফটো সম্বলিত বাতৰি প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে ‘আমফানৰ’ পাছত এইবাৰ উত্তৰাখণ্ডৰ বনজুইয়ে দেশত আতংকৰ সৃষ্টি কৰিছে আৰু বহু হেক্টৰ জংঘল ইতিমধ্যে ভস্মীভূত হৈছে । উক্ত বনজুইৰ ফটো বুলি বিভিন্ন হৃদয় বিদাৰক ফটো ফেচবুক আৰু বিভিন্ন নিউজ ৰিপৰ্টৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ।
‘অসমীয়া য়ুবা’ নামৰ ফেচবুক পে’জটোত উত্তৰাখণ্ডৰ বনজুইৰ ফটো বুলি দাবী কৰি বিভিন্ন ফটো এক পোষ্টত আপলোড কৰা হৈছে আৰু, “জ্বলিছে উত্তৰাখণ্ড !
আমফানৰ পিছত এয়া বনজুই .. !
দেশত আমফানৰ তান্ডব মাৰ নাযাওঁতেই উত্তৰাখণ্ডৰ জঙ্ঘলত বনজুই, ভস্মীভূত সমগ্ৰ জঙ্ঘল , প্রায় ৫-৬ হেক্টৰ জঙ্ঘল বনজুইৰ কৱলত, বতাহে জুই বিয়পাইছে আৰু তীব্ৰ গতিত।
এতিয়ালৈ ৪৬ বাৰ বনজুই ৰেকৰ্ড কৰা হৈছে উত্তৰাখণ্ডত, যি ৫১.৩৪ হেক্টৰ জংঘল ভস্মীভূত কৰিছে।
উত্তৰাখণ্ডত ৭১.০৫ % অংশ জঙ্ঘল , দুর্লভ গছ গছনি , Herbs পোৱা যায়, দেশৰ অধাতকৈ বেছি প্রজাতিৰ চৰাই উত্তৰাখণ্ডত পোৱা যায়।
হে প্রভু, আৰু কিমান দুৰ্যোগৰ সম্মুখীন হ’ব লাগিব????? …‼” বুলি লিখা হৈছে । এই পোষ্টটো ২৪ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু এতিয়ালৈকে ৪৭০ বাৰ শ্বেয়াৰ কৰা হৈছে ।
সঁচাকৈ উত্তৰাখণ্ডত ভয়াবহ বনজুইয়ে বহু হেক্টৰ জংঘল ভস্মীভূত কৰিছে নেকি? এই ভাইৰেল ফটোবোৰ সেই বনজুইৰ হয় নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত স্পষ্ট কৰিছে যে উত্তৰাখণ্ড জ্বলি উঠা নাই আৰু বনজুই ইমান ব্যাপক ভাৱে বিয়পা নাই । ছচিয়েল মিডিয়াত ভুৱা বাতৰি বিয়পোৱা হৈছে । তেওঁ লগতে উল্লেখ কৰিছে যে পুৰণি উত্তৰাখণ্ডৰ লগত সম্পৰ্ক নথকা ফটো কিছুমানও উত্তৰাখণ্ডৰ বনজুই বুলি প্ৰচাৰ কৰা হৈছে ।
ইয়াৰ পাছত আমি এখন ভাইৰেল বনজুইৰ ফটো গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে এবিপি নিউজৰ এক বাতৰিত উক্ত ফটোখন এপ্ৰিল ২০১৬ত প্ৰকাশ পাইছিল । ফটোখনৰ ক্ৰেডিট ‘অনুপ শ্বাহ ফটোগ্ৰাফিক’ দিয়া হৈছিল । আমি ফেচবুকত অনুপ শ্বাহৰ প্ৰফাইলটো বিচাৰি উলিয়ালোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন তেওঁ ২৮ এপ্ৰিল, ২০১৬ চনত আপলোড কৰিছিল ।
আমি আৰু দেখিবলৈ পালোঁ যে এই বিষয়ে পিআইবি উত্তৰাখণ্ডৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এক টুইট কৰা হৈছে য’ত স্পষ্ট কৰা হৈছে যে বনজুইৰ ভাইৰেল ফটোবোৰ পুৰণি হয় আৰু কিছু আন দেশৰ হয়, উত্তৰাখণ্ডৰ লগত কোনো সম্পৰ্ক নাই ।
আমি আৰু জানিব পাৰিলোঁ যে এই ভুৱা বাতৰি বিয়পোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে উত্তৰাখণ্ড আৰক্ষী বিভাগে এক গোচৰ ৰুজু কৰিছে ।
ফলাফল
উত্তৰাখণ্ডত বনজুইয়ে ভয়াবহ ৰূপ লোৱা নাই । ভাইৰেল ফটোবোৰ পুৰণি হয় আৰু কিছু ফটো আন দেশৰ হয় । উক্ত বনজুইৰ ফটো বুলি বিভিন্ন হৃদয় বিদাৰক ফটো ফেচবুক আৰু বিভিন্ন নিউজ ৰিপৰ্টৰ জৰিয়তে ভাইৰেল হোৱাৰ ফলত জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি হৈছে ।

Title:উত্তৰাখণ্ডত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি পুৰণি ফটো ভাইৰেল হৈছে!
Fact Check By: Manjori BorkotokyResult: False