Arma3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdQsHNFyipZPbeIuc1WDHDZo_qLmVJOU6D2lXJ0I0jIxcueDXJ5aQtduQNKXk4a5FbvVCupuJNoUl2KSDpyvhqVTHIJTSjjdakAk6i_KFuqXVOa5FO3rZ627GDhN9PFx5U6SWT8oA?key=5vtmZgwhjZEfPIshfW1SFA

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfEA5ayS4aceDEOVipCVTn1m0KQaWdc_M5KUZNSotJD1yq7Ah-3FeJYHzsBaMbKUmYa5EHuvZ1vZzIkSGMWYDafgGKK29dy_ebeLTrtJJ4DJRPbykP6y-WFYgRyJ8N7I-ffFbtPdQ?key=5vtmZgwhjZEfPIshfW1SFA

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdljM0QjX7kDksVbgma-f-2CIEJxo0hOaDgbnuaLFQikGSYaMS0rEDG1gVZ49uLv--Ghfn9zXjoYbFQ2K1LFk5m5Y6R5c1o_T8c5DQGtAJ8qmviiuU_md8wsCpMeCZpoxGzKG_sHg?key=5vtmZgwhjZEfPIshfW1SFA

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। চলিত মাহৰ ৯ মে’ত PIB fact check ৰ এক্স হেণ্ডেলত এই ভিডিঅ’টোৰে সৈতে এটা টুইট পালোঁ। সেই টুইটটোত কোৱা হৈছে যে এই ভিডিঅ’টো বিগত তিনি বছৰ ধৰি ইণ্টাৰনেটত উপলব্ধ হৈ আছে। লগতে এইটো যে সাম্প্ৰতিক ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই, সেই কথা উল্লেখ কৰি মূল ভিডিঅ’টোৰ লিংকটোও দিয়া হৈছে।

আমি সন্ধান কৰি লাভ কৰিলোঁ যে ২০২২ চনৰ ১৯ ফেব্ৰুৱাৰীত “Massive Artillery fire at Night – MLRS – Barrage – Military Simulation – ArmA 3. কেপচনেৰে সেই ভিডিঅ’টো Compared Comparison নামৰ ভেৰিফাইড ইউটিউৱ চেনেলটোত আপলোড কৰা হৈছে। 

 

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে পাকিস্তানৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে Arma 3 নামৰ এটা চিমুলেছন গেমৰ ভিডিঅ’হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে পাকিস্তানৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে Arma 3 নামৰ এটা চিমুলেছন গেমৰ ভিডিঅ’হে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:Arma3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *