
ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই এটি হিন্দী গীতত নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “দিল্লীৰ নতুন মুখ্যমন্ত্ৰী জনীৰ মুঝৰা নাচ চাই আপ্লুত হ’লো”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এই ভিডিঅ’টো ২০২৫ চনৰ ১২ জানুৱাৰীত “boldmeeraswag” নামৰ এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইলত আপলোড কৰা দেখিলোঁ।
এই ইনষ্টাগ্ৰাম প্ৰ’ফাইলটোত একেগৰাকী মহিলাৰ কেইবাটাও ভিডিঅ’ আমি পালোঁ।
পুনৰ অনুসন্ধান কৰি আমি আমি একেগৰাকী মহিলাৰ ফেচবুক প্ৰ’ফাইলো পালোঁ আৰু তাতো এনেধৰণৰ বিভিন্ন ভিডিঅ’ দেখিলোঁ।
একেগৰাকী মহিলাৰ ইউটিউব চেনেলটোও আমি পালোঁ য’ত বহুতো ভিডিঅ’ আপলোড কৰা হৈছে।
মহিলাগৰাকীৰ ফটো আৰু দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ফটোৰ মাজত তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত নৃত্যৰত মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয় বৰং এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হিন্দী গীতত নৃত্য কৰি থকা এই মহিলাগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।
Fact Check By: Debanjana BaishyaResult: False
