FACT CHECK: প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

False Political

এগৰাকী মহিলাৰ সমুখত প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা এখন ফটো বিভিন্ন ভাষাত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী উদ্যোগপতি গৌতম আডানিৰ পত্নী । 

আব্দুল হাছিব নামৰ এঝন ফেচবুক ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা পোষ্ট কৰিছে আৰু ফটোখন শ্বেয়াৰ কৰি লিখিছে “এই ফটোত দেখা মহিলাজনী গুজৰাটী ব্যৱসায়ী আদানি”ৰ পত্নী,,,, আৰু হাত জোৰ কৰা জন আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী,,,, !!!!!!” 

Adani fb.png

Original Link- Facebook | Archived Link

১৮ ডিচেম্বৰ ২০২০ দিনৰ ১:৩০ বজাত কৰা পোষ্টটো ১৮৬ বাৰ শ্বেয়াৰ কৰা হৈছে ।

ফটোখন হোৱাটছএপত ভাইৰেল হৈ পৰিছে ।

Adani whatsapp.png

Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে সেই মহিলাগৰাকী আডানিৰ পত্নী নহয়, তেখেত এগৰাকী সমাজকৰ্মীহে । 

সত্যতা নিৰূপন পদ্ধতি

উদ্যোগপতি গৌতম আডানিৰ পত্নী তথা আডানি ফাউণ্ডেশ্বনৰ অধ্যক্ষা প্ৰীতি আডানিক আগতেও এনেকুৱা ভূৱা পোষ্টত সাঙুৰি লোৱা হৈছিল। ফেক্ট ক্ৰেছেণ্ডো আছামিজে আগতেও তেনেকুৱা এটা দাবীৰ সত্যতা নিৰূপন কৰিছিল। 

আমি প্ৰথমে প্ৰীতি আডানিৰ নামটোৰে গুগল ছাৰ্চ কৰি চালো আৰু দেখিলো যে পোষ্টটোৰ ফটোত থকা মহিলাগৰাকী আৰু প্ৰীতি আদানিৰ মাজত কোনো মিলেই নাই। 

Adani google.png

Search Link- Google

তাৰ পিছত আমি ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু এটা প্ৰৱন্ধ পঢ়িবলৈ পালো যত লিখা হৈছিল যে সেই মহিলাগৰাকী হৈছে সমাজকৰ্মী দীপিকা মণ্ডল । Original Link- Amar Ujala | Archived Link

আমি লগতে দীপিকাৰ এটা ভিডিঅ’ সাক্ষাতকাৰো পালো য’ত তেওঁ উল্লেখ কৰিছে যে তেওঁ যিকোনো চেলিব্ৰেটিৰ সৈতে দেখা সাক্ষাত হলেই তেখেতৰ সৈতে এখন ফটো তোলে। কাৰণ তেওঁ স্বামী ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী অফিচিয়েল ফটোগ্ৰাফাৰ। 

তেওঁ দীব্যজ্যোতি কালছাৰ অৰ্গেনাইজেশ্বন এণ্ড ৱেলফেয়াৰ ছোচাইটি নামৰ সংস্থাটোৰ মুৰব্বী হিচাপে কাম কৰে। আমি সংস্থাটোৰ ৱেবচাইট পৰীক্ষা কৰি সেই কথা নিশ্চিত হলো। 

https://www.ngofoundation.in/ngo-directory/divyajyoti-cultural-organisation-and-social-welfare-society-society-in-delhi-delhi_i38639

Archived Link

আমি তেওঁৰ স্বামী সমৰ মণ্ডলৰ সৈতে কথা পাতিছিলো। তেওঁ কৈছে “আমি দেখা পাইছো যে অমৰ উজালাত মোৰ পত্নী দীপিকা মণ্ডল আৰু প্ৰধানমন্ত্ৰী মোডীৰ এখন ফটো এক ইতিবাচক খবৰৰ সৈতে প্ৰকাশ কৰা হৈছিল। সেই ফটোখনকে বিভ্ৰান্তিকৰভাৱে আৰু মিছাকৈ উদ্দেশ্য প্ৰনোদিতভাৱে বিভিন্নজনে ব্যৱহাৰ কৰা আমাৰ নজৰলৈ আহিছে। এই সমগ্ৰ ঘটনাটোক লৈ আমি যঠেষ্ট দু:খ পাইছো!”

ফলাফল

প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা মহিলাগৰাকী সমাজকৰ্মী দীপিকাহে, উদ্যোগপতি গৌতম আডানিৰ পত্নী তথা আডানি ফাউণ্ডেশ্বনৰ অধ্যক্ষা প্ৰীতি আডানি নহয়।

Avatar

Title:প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *