আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে যোৱা ৪ ফেব্ৰুৱাৰী ২০২৫ত আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক বিতাড়ন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি কৰিছে। দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বিতাড়িত ভাৰতীয়সকলৰ। ইতিমধ্যে তেনেকুৱা একাধিক ফটো আৰু ভিডিঅ”ৰ সত্যতা নিৰূপণ আমি কৰিছো। 

যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত দুখন ফটো আপলোড কৰি এটা পোষ্ট কৰা হৈছিল। তাৰে এখন ফটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আৰু আনখন ফটোত কেইগৰাকীমান ব্যক্তিক এখন বিমানত উঠিবলৈ যোৱা দেখা গৈছে। সেই দ্বিতীয় ফটোখনত আমেৰিকাৰ পৰা বিতাড়িত একাংশ ভাৰতীয় লোকক দেখা গৈছে বুলি দাবী কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXegWYMM_us1oSowVp6gdEI3VMzlpQ0JCn35NQjK8P-RwysTdOy22iYfO1nb7OSEFO8w6egZyIo5s35xvZ4fQxVLfoJlK-7ZcyOP01dP7Pg10cd4b13n4XkdxDX0QBEWOUpQItV4Pw?key=EwpPZxsS13sK_oQl1XG-8Oft

পোষ্টটোত লিখিছে এইদৰেঃ- শিকলীৰে বান্ধি ভাৰতলৈ প্ৰেৰণ…অবৈধভাৱে প্ৰৱেশ কৰা ২০০ ভাৰতীয় লোকক দুধৰ্ষ অপৰাধীৰ দৰে উভতাই পঠোৱা কাণ্ডৰ ব্যাপক প্ৰতিক্ৰিয়া। আমেৰিকাই কেইবাহাজাৰ ভাৰতীয় লোকক ভাৰতলৈ উভতাই পঠাবলৈ লোৱা সিদ্ধান্তৰ মিশ্ৰিত প্ৰতিক্ৰিয়া।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfnn-a4V3tQGkX3k_nuUl7Bh0UBdx40mZ75b5o_5S_k5zV85cHRAOHUY20JcBbw9ZdE1Hh8HwRo8COP2-2qfFGgyt7ZrRFOF7qvREi6DuXBF-mWmrNvWafCyaaOm6g0vo7xtDrB?key=EwpPZxsS13sK_oQl1XG-8Oft

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া ফটোখন সংলগ্ন কেইবাটাও লিংক লাভ কৰিলোঁ। গ্লোবেল নিউজে যোৱা ২৫ জানুৱাৰী ২০২৫ অৰ্থাত ভাৰতীয়সকলক বিতাড়ন কৰাৰ প্ৰায় ১০দিন পূৰ্বেই আমেৰিকাই নথিপত্ৰহীন বিদেশী নাগৰিকক বিতাৰণ কৰা সম্পৰ্কত পৰিবেশন কৰা এটা ভিডিঅ’ বাতৰিত সেই ফটোখন ব্যৱহাৰ কৰা দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdHkwjLOOO3l0yKYJZJmoB3BpscI9DhISzu0UfhIFvmNxfHeMVTsyHK2y2FHh6W8-OHJ_8k3g_j4OZB3iD9A8uIhnnqrJwUOSZHZwn3PYx-X_Nr-mJvnAFRe0ouhBeop2macFMB5g?key=EwpPZxsS13sK_oQl1XG-8Oft

তদুপৰি ২৬ জানুৱাৰী ২০২৫ত লাইভ নিউজ টুৱেণ্টি ফৌৰে আমেৰিকাই আৰম্ভ কৰা সেই বিতাড়নৰ ক্ষেত্ৰত মেক্সিকোৰ স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত পৰিবেশন কৰা এক বাতৰিতো সেইখন ফটো ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcZMrEnKdhHFut-qNPK4yASK2_MHSvgQEW2F4OPzpw4L07wLhHV2LSFcmdDilXEysl1Yqk-1Vptr3Al-iHGGkNizrJMMp_Aq-gGZaCBhwNE-Og-_NPCq1I3HX4yhhGpLR2hRpPiMA?key=EwpPZxsS13sK_oQl1XG-8Oft

ইয়াৰ পাছৰ অনুসন্ধানত আমি এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ। তাত ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত অবৈধ বিদেশী বিতাড়ন সন্দৰ্ভত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ কৰা বিষয়টো লিখা হৈছিল। সেই পোষ্টটো ২৫জানুৱাৰী ২০২৫ত কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXegRj0-TTpwFM_czngH5jX9JCX6zCMfDtu0R1IuI5pyEYFGCsygQ-Jvem4nJfLI7sxXwnig5n2fMNwOmRbUExHRPtQM8uQuZZkZ0KhrHGvATM2MVMZAK1ARlE2JzikgIspzu23Lig?key=EwpPZxsS13sK_oQl1XG-8Oft

সেই পোষ্টটোৰ আঁত ধৰি আমি সেই ফটোখনৰ মূলটো বিচাৰি চালোঁ। তেতিয়া ২৪ জানুৱাৰী ২০২৫ত হোৱাইট হাউচৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা সেই ফটোখন প্ৰথম প্ৰচাৰ কৰা বুলি জানিব পাৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfIwnTpqxUaHb8LT6arTMXaOb2TAyBTJcXwWgE9GQme8ecednlxiEeb9I7TCAX7oWwrvLcgLPeTe6qpcEKMPfC7Wkyqfoy-Kjr0Yu6NyBFj0uqw7i_Fg8MQUg9-X7HbIvZN2UNwgA?key=EwpPZxsS13sK_oQl1XG-8Oft

ইয়াৰ পৰায়ে আমি নিশ্চিত হৈছোঁ যে সেই ফটোখন বিতাড়িত ভাৰতীয় লোকৰ ফটো নহয়। কাৰণ ফটোখন বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তেই তোলা আৰু প্ৰচাৰ কৰা হৈছিল। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ বিতাড়ন প্ৰক্ৰিয়াত গুৱাটেমালা, কলম্বিয়া আদি দেশৰ নাগৰিকক বিতাড়ন কৰা আৰম্ভ কৰিছিল আমেৰিকাই। ইয়াৰ প্ৰায় ১০/১২দিন পাছতহে ভাৰতীয় লোকক বিতাড়ন কৰি পঠিয়াইছিল। গতিকে সেই ফটোখন ভাৰতীয় লোকৰ হোৱাৰ কোনো সম্ভাৱনা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফটোখনত বিতাড়িত ভাৰতীয় লোকক দেখা যোৱা নাই। সেইসকল অন্য দেশৰহে নাগৰিক, যাক প্ৰথম পৰ্যায়ৰ বিতাড়ন প্ৰক্ৰিয়াতেই এইদৰে বিমানেৰে নিজ দেশলৈ পঠিয়াই দিয়াৰ দিহা কৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *