উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

Insight Social

পাতনি

চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য দিশৰ লগতে বিশেষকৈ অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে “দ্বিতীয় ৰাজধানী”ৰ পদক্ষেপটোৱে ৰাজনৈতিকভাৱেও কেনেদৰে প্ৰভাৱ বিস্তাৰ  কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ তাৎপৰ্য্য কি সেই বিষয়েও এবাৰ চকু ফুৰাও আহক। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই ঘোষণা আপোনালোকে ইয়াত চাব পাৰিব। 

ডিব্ৰুগড়তেই কিয় দ্বিতীয় ৰাজধানী?

ডিব্ৰুগড়ক প্ৰতিনিধিত্ব কৰি অহা ৰাজনৈতিক নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহা বিজেপিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিভিন্ন ভৌগোলিক আৰু জনগাঁথনিগত গতিশীলতাৰে ক্ষমতা কেন্দ্ৰ স্থাপন কৰিছে। অসমত থকা বিখ্যাত আঞ্চলিক পাৰ্থক্যসমূহৰ ভিতৰত এটা হ’ল উজনি অসম (ব্ৰহ্মপুত্ৰৰ ওপৰ অংশত থকা ৰাজ্যখনৰ পূব অংশ) আৰু নামনি অসম (ব্ৰহ্মপুত্ৰৰ আৰু অধিক তললৈ, যি ৰাজ্যখনৰ সীমান্তৰ দিশে বিস্তৃত হৈ আছে বাংলাদেশৰ সৈতে)। তদুপৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰিও প্ৰধানকৈ বাংলাভাষী থকা বৰাক উপত্যকা আৰু জনজাতীয় সংখ্যাগৰিষ্ঠতাৰে কাৰ্বি আংলং আৰু ডিমা হাচাও। উজনি অসম আৰু নামনি অসম দুয়োখনেই জনগাঁথনিগতভাৱে বৈচিত্ৰ্যপূৰ্ণ হ’লেও উজনিক “খিলঞ্জীয়া অসমীয়া” সংস্কৃতি আৰু পৰিচয়ৰ গুৰুত্বপূৰ্ণ ভূমি হিচাপে চিনাক্ত কৰা হৈছে। আহোম ৰাজ্য আৰু চাহ উদ্যোগ দুয়োটাৰে মুখ্য স্থান আছিল উজনি আৰু দীৰ্ঘদিন ধৰি আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীৰে ষষ্ঠ অনুসূচীৰ অধিনত অনুসূচিত জনজাতি ( ST) মৰ্যাদাৰ দাবীদাৰ হৈ আছে।

ৰাজ্যখনৰ শক্তি কেন্দ্ৰ নামনি অসম গুৱাহাটীত অৱস্থিত আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও গুৱাহাটীৰে বাসিন্দা। গুৱাহাটীৰ পৰা ৪৩৫ কিলোমিটাৰ নিলগৰ ডিব্ৰুগড়ত যোৱা বছৰ গুৱাহাটীৰ বাহিৰত প্ৰথমটো মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন হোৱাৰ বিপৰীতে গুৱাহাটীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰাক উপত্যকাৰ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ শিলচৰত আন এটা “ক্ষুদ্ৰ সচিবালয়” দীৰ্ঘদিন ধৰি কামত আছে। নতুন সচিবালয় স্থাপনৰ উল্লিখিত লক্ষ্য প্ৰশাসনিক বিকেন্দ্ৰীকৰণ হোৱাৰ বিপৰীতে উজনি অসমৰ পৰিবহণ যোগাযোগ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ কেন্দ্ৰ, তথা চাহ, তেল আৰু কয়লা উদ্যোগেৰে আগুৰি থকা ডিব্ৰুগড়ত দ্বিতীয়খন ৰাজধানীৰ ঘোষণাটো সূক্ষ্মভাৱে চালে এক ৰাজনৈতিক পদক্ষেপ বুলিও ক’ব পৰা যায়। .

উজনি অসমৰ এই স্থানক নিৰ্বাচন কৰাৰ অন্য কিছু কাৰণ

অসমীয়া জাতীয়তাবাদী ৰাজনীতিৰ স্নায়ুকেন্দ্ৰ আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বসূৰী দুয়োজন মুখ্যমন্ত্ৰী ক্ৰমে প্ৰয়াত তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালউজনি অসমৰ হোৱাৰ বাবে এই অঞ্চলটো সদায় ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ বিজেপিয়ে মূলতঃ মধ্য আৰু নিম্ন অসম আৰু বৰাক উপত্যকাৰ কিছু অংশত কেন্দ্ৰীভূত হৈ থকা ৰাজ্যখনৰ বাঙালী মূলৰ মুছলমানসকলৰ বিৰোধিতা কৰি ৰাজনীতিৰ গতিবিধি কৰাৰ লগে লগে উজনি অসমৰ চাৰিওফালে ৰাজনৈতিক বাতাবৰণে এক নৱীকৃত তাৎপৰ্য্য লাভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে একাধিকবাৰ দাবী কৰিছে যে জনগাঁথনিগত হেঁচাত তেওঁলোকৰ জনগোষ্ঠীয় সম্প্ৰদায়সমূহ অন্যান্য ভাবুকিৰ সন্মুখীন হৈছে। 

যোৱা বছৰৰ আগষ্ট মাহত নগাঁৱত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাৰ মাজতে অভিযুক্তসকল বাঙালী মুছলমান হোৱা ঘটনাৰ মাজতে শিৱসাগৰৰ স্থানীয় সংগঠনসমূহে সকলো বাংলাদেশীকে সাত দিনৰ ভিতৰত উজনি অসম এৰি যাবলৈ আহ্বান জনাইছিল। যেতিয়া বিধানসভাৰ অধিৱেশনত এই কথা আহিল আৰু বিৰোধী বিধায়কসকলে ৰাজ্যখনৰ ভিতৰতে প্ৰব্ৰজন কৰা লোকসকলৰ সুৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে, তেতিয়া মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা বাঙালী-মুছলমানসকলৰ উজনি অসমলৈ অহা-যোৱা কৰাটোক তীব্ৰ সমালোচনা কৰি বাঙালী-মুছলমানসকলে এই কাৰ্যত জড়িত  বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ ঘোষণা কৰিছিল এইদৰে- ‘য’ত অসমীয়া মানুহে নিবিচাৰে তাত জোৰকৈ নাযাব৷ উজনি অসমৰ ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে গ’লে কোনোধৰণ নিৰাপত্তা দিয়া নহ’ব।’ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা আৰু বিশেষকৈ উজনি অসমৰ জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ এই দিশটো মুখ্যমন্ত্ৰী শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰৰ বৰ্তমানৰ এক বৈশিষ্ট্য হৈ দেখা দিছে।

এই পদক্ষেপৰ অন্য ৰাজনৈতিক কাৰকসমূহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে কয় যে এই অঞ্চলটোত “দ্বিতীয় ৰাজধানী”ৰ স্থাপনৰ বাবে কোনো জনপ্ৰিয় দাবী দেখা যোৱা নাই।  নাম প্ৰকাশত অনিচ্ছুক অধ্যাপকগৰাকীয়ে এইদৰে কয়ঃ- আমি জনসাধাৰণৰ মাজত এনে কোনো আৱেগ লক্ষ্য কৰা নাই আৰু এই সিদ্ধান্তক শেহতীয়া যোৱা বছৰৰ লোকসভা নিৰ্বাচনৰ পাছত এক বিশেষ ৰাজনীতিৰদ্বাৰাহে অধিক প্ৰভাৱিত হোৱা যেন লাগে। উজনি অসমত বিজেপিৰ জনপ্ৰিয়তা কিছু হ্ৰাস পোৱা অনুভুত হৈছে, লগতে মধ্য অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলতো দলটোৱে স্থিতি লোৱাৰ বাবে যথেষ্ট প্ৰচেষ্টা চলাই আহিছে।

ৰাজ্যৰ অন্যতম বৃহৎ প্ৰতিদ্বন্দ্বিতা হিচাপে গণ্য কৰা লোকসভা নিৰ্বাচনত উজনি অসমৰ যোৰহাটৰ পৰা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ জয়লাভক বিৰোধী দলসমূহে অঞ্চলটোত দলটোৱে পুনৰ স্থান দখল কৰাৰ লক্ষণ হিচাপে আঙুলিয়াই দিছে। একে সময়তে ডিব্রুগড়ৰ আসনত প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এক লাখৰো অধিক ভোটত জয়লাভ কৰাৰ পাছতো বিজেপিৰ ভোটৰ অংশ ১০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে৷ উজনি অসমত উপস্থিতি গঢ়ি তোলা কংগ্ৰেছ আৰু নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এক ঐক্যবদ্ধ গোট স্থাপন কৰাৰ প্ৰচেষ্টাও দেখা গৈছে। কংগ্ৰেছ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ডিব্ৰুগড়ত দ্বিতীয়খন ৰাজধানী স্থাপন কৰাটো “এটা আদৰণীয় পদক্ষেপ” বুলি কৈয়ো এই কথা কয় যে উজনি অসমত হেৰুওৱা স্থিতি উদ্ধাৰৰ বাবে মূলতঃ এয়া এক ৰাজনৈতিক প্ৰয়াসহে। শইকীয়াই লগতে কয়, ‘এই ক্ষেত্ৰত চৰকাৰী ধন ৰাজনৈতিক উদ্দেশ্যত ব্যয় কৰা হৈছে। যদিও অধিক শিক্ষানুষ্ঠান স্থাপন আৰু উন্নত স্বাস্থ্যসেৱাৰ দৰে অধিক জৰুৰী সেৱাৰ ইয়াত প্ৰয়োজনীয়তা আছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমতুল্য হোৱাটো ৰাইজে বিচাৰে।

উপসংহাৰ

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধিীন অসম চৰকাৰে গণৰাজ্য দিৱসত অসমৰ দ্বিতীয়খন ৰাজধানী উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰাৰ যি ঘোষণা কৰিছে, সেয়া ৰাজ্যখনৰ উজনি প্ৰান্তৰ বাবে এই উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ দ্বাৰা উজনি অসমৰ এক প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ে সেই প্ৰান্তৰ জনসাধাৰণৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক,সামাজিক, শৈক্ষিক, স্বাস্থ্য কেন্দ্ৰীক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়াব। এইক্ষেত্ৰতৰ বিজেপি চৰকাৰে উজনি অসমৰ সেই প্ৰান্তত নিজৰ স্থিতি অধিক শক্তিশালী কৰি তোলাৰ এক ৰাজনৈতিক অভিপ্ৰায়ৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি বিভিন্নজনে মত পোষণ কৰিছে যদিও ই সামগ্ৰিকভাৱে অঞ্চলটোক লাভান্বিত কৰিব বুলি অনুমান কৰিব পাৰি। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *